আজি ধনতেৰাছ, ইয়াক ধন ত্ৰয়োদেশী বুলিো কোৱা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰাছৰ দিনা প্ৰাৰ্থনা আৰু নীতি -নিয়মৰ লগতে কিছুমান বিশেষ ব্যৱস্থাও কৰা হয়। এই নীতি-নিয়ম মানিলে আৰ্থিক দুৰ্দশা লাঘৱ কৰাৰ লগতে সুখ আৰু সমৃদ্ধি বৃদ্ধি হ’ব পাৰে। ধনতেৰাছত নিমখেৰে কৰক এই কাম আঁতৰিব জীৱনৰ সকলো বাধা!
ধনতেৰাছৰ নিমখৰ প্ৰতিকাৰ
- বাস্তুৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ ধনতেৰাছত নিমখ মিহলি পানীৰে ঘৰটো মচিব লাগে। এনে কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে।
- ধনতেৰাছৰ দিনা ঘৰৰ মূল প্ৰৱেশদ্বাৰত নিমখ মিহলি পানী ছটিয়াই দিব। এনে কৰিলে দুখ আৰু দৰিদ্ৰতা দূৰ কৰাত সহায় কৰে।
- ধনতেৰাছৰ দিনতো দান-বৰঙণিৰ গুৰুত্ব অতি বেছি, সেয়েহে এই দিনটোত নিজৰ আৰ্থিক অৱস্থা অনুযায়ী ধন আৰু খাদ্য দান কৰিব লাগে।
- ধনতেৰাছৰ দিনা নিমখ ক্ৰয় কৰিব লাগে। তেনে কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। ভক্তক আশীৰ্বাদ প্ৰদান কৰে, ঘৰখনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে।
অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















