• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ

ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ

3 years ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

7 minutes ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

43 minutes ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

1 hour ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

3 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

4 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

5 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

6 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

6 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

7 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

8 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

8 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ

editor by editor
October 31, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধৰ দামামা বাজিছে পশ্চিম এছিয়াত। পেলেষ্টাইনী সশস্ত্ৰ বাহিনী হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলেও যুদ্ধ ঘোষণা কৰিছে। সেই যুদ্ধই মঙলবাৰে ২৫ দিনত ভৰি দিলে। যুদ্ধৰ পৰিণতিতেই গাজাত দেখা গৈছে দম দম মৃতদেহ। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ দাবী, ‘ইতিমধ্যে গাজাত প্ৰায় ৮হাজাৰ মানুহৰ মৃত্যু হৈছে। মৃতকসকলৰ ভিতৰত অধিকাংশই শিশু।’

এই যুদ্ধ এতিয়াও পূৰ্ণগতিত। কেতিয়া এই যুদ্ধই ক্ষাম কাটিব তাৰো কোনো নিশ্চয়তা নাই। আমেৰিকাসহ পশ্চিমী দেশসমূহে এই যুদ্ধত ইজৰাইলৰ কাষত ঠিয় দিছে। গাজাত স্থলপথেৰে পোনতে আক্ৰমণ কৰিছিল ইজৰাইলী বাহিনীয়ে। ইজৰাইলী সেনাই জনোৱা অনুসৰি হামাছৰ হাতত বন্দী ইজৰাইলীসকলক মুক্ত কৰোৱাই তেওঁলোকৰ প্ৰাথমিক লক্ষ্য। যুদ্ধত তেওঁলোকৰ জয় নিশ্চিত বুলি দাবী কৰিছে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। হামাছক নিশ্চিহ্ন কৰিলেহে ইজৰাইলী সেনা শান্ত হ’ব বুলি জনাইছে ইজৰাইলী সেনাই। ইজৰাইলী সেনা সম্পূৰ্ণৰূপে আত্মবিশ্বাসী আৰু আশাবাদী। কিন্তু পশ্চিম এছিয়াৰ এই দ্বন্দত ইজৰাইল পেলেষ্টাইন দুয়ো দেশৰ লোকচান হ’লেও লাভাম্বিত হৈছে আন এখন দেশ। কোন দেশ এই যুদ্ধত লাভাম্বিত হৈছে?

পশ্চিম এছিয়াৰ পশ্চিম প্ৰান্তৰ ভূমধ্যসাগৰৰ গাতে লাগি আছে ইজৰাইল আৰু পেলেষ্টাইন। এই দুই দেশৰ পৰা ১৭০০ কিঃমিঃ দূৰত্বত আছে কাটাৰ। এই যুদ্ধত সকলোফালেদি লাভাম্বিত হৈছে কাটাৰ। কিন্তু কেনেকৈ? ইজৰাইল আৰু হামাছৰ দ্বন্দত কেনেকৈ এই দেশৰ লাভ হৈছে? এই দেশৰ সৈতে পশ্চিম এছিয়াৰ দেশত হোৱা সংকটৰ কি সম্পৰ্ক?

বহসংখ্যক যুদ্ধ বিশেষজ্ঞই দাবী কৰা অনুসৰি পশ্চিম এছিয়াৰ দুই দেশক লৈ ডাবল গেম খেলিছে কাটাৰে। তেওঁলোকে প্ৰকাশ্যে হামাছক সমৰ্থন কৰিছে। সময় বুজি তেওঁলোকে বিভিন্ন কুটনৈতিক বিষয়ত ইজৰাইলকো সহায় কৰে। ২০০৭ চনৰ পৰা গাজা ষ্ট্ৰীপ হামাছৰ দখলত আছে। তেওঁলোকে সেই এলেকা পৰিচালিত কৰে। আমেৰিকাসহ পশ্চিমী দেশসমূহে হামাছক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। কাৰণ হামাছে বাৰে বাৰে একে কথাই কৈ আহিছে যে, জেহাদ অবিহনে পেলেষ্টাইনৰ সমস্যাসমূহৰ সমাধান নাই। কোনো আন্তৰ্জাতিক শান্তিচুক্তিতেই বিশ্বাসী নহয় হামাছ। তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকৰ মূল লক্ষ্য হৈছে ইজৰাইলৰ ভূখণ্ড দখল কৰা আৰু তাৰপৰা ইহুদিক আঁতৰাই পঠিওৱা। একাধিকবাৰ হামাছে আক্ৰমণো কৰিছে ইজৰাইলক। এই সকলোবোৰ গতি বিধি লক্ষ্য কৰিয়েই ২০০৭ চনৰ পৰা হামাছক সমৰ্থন কৰিছে কাটাৰে। ২০১২ চনত কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানে প্রথমবাৰৰ বাবে গাজা ভ্ৰমণ কৰিছিল। চহৰখনৰ পুনঃগঠনৰ বাবে কাটাৰৰ ৰাষ্ট্ৰপ্ৰধানে ৪০ লাখ ডলাৰ অৰ্থসাহায্যও প্ৰদান কৰিছিল।

২০১২ চনত ৪০ লাখ ডলাৰ দিয়েই অৰ্থসাহায্য দিয়া বন্ধ কৰা নাই কাটাৰে। কাটাৰৰ পৰা গাজালৈ প্ৰতি তিনিমাহৰ মূৰত সাহায্য আহে। কাটাৰে দাবী কৰে যে, হামাছ কোনো সন্ত্ৰাসবাদী সংগঠন নহয়। তেওঁলোক স্বাধীনতাকামী এক গোট, তেওঁলোকে নিজৰ জন্মভূমিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰিছে। হামাছৰ প্ৰায়সংখ্যক জ্যেষ্ঠ নেতাই গাজাত নাথাকে। ২০১২ চনলৈকে তেওঁলোকৰ জ্যেষ্ঠ নেতাসকল ছিৰিয়াত আছিল। কাটাৰতো তেওঁলোকৰ একাংশ নেতা থাকে। ২০১৯ চনত হামাছৰ এজন শীৰ্ষ নেতাই গাজাৰ পৰা সাময়িকভাৱে বিদেশ ভ্ৰমণলৈ ওলাইছিল। তেতিয়াৰ পৰা সেই শীৰ্ষ নেতা আৰু গাজালৈ উভটি যোৱা নাই। কাটাৰত থাকিয়েই সকলোবোৰ কৰ্মসূচীৰ নিৰ্দেশ প্ৰদান কৰি আছে সেইগৰাকী নেতাইয়ো। অৰ্থাৎ কাটাৰে হামাছক কেৱল অৰ্থসাহায্যই প্ৰদান নকৰে। হামাছক তেওঁলোক অইন কেইবাটাও দিশত সহায় কৰি আহিছে।

হামাছৰ নেতাসকলে কেইবাখনো দেশত বসবাস কৰে। তেওঁলোকে বিদেশৰ পৰাই গাজাক পৰিচালনা কৰি আছে। কাটাৰেও পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক সংকটক লৈ বাৰে বাৰে বুজাবুজি চুক্তি কৰাৰ চেষ্টা কৰি আছে। হামাছেই হওক বা লেবাননৰ হিজবুল্লা নতুবা আফগানিস্তানৰ তালিবান, সকলোৰেই কাটাৰৰ সৈতে সু-সম্পৰ্ক আছে। পশ্চিমী দেশসমূহৰ সৈতে সন্ত্ৰাসবাদী সংগঠনৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰে কাটাৰে। কাটাৰত আমেৰিকাৰ এটা সেনা ঘাটিও আছে। সেই বিশেষ সেনা ঘাটিৰ নাম হৈছে আল উডেড। ২০১৪ চনত আমেৰিকান এক ছাৰ্জেণ্টক তালিবানে নিজৰ কব্জালৈ আনিছিল। সেই সময়ত মধ্যস্থতাকাৰীৰ কাম কৰিছিল কাটাৰে। কাটাৰে তালিবানৰ সৈতে আলোচনাৰ মাধ্যমেৰে আমেৰিকান ছাৰ্জেণ্টক মুকলি কৰি দিয়ে। তাৰ পৰিবৰ্তে আমেৰিকাই তেওঁলোকৰ কাৰাগাৰত আবদ্ধ হৈ থকা ৫গৰাকী তালিবানী সদস্যক মুকলি কৰি দিয়ে। বহু সময়ত কৰি অহা এই সহযোগিতাৰ বাবেই পশ্চিমী দেশসমূহৰ বাবে কাটাৰ হৈছে বিশ্বাসী বন্ধু দেশ।

আমেৰিকাৰো ঘনিষ্ঠ হৈ উঠিছে কাটাৰ। আনহাতে তেওঁলোকেই বিপৰীত অৱস্থানলৈ গৈ সন্ত্ৰাসবাদক সমৰ্থন দিছে। কাটাৰৰ দ্বৈত ভূমিকাত কৌতূহলৰো সৃষ্টি হৈছে। কাটাৰেই সন্ত্ৰাসবাদী সংগঠনক গোপনে সহায় কৰে, অস্ত্ৰ যোগান ধৰে আনহাতে শান্তিৰ কথাও কৈ থাকে। সেয়ে বহুসংখ্যকৰেই দাবী যে ধীৰে ধীৰে সমগ্ৰ বিশ্বৰ ওচৰত নিজকে বিশ্বগুৰু হিচাপে দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে কাটাৰে। কাটাৰৰ দৰে বুজাবুজিৰ বাবে কাম কৰা দেশসমূহৰ যুদ্ধত ব্যাপক লাভ হয়। কাৰণ তেওঁলোকে উভয় পক্ষৰ সৈতে আলোচনা কৰে। ইজৰাইল হামাছৰ যুদ্ধত কাটাৰৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। আমেৰিকা কিংবা আৰৱ দেশসমূহৰ মতে বুজাপৰাৰ বাবে একমাত্ৰ কাটাৰেই সকলোৰে ভৰষা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
Next Post
২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া? জানি থওক শুভ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.