ডিজিটেল ডেস্কঃ ধৰ্মৰ নামত মই মোৰ জনতাক ভেদাভেদ হবলৈ নিদিও।- আল্লাৰ নামৰ কচম লৈ এই শপত ললে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এক জনসভাত অংশ লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ৰাজনৈতিক দলক উদ্দেশ্যি কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন অনাটো হৈছে পাপ।
ৰাম মন্দিৰৰ প্ৰসংগক লৈ মমতা বেনাৰ্জীয়ে কয় যে, আজি কিছুদিনৰ পৰা বহুতে মোক সুধি আছে ৰাম মন্দিৰৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি! সকলো ৰাম মন্দিৰক লৈ এনেভাৱে ব্যস্ত যেন আৰু কোনো কামেই নাই। ধৰ্ম সকলোৰে নিজৰ, কিন্তু উতসৱ সকলোৰে। মই সেই উতসৱক বিশ্বাস কৰো যিয়ে সকলোকে এক কৰে।
মমতা বেনাৰ্জীয়ে উক্ত সভাখনত ঈশ্বৰ আৰু আল্লাৰ শপত খাই কয় যে, তৃণমুল কংগ্ৰেছ যেতিয়ালৈকে আছে তেতিয়ালৈকে হিন্দু-মুচলমান-শিখ-খ্ৰীষ্টান আদি ধৰ্মক লৈ কোনোদিন বিভাজন হবলৈ নিদিও। কোনো সম্প্ৰদায়ক অৱহেলা নকৰো, এয়া মোৰ হৃদয়ৰ নিভৃতকোণৰ এক প্ৰতিশ্ৰুতি।
ৰাম মন্দিৰ নিৰ্মাণ কেৱল নিৰ্বাচনৰ গিমিক আখ্যা দি কয় যে, ‘আপুনি কাক উপাসনা কৰে সেইটো নিজৰ কথা। তাৰ মানে এইটো নহয় যে আপুনি অন্য ধৰ্মক ককৰ্থনা কৰিব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ