অসম লাইভ২৪ঃ দক্ষিণী চিনেমাজগতৰ তেওঁ অন্যতম নামজ্বলা তাৰকা৷ বিনোদন জগতত ৰজনীকান্ত, কমল হাছান, নাগাৰ্জুনৰ দৰে ছুপাৰষ্টাৰৰ সৈতে কাম কৰিছে তেঁও৷ শেহতীয়াকৈ বলীউডত প্ৰৱেশ কৰিয়েই প্ৰথমখন হীট ছবি দৰ্শকক উপহাৰ দিছে৷ তেওঁ আন কোনো নহয়৷ তেওঁ দক্ষিণী ছুপাৰষ্টাৰ নয়নতাৰা৷ নয়নতাৰাৰ একটিং স্কীল দেখি সকলোৱে আচৰিত হয়৷ সামান্থা ৰুথ প্ৰভুৰ দৰে তাৰকাইয়ো নয়নতৰাক দেখি অনুপ্ৰাণিত হয়৷ এই কথা নিজেই একাধিকবাৰ সাক্ষাৎকাৰত স্বীকাৰ কৰিছে সামান্থাই৷
দক্ষিণী বিনোদন জগতৰ পৰা সম্প্ৰতি বলীউডত আত্মপ্ৰকাশ কৰিছে নয়নতাৰাই৷ প্ৰথম ছবিয়েই তেওঁ বাদশ্বাহ শ্বাহৰুখৰ সৈতে কৰিছে৷ বিগত ৭ ছেপ্টেম্বৰত মুক্তি পাইছে এটলী পৰিচালিত ছবি জাৱানে৷ জাৱানত নয়নতাৰা আৰু শ্বাহৰুখৰ যুঁটিটোক দৰ্শকে ভালো পাইছে৷ শ্বাহৰুখ-নয়নতাৰাৰ ছবিয়ে বলীউডৰ কেইবাখনো ছবিত ৰেকৰ্ড ভাঙিছে৷ ইমান হীট ছবিত কাম কৰিও কিয় নয়নতাৰাই বলীউডৰ আৰু কাম কৰিবলৈ আগ্ৰহী নহয় বুলি প্ৰকাশ কৰিছে?
জাৱানেই বলীউডৰ প্রথম আৰু শেষ ছবি নয়নতাৰাৰ৷ এটলীৰ জাৱানত শ্বাহৰুখ প্ৰধান চৰিত্ৰ হ’লেও নয়নতাৰা, দীপিকাৰ বিশেষ ৰুল আছে৷ ইয়াৰোপৰি চানা মলহোত্ৰা, প্ৰিয়ামণি আদিয়েও ছবিখনত বিশেষ চৰিত্ৰত আছে৷ জাৱানত মুখ্য নাৰী চৰিত্ৰ ৰূপায়ন কৰিও সুখী নহয় নয়নতাৰা৷ জাৱানত তেওঁক দিয়া চৰিত্ৰটোক লৈ মুঠেও সুখী নহয় নয়নতাৰা৷ ছবিখনৰ বাবে চুক্তিবদ্ধ হওঁতে তেওঁক কোৱা হৈছিল যে তেঁৱেই ছবিখনৰ মুখ্য নায়িকা৷ ছবি মুক্তিৰ পাছত তেওঁ অনুভৱ কৰিলে যে ছবিখনত তেওঁক কোনো কাৰণতে দৰ্শকে মুখ্য অভিনেত্ৰী হিচাপে দেখা নাই৷ তেওঁক উপেক্ষা কৰা হৈছে৷ নয়নতাৰাৰ মতে ছবিখনত দীপিকাক হে বেছি গুৰুত্ব দিয়া হৈছে৷
শ্বাহৰুখৰ গাৰ্লছ গেঙৰো স্ক্ৰিণটাইম নয়নতাৰাতকৈ বেছি৷ সকলো মিলি তেওঁৰ চৰিত্ৰক মুঠেই কম সময় দিয়া হৈছে৷ যি ছবিক নয়নতাৰা আৰু শ্বাহৰুখৰ ছবি বুলি বিজ্ঞাপন দিয়া হৈছিল কিন্তু ছবিখন প্ৰকৃততে দীপিকা আৰু শ্বাহৰুখৰ ছবি হিচাপেহে দৰ্শকে দেখিছে৷ এই ক্ষোভতেই নয়নতাৰাই আৰু বলীউডত কাম কৰিব নিবিচাৰে৷ এটলীৰ ওপৰতো খৰ্গহস্থ হৈছে অভিনেত্ৰী নয়নতাৰা৷ এটলীৰ সৈতেও ভৱিষ্যতে কাম নকৰে নয়নতাৰাই বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ জাৱানৰ সাফল্য উদযাপনৰ অনুষ্ঠানত উপস্থিত নাথাকিল নয়নতাৰা৷ নয়নতাৰা উপস্থিত নথকাত সেইদিনাও শ্বাহৰুখৰ হাতত ধৰি দীপিকাই বিশেষ গীতত নৃত্যও কৰিছিল৷ নয়নতাৰাৰ স্থান বাৰে বাৰে দীপিকাই দখল কৰাটোক লৈ বেছিকৈ খৰ্গহস্থ হৈছে নয়নতাৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ