অসম লাইভ২৪ঃ
বৰ্তমানো হেলথ চিটি হাস্পতালতেই চিকিৎসাধীন হৈ আছে অভিনেতা দ্বীপজ্যোতি কেওট।
এখন বিশেষ চিৰিয়েলৰ শ্বুটিং কৰি থাকোতে শ্বুটিঙস্থলীতেই ঢলি পৰিছিল দ্বীপজ্যোতি কেওট।
তাৰপিছতেই লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় দ্বীপজ্যোতিক।
ইতিমধ্যেই তেওঁৰ এক জটিল অস্ত্ৰোপছাৰো সম্পন্ন হোৱা বুলি জনাইছে হেলথ চিটি কৰ্তৃপক্ষই।
সংকটমুক্ত হোৱাৰ পাছতেই দ্বীপজ্যোতিয়ে এটা দুটাকৈ কথা কোৱা আৰম্ভ কৰা বুলিও জনাইছে হাস্পতাল কৰ্তৃপক্ষই।
ৰাতিপুৱাৰ পৰা তেওঁ হাতৰ বিষ বুলি অনুভৱ কৰিছিল।
দিনৰ প্ৰায় ৩বজাত তেওঁক অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
লগে লগেই জ্যেষ্ঠ চিকিৎসক চন্দ্ৰনাথ শৰ্মাই চিকিৎসা আৰম্ভ কৰে।
চিকিৎসাৰ অন্তত তেওঁ ডাইবেটিছ ৰোগতো আক্ৰান্ত বুলি জনাইছে চিকিৎসকে।
ECG আৰু ECO কৰোৱাত তেওঁৰ অলপ হাৰ্টৰ প্ৰবলেম পোৱা গৈছে।
হাৰ্টত দুটা ব্লক পোৱা গৈছিল বাবেই লগে লগে অস্ত্ৰোপ্ৰচাৰ কৰা হয়।
বৰ্তমান অভিনেতাজন সুস্থ যদিও আইচিউত ৰখা হৈছে।
সুস্থ হ’লেও আগন্তুক ৪৮ ঘণ্টা সংকটমুক্ত নহয় ।
অভিনেতাজনক যথেষ্ট পৰিমানে বিশ্ৰামৰ প্ৰয়োজন বুলিও জনাইছে চিকিৎসকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ