• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

3 years ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

3 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

3 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

4 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

5 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

6 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

7 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

8 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

9 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

9 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

10 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল

editor by editor
September 11, 2023
in বিশ্ব, লেখা
0
অভিশপ্ত ১১ ছেপ্টেম্বৰ! আমেৰিকাত ৯৩ খন দেশৰ ৩০০০ হাজাৰৰো অধিক লোক থিতাতে সেইদিনা মৃতদেহ হৈ গৈছিল
0
SHARES
867
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে আমেৰিকাৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, আমেৰিকাৰ ৰাজ পথত মানুহৰ মাংস ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল আমেৰিকাবাসীৰ৷ চকুৰে দেখিও বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহৰ চিৎকাৰ৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা তচনচ হৈ গৈছিল৷

২০০১ চনৰ ১১ ছেপ্টেম্বৰ৷ সেই দিনা আছিল মঙলবাৰ৷ আমেৰিকাৰ বুকুত ভয়াৱহ জঙ্গি হামলাত ক্ষতিগ্ৰস্থ হৈ পৰিছিল নিউৱৰ্কৰ ৱাৰ্ল্ড ট্ৰেড চেন্টাৰ৷ নিমিষতে ধ্বংসস্তুপত পৰিণত হৈছিল হৈছিল টুইন টাৱাৰ্ছ৷ সেই ঘটনাৰ সোমবাৰে ২২বছৰ সম্পূৰ্ণ হ’ল৷ ১৯৪১ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ পূৰ্বে পাৰ্ল হাৰবাৰত আমেৰিকাৰ নৌ বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল জাপানৰ বায়ুসেনাই৷ তাৰপিছতেই ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ হোৱা এই আক্ৰমণ আমেৰিকাৰ ইতিহাসৰ দ্বিতীয় বৃহৎ আক্ৰমণ৷ ইতিহাসৰ পৃষ্ঠাত ‘৯/১১ আক্ৰমণ’ হিচাপে এই দিনটো লিখিত হৈছে৷ ১১ ছেপ্টেম্বৰৰ এই দিনটোক কলা দিন হিচাপেই মানে আমেৰিকাৰ প্ৰতিজন লোকে৷

প্ৰতি বছৰে এই দিনটোত হাজাৰ হাজাৰ মানুহ ৰাস্তালৈ ওলাই আহে৷ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ফুল-মালা-মমবাতি লৈ ৱৰ্ল্ড ট্ৰেড ছেণ্টাৰত হাজিৰ হয়৷ কিন্তু কেনেকৈ এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল? এই ঘটনাৰ নেপথ্যত কোন আছিল? ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত এই আক্ৰমণৰ ঘটনাত জড়িত আছিল অল-কায়দা৷ ঘটনাৰ দিনা পুৱাই নিষিদ্ধ সংগঠন অল কায়দাৰ ১৯ জন সদস্যই বেলেগ বেলেগ বিমানবন্দৰেৰে আমেৰিকাত প্ৰৱেশ কৰিছিল৷ তাৰপিছতেই বন্দুক, বোমা, গোলাবাৰুদ লৈ চাৰিটা দলত ভাগ হৈ চাৰিখন বাণিজ্যিক বিমানৰ ভিতৰত আত্মগোপন কৰি আছিল৷ ৪ টা দুষ্কৃতিকাৰীৰ দলৰ দুটা দলে প্ৰথমে দুখন বিমান লৈ নিউৱৰ্কৰ ৱাৰ্ল্ড ট্ৰেড ছেণ্টাৰৰ ‘টুইন টাৱাৰ্ছ’ত আক্ৰমণ কৰে৷ সেই সময়ত সেই বিশেষ টুইন টাৱাৰ্ছটো বিশ্বৰ ৫টা ওখ অট্টালিকাৰ ভিতৰত এটা আছিল৷ প্ৰথমে বিমানখনে পুৱা ৮ বাজি ৪৬ মিনিটত ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ উত্তৰ মিনাৰৰ ৯৩ মহলাৰ পৰা ৯৯ মহলাত গৈ ধাক্কা মাৰে৷

প্রথম ধাক্কাৰ পাছত ৯বাজি ৩ মিনিটত দ্বিতীয় বিমানখন লৈ আক্ৰমণ কৰে দলটোৱে৷ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দক্ষিণ মিনাৰৰ ৭৭ মহলা আৰু ৮৫ মহলাত আক্ৰমণ কৰে দ্বিতীয়খন বিমানে৷ এই দুয়োখন বিমানত মুঠ ১০টা দুষ্কৃতিকাৰী আছিল৷ দুখন বিমানত মুঠ যাত্ৰী আৰু বিমানত কৰ্মৰত সদস্যৰ সংখ্যা আছিল ১৪৭ জন৷ বিমান দুখনে দুবাৰকৈ চলোৱা আক্ৰমণত নিহত হৈছিল মুঠ ২,৭৬৩ জন ব্যক্তিৰ৷ এই আক্ৰমণৰ দুঘণ্টাৰ ভিতৰতেই ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ বিশেষ টুইন টাৱাৰটো ধুলিৰ সৈতে মিলি যায়৷ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ আৰু এটা ৪৭ মহলীয়া অট্টালিকা ভাঙি পৰে৷ আন দুখন বিমানে আমেৰিকাৰ ৰাজধানী ৱাছিংটনত আক্ৰমণ চলাই৷

তৃতীয় বিমানখনত আছিল পাঁচগৰাকী জঙ্গী৷ যাত্ৰী আৰু বিমানৰ সদস্য মিলি মুঠ ৫৯গৰাকী লোক আছিল তৃতীয়খন বিমানত৷ ৯ বাজি ৩৭ মিনিটত বিমানখনে ধাক্কা মাৰে ভাৰ্জিনিয়াৰ আৰ্লিংটন কাউণ্টিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগত আক্ৰমণ কৰে৷ সেই আক্ৰমণত মুঠ ১৮৯ গৰাকী লোকৰ মৃত্যু হয়৷ চতুৰ্থখন বিমানে আক্ৰমণ চলায় ১০ বাজি ৩ মিনিটত৷ সেই বিমানখনত মুঠ ৪ জন সন্ত্ৰাসবাদী আছিল৷ সেই আক্ৰমণত মৃত্যু হয় ৪০গৰাকী লোকৰ৷ এই ৪ জংগী আক্ৰমণত মুঠ ৯৩ খন দেশৰ প্ৰায় তিনি হাজাৰ মানুহৰ মৃত্যু হৈছিল৷ আহত হৈছিল কেইবাহাজাৰ লোক৷

ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংস হোৱাৰ পাছত আমেৰিকাৰ অৰ্থনীতি আৰু বিশ্বৰ বজাৰত উল্লেখযোগ্য প্ৰভাৱ পৰে৷ প্ৰায় ৭-৮ মাহ ধৰি ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ মেৰামতিতেই সময় পাৰ হয়৷ ইয়াৰ পাছতেই ২০০৬ চনক ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰৰ পুনঃনিৰ্মাণৰ কাম আৰম্ভ হয়৷ ২০১৪ চনত এই চেণ্টাৰ আকৌ জনসাধাৰণৰ বাবে খুলি দিয়া হৈছে৷ ১১ ছেপ্টেম্বৰত নিহতসকলৰ স্মৰণত সেই স্থানত কেইবাটাও স্মৃতিসৌধ নিৰ্মাণ কৰিছে আমেৰিকাই৷ ৯/১১ৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আল-কায়দাই৷ এই আক্ৰমণৰ নেপথ্যত আছিল আল-কায়দা প্ৰধান ওছামা-বিন-লাডেন৷

এই ঘটনাৰ পাছতেই আমেৰিকাই আল-কায়দাৰ নেতা খালিদ শ্বেখ মহম্মদক ২০০৩ চনত পাকিস্তানৰ ৰাৱালপিণ্ডিৰ পৰা গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰৰ পাছত খালিদ শ্বেখ মহম্মদৰ ঠিকনা হৈ পৰে আমেৰিকাৰ গুয়ানতানামো কাৰাগাৰ৷ লাডেনে কিন্তু প্ৰাথমিকভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লোৱা নাছিল৷ ২০০৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ এটা বিশেষ অডিঅ’ কল ভাইৰেল হৈ পৰিছিল বিশ্বত৷ সেই অডিঅ’ত লাডেনে ৯/১১ৰ আক্ৰমণৰ আঁৰত আল-কায়দা সেই কথা স্বীকাৰ কৰিছিল৷ এই আক্ৰমণৰ সৈতে ওছামা বিন লাডেন জড়িত থকাৰ কথাও স্বীকাৰ কৰিছিল৷

আমেৰিকাই কেতিয়াও চৰকাৰীভাৱে ১১ ছেপ্টেম্বৰৰ ঘটনাত লাডেন দায়ী বুলি কোনো বিবৃত্তি প্ৰকাশ নকৰিলে৷ কিন্তু টানজেনিয়াত থকা দাৰ-এছ-ছালাম আৰু কেনিয়াৰ নাইৰোবিত থকা আমেৰিকাৰ দূতবাসত আক্ৰমণ চলোৱাৰ অভিযোগত এফ বি আইৰ মষ্ট ৱাণ্টেড তালিকাত আহে লাডেন৷ ইয়াৰপাছতেই আমেৰিকাই প্ৰায় ১০ বছৰ ধৰি লাডেনক বিচাৰি অভিযান চলায়৷ ২০১১ চনৰ ১ মেত পাকিস্তানৰ এবোটাবাদত আমেৰিকাৰ বিশেষ বাহিনীৰ গুলিত লাডেনক হত্যা কৰা হৈছে বুলি ঘোষণা কৰে আমেৰিকাৰ তৎকালীন প্ৰেছিডেণ্ট বাৰাক ওবামাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

৪ দিনতেই ৫০০ কোটি! শ্বাহৰুখৰ জাৱানে ভাঙিলে কেইবাটাও ৰেকৰ্ড

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

পিতৃৰ সৈতে চুম্বনেই শেষ কৰিছিল কেৰিয়াৰ! বিতৰ্কক লৈ মুখ খুলিছে মহেশ ভাট্টৰ কন্যা পূজা ভাট্টে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.