আজি ধনতেৰাছ। এই দিনটোত কেৱল সামগ্ৰী ক্ৰয় কৰাই নহয়, ঘৰৰ কিছুমান বিশেষ স্থানত চাকি জ্বলোৱাৰো বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। প্ৰচলিত বিশ্বাস অনুসৰি, এই দিনটোত নিৰ্দিষ্ট স্থানত চাকি জ্বলালে ঘৰত ইতিবাচক শক্তিৰ আগমন ঘটে আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ হয়।
ধনতেৰাছৰ দিনা কোন কোন স্থানত জ্বলাব লাগে চাকি?
ঘৰৰ মূল দুৱাৰত জ্বলাওক চাকি
ধৰ্মীয় বিশ্বাস অনুসৰি, ঘৰৰ মূল দুৱাৰ হৈছে দেৱী লক্ষ্মীৰ আগমনৰ পথ। সেয়েহে ধনতেৰাচৰ সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ দুয়োফালে চাকি জ্বলোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰলৈ সুখ-সমৃদ্ধি আৰু সৌভাগ্য আহে বুলি বিশ্বাস কৰা হয়।
তুলসী গছৰ ওচৰত জ্বলাওক চাকি
হিন্দু ধৰ্মত তুলসী গছক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। ধনতেৰাচৰ দিনা সন্ধিয়া তুলসী গছৰ ওচৰত ঘিউ বা তেলেৰে চাকি জ্বলোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। এনে কৰিলে পৰিয়ালৰ সদস্যসকলৰ মংগল হয় আৰু ঘৰত শান্তি বজাই থাকে বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত।
ঘৰৰ পূজাস্থলীত জ্বলাওক চাকি
ধনতেৰাচৰ দিনা ঘৰৰ পূজাস্থলী পৰিষ্কাৰ কৰি দেৱী লক্ষ্মী আৰু ভগৱান ধন্বন্তৰীৰ সন্মুখত চাকি জ্বলাব লাগে। লগতে ধূপ-ধূনা, ফুল আৰু নৈবেদ্য আগবঢ়াই পূজা কৰিব পাৰে। বিশ্বাস অনুসৰি, ইয়াৰ দ্বাৰা পৰিয়ালৰ ওপৰত ঈশ্বৰৰ কৃপা বৰ্তি থাকে।
ঘৰৰ দক্ষিণ দিশত জ্বলাওক চাকি
ধৰ্মীয় পৰম্পৰা অনুসৰি, ধনতেৰাচৰ দিনা ঘৰৰ দক্ষিণ দিশত যমৰ উদ্দেশ্যে চাকি জ্বলোৱাৰ বিশেষ তাৎপৰ্য আছে। ইয়াক ‘যম দীপদান’ বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই চাকি জ্বলালে অকাল মৃত্যুৰ ভয় দূৰ হয় আৰু পৰিয়ালৰ সদস্যসকলৰ দীৰ্ঘায়ু কামনা কৰা হয়।
ঘৰৰ চোতালত জ্বলাওক চাকি
যদি আপোনাৰ ঘৰত চোতাল আছে, তেন্তে ধনতেৰাচৰ সন্ধিয়া চোতালত চাকি জ্বলাব পাৰে। পৰম্পৰাগতভাৱে পোহৰেৰে ঘৰ সজোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ লগতে ঘৰৰ পৰিৱেশো উৎসৱমুখৰ হৈ পৰে।
ধনতেৰাচৰ দিনা চাকি জ্বলোৱাৰ ধৰ্মীয় তাৎপৰ্য
ধনতেৰাচৰ দিনা চাকি জ্বলোৱাটো কেৱল এটা পৰম্পৰা নহয়, ই পোহৰ, ইতিবাচকতা আৰু শুভ শক্তিৰ প্ৰতীক। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, দীপৰ পোহৰে অন্ধকাৰ আৰু নেতিবাচকতাক দূৰ কৰে। সেয়েহে এই দিনটোত ঘৰৰ বিভিন্ন স্থানত চাকি জ্বলাই দেৱী লক্ষ্মীৰ আশীৰ্বাদ কামনা কৰা হয়।
অস্বীকাৰ: ওপৰত উল্লেখ কৰা কথাসমূহ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত আধাৰিত। চাকি জ্বলোৱাৰ ফলত ধন-সম্পত্তি লাভ হোৱাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















