ডিজিটেল ডেস্কঃ উৎসৱক লৈ অত্যাধিক আনন্দ-স্ফূৰ্তি কৰিলেও নিজে সাৱধান হৈ থকাটো জৰুৰী। উৎসৱ আহিব আৰু যাব, জীৱন দুনাই নাহে। শেহতীয়াকৈ দেৰগাঁও শোকাৱহ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে।
সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাই জুবিনে কয়- সকলোৱে সাৱধানে থাকিব ,এইকেইদিন বহুত দুৰ্ঘটনা হৈছে। ফেষ্টিভেল-উৎসাহ-উৎসৱ চলি থাকিব ,কিন্তু আমি সাৱধানে থাকিব লাগিব। শীতকালত সকলোৱে সাৱধান হোৱাৰ আহ্বান জুবিন গাৰ্গৰ।
উল্লেখ কৰা প্ৰয়োজন যে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌটাকীত এটি সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে এই আহ্বান জনায়। ইফালে দেৰগাঁও দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকীক ভৰ্তি কৰা হৈছে GMCHত। তেওঁলোক আটাইগৰাকীৰে স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ বুলি জনাইছে কৰ্তৃুপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ