অসম লাইভ২৪ঃ পুৱাটো ঠিকেই আৰম্ভ হৈছিল। নৱবৰ্ষৰ উলাহতে বগীবিলৰ পাৰত এসাঁজ খাই টিলিঙা মন্দিৰত সেৱা জনাই ঘৰলৈ ঘূৰি আহিম বুলি পিকনিকৰ দলটোও উলাইছিল। কিন্তু বাটত যে এনেকৈ মৃত্যু ৰৈ আছে কোনেনো ভাৱিছিল। তেজাল পুৱাটো নিমিষতে ধুসৰ হৈ পৰিল। উছাহবোৰ শেষ হ’ল। ঘৰে ঘৰে কেৱল এতিয়া কান্দোনৰ ৰোল। বচাগাওঁ এতিয়া নিমাওমাও। মাজে মাজে কেৱল ভাহি একো একোটা উচুপনিৰ সুৰ। দেৰগাঁৱৰ সেই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১২গৰাকীকৈ লোকৰ সৎকাৰ একেলগে কৰাৰ সিদ্ধান্ত লৈ গাওঁবাসীয়ে খৰি কাঠ সাজু কৰিছিল। বচাগাঁৱৰ চৰণীয়া পথাৰত সকলো মৃতককে একেলগে সৎকাৰ কৰাৰ কাম আৰম্ভ হৈছে।
উক্ত শোকাৱহ ঘটনাত মৃত্যু হোৱা ১২ গৰাকী লোকৰ মৃতদেহ পৰিয়ালক লোকক চমজাই দিয়াৰ পাছতেই বিশেষ পথাৰখনলৈ লৈ অনাও হৈছে। কিন্তু এই দুৰ্ঘটনাৰ কাৰণ কি? কিয় এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হ’ল? বিষয়টোক লৈ একাংশই যদি নিৰ্মাণ হৈ থকা ফৰলেনৰ কথা উত্থাপন কৰিছে, কোনোৱে আকৌ চৰকাৰক দোষাৰোপ কৰিছে। এজন সামাজিক মাধ্যম ইউজাৰকাৰী (Aparupa Borthakur) য়ে দাঙি ধৰিছে দুৰ্ঘটনাৰ সৈতে জড়িত হৈ থকা কেইবাটাও কথা।
তেওঁ প্রশ্ন কৰিছে, ‘কি ৰহস্যময় কাৰণত দাধৰা অঞ্চলৰ পৰা কাকডোঙালৈকে ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেনযুক্ত কৰোতে ষাঠিমিটাৰ বহল কৰাৰ পৰিবৰ্তে পঞ্চলিশমিটাৰ বহল কৰা হ’ল? কেচ কৰি কোনোবাই ২০০৪ চনৰ পথৰ জোখটোকে বাহাল ৰাখি কামটো যেনে তেনে শেষ কৰিবলৈ বিচৰা হৈছে কিয়? কিমান মানুহ আৰু মৰিব লাগিব?গুৱাহাটীৰ পৰা আহি থাকোতে আহল বহল ডিভাইডাৰ বোৰ দাধৰাৰ পৰা এখন ৱাল হিচাপতহে হ’লগৈ, যাৰ বাবে প্ৰায়ে পথেৰে আহি থকা গাড়ীবোৰ ডিভাইডাৰ নামৰ পথতকৈ অকমাণ ওখ ওৱালখনতে উঠে। পথ বহল কৰাৰ নামত বাগানৰ মাটিবোৰ যে অধিগ্ৰহণ কৰিছে তাৰ প্ৰমাণ হিচাপে আজি দূৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন সোমাই যোৱা বাগানৰ মাজৰ খাৱৈটো ক’ৰ?
নিৰ্মাণ হোৱাৰ পিছত ৰাষ্টাৰ কাষৰ ফুটপাথ বুলিবলৈ কিমান ঠাই থাকিব লাগে, এই অঞ্চলৰ বিশেষকৈ দেৰগাওঁ অঞ্চলত পথৰ কাষত মাটি আছে নে? দেৰগাঁৱৰ এটা বিল্ডিংত দুটাকৈ বেলেগ বেলেগ বেংকৰ ব্ৰান্স আছে ,আগত পাৰ্কিং ,ফুটপাথ আছে নে? ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ…আৰু বহুত কথাৰ বাবে আজি দেৰগাওঁ অঞ্চলৰ বালিজানত হোৱা দূৰ্ঘটনাৰ উচিৎ তদন্তৰ বিশেষ প্ৰয়োজন আছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ