ঘাতক ঘনকান্তৰ বিলাস INNৰ নৰসংহাৰৰ চাঞ্চল্যৰ মাৰ নৌযাওতেই পুনৰ আন এক নৰসংহাৰে কঁপাইছে সমগ্ৰ দেশ। ঘাতকৰ নৃশংসতাৰ ফলত এইবাৰ একেটা পৰিয়ালৰে ৭গৰাকীকৈ সদস্যই প্ৰাণ হেৰুওৱাবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰ পৰিয়ালৰে ৭গৰাকী সদস্যক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন কেব চালকৰ বিৰুদ্ধে। অভিযুক্ত কেব চালকজনৰ নাম ইন্দুশেখৰ। এই ঘটনা সংঘটিত হৈ বেংগালুৰুত। ইতিমধ্যে ৰাজাজিনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ইন্দুশেখৰক।
আৰক্ষীৰ তথ্য অনুসৰি, বিগত ১৫ৰ পৰা ২০ দিনৰ ভিতৰত অভিযুক্তই পৰিকল্পিতভাৱে পৰিয়ালৰ সদস্যসকলক নিজৰ শ্ৰীৰামপুৰস্থিত ভাড়াঘৰলৈ মাতি আনিছিল। অভিযোগ অনুসৰি, ঘৰলৈ অহাৰ পিছত তেওঁ মৰ্টন আৰু পেষ্টেলৰ দৰে সামগ্ৰীৰে মূৰত আঘাত কৰি তেওঁলোকক হ*ত্যা কৰিছিল। হ*ত্যাৰ পিছত মৃ*তদেহসমূহ গাড়ীত ভৰাই নন্দী পাহাৰ আৰু চৰমাদীৰ দৰে জনশূন্য পাহাৰীয়া অঞ্চলত পেলাই দিছিল। তাৰ পিছত ঘৰলৈ উভতি আহি ঘৰটো পৰিষ্কাৰ কৰি পৰৱৰ্তী ভুক্তভোগীক মাতি আনিছিল।
অভিযুক্ত ইন্দুশেখৰৰ এই ভয়ংকৰ হ*ত্যাকাণ্ডৰ বলি হোৱা লোকসকলৰ ভিতৰত আছে তেওঁৰ পত্নী সুনীতা, শাহুৱেক ৰূপৱতী, দুই ভায়েক শিৱকুমাৰ আৰু শংকৰ, ভায়েকৰ পত্নী দিব্যা আৰু নলিনী, লগতে আছে ৭ বছৰীয়া পুত্ৰও।
প্ৰায় ২০ বছৰ পূৰ্বে সুনীতাৰ সৈতে বিৱাহপাশত আবদ্ধ হৈছিল ইন্দুশেখৰ। আৰক্ষীৰ মতে, পত্নী সুনীতাই পিতৃ-মাতৃৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা আৰু পাৰিবাৰিক বিষয়ত তেওঁলোকৰ পক্ষ লোৱাক লৈ অভিযুক্তৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছিল। এই পাৰিবাৰিক সংঘাতৰ পৰিণতিতেই তেওঁ সমগ্ৰ পৰিয়ালটোক হ*ত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উঠিছে।
প্ৰথমে অভিযুক্তই পত্নী সুনীতাক ভাড়াঘৰতে হ*ত্যা কৰে। পৰৱৰ্তী সময়ত মদ্যপানৰ অজুহাতেৰে দুই ভাতৃ শিৱকুমাৰ আৰু শংকৰক ঘৰলৈ মাতি আনি হ*ত্যাৰ অভিযোগ উঠিছে। একেদৰে তেওঁ দুই ভাতৃৰ পত্নী, শাহুৱেক আৰু ৭ বছৰীয়া শিশুটিকো ঘৰলৈ মাতি আনি হ*ত্যা কৰিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ পাইছে।
কেনেকৈ পোহৰলৈ আহিল হ*ত্যাকাণ্ডৰ ৰহস্য?
এই ভয়ংকৰ হ*ত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ অহাৰ আঁৰত আছে নলিনীৰ নিৰুদ্দেশৰ ঘটনা। নলিনী হঠাৎ নিৰুদ্দেশ হোৱাৰ পিছত তেওঁৰ মাতৃয়ে শ্ৰীৰামপুৰ আৰক্ষী থানাত নিৰুদ্দেশ হোৱা ব্যক্তিৰ অভিযোগ দাখিল কৰিছিল। অভিযোগ লাভ কৰাৰ পিছতে ৰাজাজিনগৰ আৰু শ্ৰীৰামপুৰ আৰক্ষীয়ে নলিনীৰ সন্ধান আৰম্ভ কৰে। তদন্তৰ সময়ত আৰক্ষীৰ সন্দেহৰ আৱৰ্তলৈ আহে ইন্দুশেখৰ। আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তই বাৰে বাৰে নিজৰ বক্তব্য সলনি কৰিবলৈ ধৰিছিল।
ইয়াৰ পিছতে আৰক্ষীৰ এটা দলে ভাশ্যাম চক্ৰৰ সমীপত থকা অভিযুক্তৰ ভাড়াঘৰত তালাচী চলায়। ঘৰটো যথেষ্ট পৰিষ্কাৰ কৰি ৰখা হৈছিল যদিও আৰক্ষীয়ে তেজৰ দাগ আৰু হ*ত্যাকাণ্ডৰ সৈতে জড়িত হ’ব পৰা কেইবাটাও সন্দেহজনক তথ্য-প্ৰমাণ লাভ কৰে। কঠোৰ জেৰাৰ অন্তত ইন্দুশেখৰে ৭টা হ*ত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। এই স্বীকাৰোক্তিৰ পিছতে সমগ্ৰ বেংগালুৰুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
নন্দী পাহাৰত উদ্ধাৰ ৭ বছৰীয়া পুনিটৰ মৃ*তদেহ
অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষীৰ দল চিক্কাবল্লাপুৰ জিলাৰ নন্দী পাহাৰত উপস্থিত হয়। প্ৰায় চাৰি ঘণ্টা ধৰি চলোৱা নিবিড় অনুসন্ধানৰ অন্তত পাহাৰৰ জোপোহাৰ মাজৰ পৰা ৭ বছৰীয়া পুনিটৰ মৃ*তদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰ্তমানলৈকে বাকী ছটা মৃ*তদেহ উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে নন্দী পাহাৰ, চৰমাদী আৰু অন্যান্য সন্দেহজনক অঞ্চলত মৃতদেহৰ সন্ধান অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















