অসম লাইভ২৪ঃ নতুন বছৰত আন এক অভিলেখ গঢ়িবলৈ প্ৰায় সাঁজু ইছৰো। ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ সূৰ্যযান আদিত্য এল-১য়ে আগন্তুক ৬ জানুৱাৰীত নিজৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰিছে ইছৰোৰ দলে। কিন্তু গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে কঠিন পৰীক্ষা দিব লাগিব আদিত্য এল-১য়ে। কিন্তু কেতিয়া এই পৰীক্ষা দিব লাগিব আদিত্য এল-১য়ে? সূৰ্যৰ এল-১ পয়েণ্টৰ চাৰিওফালে থকা অৰবিটত সোমাবৰ বাবে ইছৰোয়ে ৰামধাক্কা দিব আদিত্য এল-১ক। পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ এই মধ্যবৰ্তী পয়েণ্টতেই ডাঙৰ চেলেঞ্জৰ মুখামুখি হ’ব আদিত্য এল-১।
এই মুহূৰ্তত আদিত্য এল-১ য়ে গন্তব্যস্থানত উপস্থিত হোৱাৰ লাষ্ট ষ্টেজত আছে। আৰু কিছুদিন পাছতেই নতুন বছৰৰ আৰম্ভণিতে এই সূৰ্যযান উপস্থিত হ’ব গন্তব্যস্থানত।যিয়ে পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত্বত আছে। বিগত ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা লঞ্চ কৰা হৈছিল ইছৰোৰ আদিত্য এল-১। এই যাত্ৰাপথত একাধিকবাৰ সূৰ্যৰ কক্ষপথৰ পৰা বিচ্যুত হোৱাৰো উপক্ৰম হৈছে যানখন। এটাৰ পাছত এটা কক্ষপথ অতিক্ৰম কৰাটোৱেই ডাঙৰ প্ৰত্যাহ্বান ইছৰোৰ। কিন্তু এই সকলোবোৰতকৈ ডাঙৰ চেলেঞ্জৰ মুখামুখি এইবাৰহে হ’ব ইছৰো।
ফাইনেল ডেষ্টিনেছন পোৱাৰ পূৰ্বে ডাঙৰ পৰীক্ষা দিব লাগিব যানখনে। আদিত্য এল-১য়ে সূৰ্যৰ এল-১ পয়েণ্টৰ চাৰিওফালে থকা অৰবিটত উপস্থিত হ’বলৈকে এই পৰীক্ষা দিব লাগিব। আদিত্য এল-১ ৰ গতিপথ আৰু বেগ সঠিক ৰখাৰ প্ৰকৃত চেলেঞ্জ এতিয়াহে। সূৰ্যৰ এল-১ পয়েণ্টত আদিত্য এল-১ক ষ্টেবল কৰাটোও এটা ডাঙৰ চেলেঞ্জ। প্ৰতি বছৰে ০.২-৪ মিটাৰ প্ৰতি ছেকেণ্ডত যাত্ৰা কৰিব সূৰ্যযানখনে। মহাকাশৰ অন্যান্য বস্তুৰ প্রভাৱ আৰু সৌৰ বিকিৰণৰ দ্বাৰা প্ৰবাহিত চাপক প্ৰতিৰোধ কৰাৰ বাবে এই কৌশলসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে ইছৰোৱে।
উল্লেখ্য যে আদিত্য এল-১ জৰিয়তে ইছৰোৱে সূৰ্যৰ নানান ৰূপ কেমেৰাবন্দী কৰিব পৰা যাব বুলি আশা ৰাখিছে। কেইটামান দিনৰ পূৰ্বেও ৰঙা, নীলা, বেঙুনীয়া, গোলপীয়াসহ ১১টা ফিল্টাৰ যুক্ত সূৰ্যৰ কেইবাটাও ৰঙৰ ছবি পঠিয়াইছিল। ইছৰোৰ এই সূৰ্যযানে বিশেষ টেলিস্কোপেৰে কেমেৰাত লেন্সবন্দী কৰিছিল এখনৰ পাছত আনখন এক্সক্লুছিভ ছবি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















