অসম লাইভ২৪ঃ টেলিভিছনৰ পবিত্ৰ ৰিস্তা ধাৰাবাহিকৰ মাধ্যমেৰে দৰ্শকৰ নজৰ কাঢ়িবলৈ সক্ষম হৈছিল অংকিতা আৰু সুশান্তৰ যুঁটিয়ে৷ সেই ধাৰাবাহিকৰ মুখ্য অভিনেতা সুশান্তই এই পৃথিৱীৰ পৰা বিদায় মাগিছে৷ পবিত্ৰ ৰিস্তাৰ কাম কৰি থকাৰ সময়তেই সুশান্তৰ প্ৰেমত পৰিছিল অংকিতা৷ কেইবাবছৰ প্ৰেমৰ সম্পৰ্কত থাকে অংকিতা-সুশান্ত৷ অংকিতা, সুশান্তই প্ৰেমৰ সম্পৰ্কত থকাৰ সময়ত দুয়ো লিভ ইনতো আছিল৷ অনুৰাগীসকলেও এই যুঁটিটোক খুবেই ভালপাইছিল৷ কিন্তু সকলোৰে আশাত চেঁচাপানী ঢালি ৭ বছৰীয়া সম্পৰ্কৰ যতি পৰে৷
২০২০ চনত সকলোকে কন্দুৱাই শেষ বিদায় লয় অভিনেতা সুশান্ত সিং ৰাজপুতে৷ তাৰপাছতেই ব্যৱসায়ী ভিকি জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে অংকিতা৷ বিগ বছ-১৭ ৰ ঘৰত ভৰি দিয়াৰ পাছতেই অংকিতা আৰু ভিকিৰ সম্পৰ্ক ভালে নাই৷ নিজৰ সংসাৰ ভাঙোন অহাৰ সময়তে প্ৰাক্তন প্ৰেমিকক সোঁৱৰি এটাৰ পাছত আনটো মন্তব্য কৰিছে অংকিতাই৷ সুশান্তৰ মৃত্যুৰ প্ৰায় চাৰে তিনি বছৰ পাছতো অংকিতাই পাহৰিব পৰা নাই সুশান্তক৷
সৰু পৰ্দাৰ পৰা বলীউডলৈ যাত্ৰা কৰিছিল সুশান্তই৷ অভিষেক কাপূৰৰ ‘কাই পো চে ছবি’ৰ মাধ্যমেৰে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল তেওঁ৷ সেই ছবিৰ প্ৰিমিয়াৰত অংকিতাৰ হাতত ধৰি ৰঙা দলিছাত খোজ কাঢ়িছিল সুশান্তই৷ প্ৰথম ছবিৰ সফলতাৰ পাছত নামজ্বলা প্ৰযোজক সংস্থাৰ পৰা প্ৰস্তাৱো লাভ কৰিছিল সুশান্তই৷ কাম কৰিছিল যশৰাজ ফিল্মছৰ দৰে প্ৰযোজনা সংস্থাৰ সৈতে৷ এটাৰ পাছত আনটো লোভনীয় কাম পায়ো সুশান্তই বাৰে বাৰে কৈছিল, ‘এই মায়ানগৰত, এই জগতত মোৰ দমবন্ধ হৈ যাব কিয় খোজে?’ অংকিতাৰ সন্মুখতো বহুবাৰ এই কথা কৈছিল সুশান্তই৷ অংকিতাই কোৱামতে, সৰু ঠাইত বেছিসময় আৱদ্ধ হৈ থাকিলে বা বন্ধ কোঠাত বহুসময় আৱদ্ধ হৈ থাকিলে অস্বস্তিত ভূগিছিল সুশান্ত৷ এই একেই দাবী কৰিছিল তেওঁৰ অন্য এগৰাকী প্ৰেয়সী ৰিয়া চক্ৰবৰ্তীয়েও৷ সুশান্তৰ এটাৰ পাছত আনটো অজানা কথা বিগ বছ ১৭ ৰ ঘৰত অনৰ্গল কৈ গৈছে অংকিতাই৷ বহুতেই অংকিতাৰ এইসমূহ কথা শুনি কৈছে, ‘দৰ্শকৰ আৱেগ জয় কৰি শ্ব’ জিকিবৰ বাবেই বাৰে বাৰে এই কৌশল অৱলম্বন কৰিছে অংকিতাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ