অসম লাইভ২৪ঃ পিকনিকলৈ যোৱাৰ পূৰ্বেই জানি থওক কেইটামান নিয়ম। অসম চৰকাৰৰ পৰিবহন বিভাগে জাৰি কৰিছে কেইবাটাও নিয়ম। বনভোজ খাবলৈ যোৱাৰ সময়ত এইকেইটা সাৱধানতা মানিব লাগিব বনভোজকাৰী দলে।
New SOP
১) সূৰ্যোদয়ৰ পূৰ্বে যাব নোৱাৰিব বনভোজলৈ।
২) সূৰ্যাস্তৰ পূৰ্বে বনভোজকাৰীয়ে নিজা গৃহত উপস্থিত হ’ব লাগিব।
৩) বনভোজৰ বাহনত অত্যাধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব।
৪) বনভোজস্থলীৰ কাষত বিক্ৰি কৰিব নোৱাৰিব সুৰা।
৫) অবৈধ সুৰাৰ বেহা চলোৱা ধাবাত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব।
৬) চালকে সেৱন কৰিব নোৱাৰিব কোনো নিচাজাতীয় দ্ৰব্য, পিন্ধিব লাগিব জোতা।
৭) বনভোজস্থলীত গাড়ী পাৰ্কিংৰ পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগিব।
৮) কুঁৱলীৰ সময়ত বনভোজকাৰীৰ বাহন চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা।
৯) বনভোজকাৰীৰ বাহনত বজাব নোৱাৰিব উচ্চ স্বৰৰ কোনো মিউজিক।
১০) বনভোজলৈ যোৱাৰ পূৰ্বে স্থানীয় আৰক্ষী থানাক অৱগত কৰিব লাগিব।
১১) বনভোজস্থলীত পৰ্যাপ্ত লাইটৰ সুবিধা থাকিব লাগিব।
১২) আৰক্ষীৰ এটা বিশেষ নিৰীক্ষণকাৰী দল গঠন কৰিব স্থানীয় আৰক্ষী থানাই।
বিশেষ পৰিবেশত ল’বলগীয়া সাৱধানতা কি কি?
১) গাড়ীৰ গতিবেগ সীমিত ৰাখক।
২) পৰাপক্ষত গাড়ীৰ হেডলাইট দুটা জ্বলাই পোহৰ অৱনমিত কৰি ৰাখক যাতে সন্মুখৰ গাড়ীখনে আপোনাৰ অৱস্থিতিৰ কথা উমান পায়।
৩) গাড়ীত যদি FOG LIGHT থাকে তেতিয়া সেই লাইট জ্বলাই ৰাখক।
৪) মাজে মাজে Wiper ব্যৱহাৰ কৰক।
৫) কুঁৱলীৰ আচ্ছাদন অধিক ডাঠ হ’লে গাড়ীখন পথৰ বাওঁকাষে সুৰক্ষিতভাৱে ৰখাওক আৰু অপেক্ষা কৰক বতৰ পৰিবৰ্তন হোৱালৈ।
৬) যদি অতিকৈ প্ৰয়োজন নহয় তেন্তে আপোনাৰ নিশাৰ যাত্ৰা বৰ্জন কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ