• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

2 years ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

17 minutes ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

2 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

14 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

14 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

15 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

15 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

16 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

17 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

18 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

19 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে

editor by editor
January 10, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
আৰম্ভণিতেই কেণা লাগিল! ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে অনুমতি নিদিলে মণিপুৰ চৰকাৰে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাহুলৰ ন্যায় যাত্ৰা আৰম্ভৰ পূৰ্বেই অথন্তৰ। ১৪ জানুৱাৰীত মণিপুৰৰ পৰা ভাৰত ন্যায় যাত্ৰাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী থাকিলেও মণিপুৰ চৰকাৰে যাত্ৰাৰ অনুমতি প্ৰদান কৰা নাই। অনুমতি নিদিয়াক কেন্দ্ৰ কৰি এতিয়া ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ দল। মণিপুৰৰ পৰা ৰাহুলৰ ন্যায় যাত্ৰা আৰম্ভ হ’ব বুলি পূৰ্বে জনোৱাৰ পাছতো অনুমতি দিয়াত কিয় পলম কৰিছে বীৰেণ সিঙ চৰকাৰে সেই বিষয়টোক লৈ সমগ্ৰতে চলিছে চৰ্চা।

ভাৰত জোড়ো যাত্ৰাৰ অনুৰূপভাৱে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। সূচী অনুসৰি আগন্তুক ১৪ জানুৱাৰীত মণিপুৰৰ পূব ইম্ফলৰ পৰা এই যাত্ৰা আৰম্ভ হ’ব বুলি জনাইছিল কংগ্ৰেছ দলে। এই যাত্ৰাৰ বাবে কংগ্ৰেছ দলে মণিপুৰ চৰকাৰৰ পৰা অনুমতি বিচাৰি আবেদনো দিছিল। কিন্তু যাত্ৰাৰ আবেদন নাকচ কৰি দিছে বীৰেণ সিং চৰকাৰে। মেইতেই অধ্যুষিত পূব ইম্ফলৰ পৰা যাত্ৰাৰ অনুমতি নিদিয়াৰ কাৰণো দাঙি ধৰিছে বিজেপি শাসিত মণিপুৰ চৰকাৰে। আইন শৃংখলা অবনতিৰ আশংকাতেই অনুমতি দিয়া হোৱা নাই বুলি জনাই দিছে মণিপুৰ চৰকাৰে। পৰিকল্পনা অনুসৰি পূব ইম্ফলৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰি নাগালেণ্ডত উপস্থিত হোৱাৰ কথা আছিল ৰাহুলৰ।

অনুমতি নিদিলেও কংগ্ৰেছ দল আঁকোৰগোজ। তেওঁলোকে পূব ইম্ফলৰ পৰা যাত্ৰা হ’বই বুলিও স্পষ্টকৈ জনাই দিছে। মণিপুৰক বাদ দি অইন স্থানৰ পৰা ৰাহুলে ন্যায় যাত্ৰা নকৰে বুলিও জনাই দিছে কংগ্ৰেছ দলে। কিন্তু ইম্ফলৰ পৰা এই যাত্ৰাৰ অনুমতি নিদিলে ৰাহুলে এই যাত্ৰাত কিবা সাল সলনি আনিব নেকি সেই বিষয়টোও উত্থাপিত হৈছে। কংগ্ৰেছৰ বিশেষ সূত্ৰই জনোৱা অনুসৰি শেষ পৰ্যন্ত ইম্ফলৰ পৰা এই যাত্ৰা কৰাৰ অনুমতি নিদিলে মণিপুৰৰেই কোনো স্থানৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব ৰাহুলে। সেই ক্ষেত্ৰত কুকি অধ্যুষিত থাওবেলৰ পৰা যাত্ৰা কৰিব পাৰে ৰাহুলে।

ৰাহুলৰ ন্যায় যাত্ৰাক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে, মণিপুৰৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি কেন্দ্ৰই দিছে। ৰাজ্য চৰকাৰৰ আপত্তি কৰাৰ অধিকাত নাই। মণিপুৰৰ চৰকাৰে ৰাজনৈতিক উদ্দেশ্যতেই এই অনুমতি দিয়া নাই। ৰাহুলৰ এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক। ৰাজনীতি নকৰাৰ বাবেই ৰাহুলে মণিপুৰ চৰকাৰক বিশেষ আবেদনো জনাইছে। সেয়ে ইম্ফলৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখ্য যে আগন্তুক ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব ৬৬ দিনীয়া ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৬ হাজাৰ ৭১৩ কিঃমিঃ এই যাত্ৰাই সামৰি ল’ব। ২০ মাৰ্চত এই যাত্ৰাৰ অন্ত পৰিব মুম্বাইত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?
জীৱনশৈলী

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

May 25, 2026
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
Next Post
১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

১২ বছৰৰ পাছত সূৰ্য-বৃহস্পতিৰ নৱপঞ্চম যোগ, এই যোগৰ বাবে হাতলৈ ধন অহাই নহয় চাকৰিৰো যোগ আছে ৩ ৰাশিৰ

২০ দিন পাছতেই উত্থাপিত হ’ব ২০২৪ৰ বাজেট, নিৰ্মলা সীতাৰমণৰ বাজেটত মধ্যবিত্তৰ বাবে কি কি ভালখবৰ থাকিব পাৰে?

২০ দিন পাছতেই উত্থাপিত হ’ব ২০২৪ৰ বাজেট, নিৰ্মলা সীতাৰমণৰ বাজেটত মধ্যবিত্তৰ বাবে কি কি ভালখবৰ থাকিব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.