জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ন্যায়ৰ দাবী অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ৰ ভূমিকা, ন্যায় প্ৰক্ৰিয়া আৰু সাক্ষীৰ বক্তব্যক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সিদ্ধাৰ্থ-শ্যামকানুৰ জামিনৰ শুনানিক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে-দেশত উচ্চতম ন্যায়ালয়ৰ ওপৰত কোনো ন্যায়ালয় নাই। সৰ্বোচ্চ ন্যায়ালয়ে যি সিদ্ধান্ত গ্ৰহণ কৰে, সেই সিদ্ধান্ত সকলোৱে মানি ল’ব লাগিব।
জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত বিভিন্ন পক্ষৰ পৰা ন্যায়ালয়ৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটো কোনো ভাল লক্ষণ নহয়। তেওঁৰ মতে, সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ প্ৰশ্ন তোলা মানে ন্যায় ব্যৱস্থাক সন্মান নকৰা।
মুখ্যমন্ত্ৰীয়ে কয় যে এখন গণতান্ত্ৰিক দেশত ন্যায়ালয়ৰ প্ৰতি সন্মান থকাটো অত্যন্ত জৰুৰী। বিশেষকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটো উচিত নহয়। উচ্চতম ন্যায়ালয়ে কোনো বিষয়ত যিয়েই ৰায় নিদিয়ক কিয়, সেই ৰায় মানি ল’ব লাগিব বুলি মন্তব্য কৰে তেওঁ।
‘দেশত উচ্চতম ন্যায়ালয়ৰ ওপৰত একো নাই’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয় হৈছে সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠান। দেশৰ ন্যায় ব্যৱস্থাত ইয়াৰ ওপৰত আন কোনো ন্যায়ালয় নাই। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সকলোৱে সন্মান জনোৱা উচিত। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ ওপৰত কেৱল ৰাইজৰ আদালত থাকিব পাৰে অৰ্থাৎ, ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনোৱাৰ লগতে ৰাইজৰ মতামত আৰু জনমতেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মুখ্যমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰে যে তেওঁ নিজে কোনো মন্তব্য আগবঢ়ালেই উচ্চতম ন্যায়ালয়ে সেই মন্তব্য মানি ল’ব বুলি কোনো কথা নাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ কোৱা কথাবোৰ উচ্চতম ন্যায়ালয়ে শুনিবই লাগিব, তেনে কোনো নিয়ম নাই। কাৰণ উচ্চতম ন্যায়ালয় চৰকাৰৰ অধীনত নহয়। ন্যায়ালয়ৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰৰ কোনো প্ৰত্যক্ষ নিয়ন্ত্ৰণ নাই বুলিও তেওঁ মন্তব্য কৰে।
১৬০গৰাকী সাক্ষীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু সাক্ষীৰ বক্তব্যক লৈও মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে-কোনো সাক্ষীয়ে তেওঁৰ আগত ঘটনাটোক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিলেও আদালতত একে বক্তব্য প্ৰকাশ নকৰিবও পাৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী শিল্পীৰ কথাও উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে সাক্ষীবিলাকে টিভিৰ সন্মুখত এটা কথা কয় আৰু আদালতত আন এটা কয়। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী কৰি সাংস্কৃতিক আন্দোলনৰ নেতৃত্ব দিয়া এগৰাকী শিল্পীয়ে সাক্ষী হিচাপে আদালতত ‘জুবিনৰেই ভুল আছে, তেওঁ ছিংগাপুৰলৈ যাব নালাগিছিল’ বুলিও সাক্ষী দিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। লগতে ‘১৬০গৰাকী সাক্ষীৰ এগৰাকীয়েও অমৃতপ্ৰভাৰ নামেই নললে’ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মতে, তদন্তৰ সময়ত কোনো ব্যক্তিয়ে যি কথা কয়, আদালতত সাক্ষ্য প্ৰদান কৰাৰ সময়ত সেই একে কথা কোৱাটো বাধ্যতামূলক নহয়। আদালতত সাক্ষীয়ে কি বক্তব্য আগবঢ়ায়, সেয়াই ন্যায়িক প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ।
‘চৰকাৰক নহয়, সাক্ষীক বক্তব্য দিবলৈ হেঁচা দিয়ক’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ পৰিৱৰ্তে সাক্ষীসকলক আদালতত নিজৰ বক্তব্য স্পষ্টকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা উচিত। তেওঁৰ মতে, আদালতত সাক্ষীয়ে যদি কোনো অভিযুক্তক দোষী বুলি উল্লেখ নকৰে, তেন্তে চৰকাৰৰ হাতত বিশেষ একো কৰাৰ উপায় নাথাকে। ন্যায়িক প্ৰক্ৰিয়াত সাক্ষীৰ বক্তব্যৰ এক বিশেষ গুৰুত্ব আছে। সেয়ে সাক্ষীসকলে আদালতত সঠিক আৰু স্পষ্ট বক্তব্য আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজনীয়। মুখ্যমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে চৰকাৰে নিজৰ ইচ্ছামতে কোনো ব্যক্তিক দোষী সাব্যস্ত কৰিব নোৱাৰে। আদালতত উপস্থাপন কৰা তথ্য, প্ৰমাণ আৰু সাক্ষীৰ বক্তব্যৰ ভিত্তিতেই ন্যায়িক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সিদ্ধাৰ্থ-শ্যামকানুৰ জামিনৰ শুনানিক লৈ চৰ্চা
সিদ্ধাৰ্থ-শ্যামকানুৰ জামিনৰ শুনানিৰ প্ৰসংগতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যসমূহ বিশেষ চৰ্চালৈ আহিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি ন্যায়ৰ দাবী উত্থাপন হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ বক্তব্যই নতুনকৈ আলোচনাৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনোৱা, সাক্ষীৰ বক্তব্যৰ গুৰুত্ব আৰু চৰকাৰৰ সীমাবদ্ধতাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰখাটো সকলোৰে দায়িত্ব।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমৰ ৰাইজে অব্যাহত ৰখা আন্দোলন আৰু জনমতৰ মাজত মুখ্যমন্ত্ৰীৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। সামগ্ৰিকভাৱে, জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনোৱাৰ ওপৰত জোৰ দিয়াৰ লগতে সাক্ষীসকলৰ আদালতত দিয়া বক্তব্যই ন্যায় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰিছে। সিদ্ধাৰ্থ শ্যামকানুৰ জামিনৰ শুনানিক কেন্দ্ৰ কৰি কৰা এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত নতুন চৰ্চাৰ সূচনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















