ডিজিটেল ডেস্কঃ যি কাম বলিউদৰ ছুপাৰষ্টাৰে কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱালে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। ধনেই যে সৰ্বস্ব নহয়, সেই বাৰ্তা সকলোকে প্ৰদান কৰিলে আল্লু অৰ্জুনে। ১০কোটিৰ অফাৰ ১মিনিটতে নাকচ কৰি আল্লু অৰ্জুনে যি কাম কৰিলে সেই কামৰ পৰা বহুখিনি শিকিবলগীয়া আছে বলিউদৰ ছুপাৰষ্টাৰসকলে।
যিসময়ত বিভিন্ন গুটখা আৰু সুৰা কোম্পানীৰ হৈ বিজ্ঞাপনত ব্যস্ত বলিউদৰ অভিনেতাসকল। তেনে সময়তে সুৰা-গুটখা কোম্পানীৰ বিজ্ঞাপনৰ বাবে আল্লু অৰ্জুনক প্ৰদান কৰা ১০কোটিৰ বিজ্ঞাপন নাকচ কৰিলে। পুষ্পা-২ এটা সুৰা আৰু গুটখা কোম্পানীয়ে প্ৰদান কৰিব বিচাৰিছিল ১০কোটিৰ এটা বিজ্ঞাপন। কিন্তু আল্লু অৰ্জুনে সেই বিজ্ঞাপন দিয়াৰ বাবে বাধা প্ৰদান কৰে।
আল্লু অৰ্জুনে মতপোষণ কৰে যে, সুৰা-গুটখা কোম্পানীৰ এনে বিজ্ঞাপনে দৰ্শকৰ মাজলৈ বেয়া বাৰ্তা প্ৰদান কৰিব। মই মোৰ দৰ্শকসকলক এনে বাৰ্তা প্ৰদান কৰিব নোৱাৰো। উল্লেখ কৰা প্ৰয়োজন যে, যি সময়ত বলিউদৰ অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ, অক্ষয়ৰ লৈকে সকলো গুটখা প্ৰতিষ্ঠানৰ বিজ্ঞাপনত ব্যস্ত হৈ আছে তেনে সময়ত আল্লু অৰ্জুনে গ্ৰহণ কৰা এই সচেতন সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















