ডিজিটেল ডেস্কঃ ‘‘আমি প্ৰায় নিশা ৩.০৫বজাত ঘৰৰ পৰা ওলাই গৈছিলো। সেই ঠাই টুকুৰাত এক্সিডেন্ট হোৱাৰ পাছতহে মই হঠাতে সাৰ পাইছো। মই গাড়ীত উঠোতেই মানুহবোৰে কৈছিল যে, বাছৰ ড্ৰাইভাৰজন নিচাত আছে। মানুহজনক দেখাতেই মদ খাই ফিটিং হৈ থকা যেন লাগিছিল। বহুত নিচাত আছিল তেওঁ। এনিটাইম তেওঁ নিচাতেই থাকে বুলি মানুহে এতিয়া কৈছে। আমাক বাছখনে নিবলে আহোতেই ওচৰৰ কাৰোবাৰ এঘৰত খুন্দিয়াই থৈ আছিল। মুঠতে তেওঁ মদ খাই ফিটিং হৈ আছিল।”
এই ভাষ্য খিনি হৈছে দেৰগাঁৱৰ অভিশপ্ত সেই বাছখনত বনভোজ খাবলৈ যোৱা প্ৰিয়াক্ষী বৰা নামৰ যুৱতীগৰাকীৰ। কথমপি প্ৰাণ ৰক্ষা পৰা প্ৰিয়াক্ষীয়ে শেহতীয়াকৈ বৰ্ণনা কৰিছে সেই কাল ৰাতিটোৰ কথা। হাঁহি মাতি একেলগে বনভোজলৈ যোৱা বান্ধৱীক কাষতে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা দেখিছিল প্ৰিয়াক্ষীয়ে। গভীৰ টোপনিৰ পৰা উঠি এইবোৰ দৃশ্য প্ৰত্যক্ষ কৰি সপোন নে দিঠক তলকিবই পৰা নাছিল প্ৰিয়াক্ষীয়ে।
প্ৰিয়াক্ষীয়ে লগতে কলে যে, সেইদিনা বাছৰ ড্ৰাইভাৰখন সুৰাসক্ত অৱস্থাত আছিল। আমি গম পাই সম্পৰ্কীয় এঘৰত নামি দিম বুলিয়ে কৈছিলো। কিন্তু আমাৰ টোপনি আহিল বাবে আমি নামিব নোৱাৰিলো। মোৰ কাষতে বহি যোৱা মোৰ লগৰজনী মোৰ ভৰিৰ ওচৰত তেজেৰে লুটুৰি-পুটুৰি হৈ পৰি আছিল। তাইৰ ভনীয়েক জনী লগে লগে মৰিছে। মাকৰ মূৰতো এফাল এৰি গৈছে…..।
এনেদৰেই প্ৰিয়াক্ষীয়ে সেই মূৰ্হূতবোৰৰ কথা মনত পেলাই এতিয়া শিহৰিত হৈ উঠিছে। বাছৰ ড্ৰাইভাৰগৰাকী যে সুৰাসক্ত আছিল সেই কথাও পোহৰলৈ আনিছে প্ৰিয়াক্ষীয়ে। বাছত থকা অধিকাংশ লোকেই এই কথা গম পাইছিল। উল্লেখ কৰা প্ৰয়োজন যে, দেহত কিছু আঘাত পোৱা প্ৰিয়াক্ষী বৰা এতিয়া সম্পূৰ্ণ সুস্থ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ