অসম লাইভ২৪ঃ ভগৱান শ্ৰীৰামচন্দ্ৰ আছিল বিষ্ণুৰ সপ্তম অৱতাৰ। তেওঁৰ সমগ্ৰ জীৱনেই ব্যয় কৰিছিল ন্যায়, ধৰ্ম, ক্ষমা আৰু সত্যৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে। এজন ৰজা হিচাপে তেওঁ আছিল পাৰফেক্ট। শ্ৰী ৰামৰ চৰিত্ৰ আৰু জীৱন দৰ্শনে আমাক এনে কিছু শিক্ষা দিয়ে যি হাজাৰ হাজাৰ বছৰ পাছতো প্ৰাসংগিক। নিজৰ ব্যৱহাৰ আৰু কামেৰেই তেওঁ নিজকে নিখুঁতভাৱে প্ৰতিষ্ঠা কৰি গৈছে। তেওঁৰ ৰাজ্য শাসনৰ সুনিপুণ দক্ষতাৰ কাৰণে আজিও ৰাম ৰাজত্বৰ উদাহৰণ বহুতে দিয়ে। শ্ৰী ৰামৰ জীৱনৰ পৰা আমি কি কি শিক্ষা লাভ কৰো?
ধৈৰ্য্য
অসাধাৰণ ধৈৰ্য্য ধৰাৰ ক্ষমতা আছিল ৰামচন্দ্ৰৰ। পিতৃৰ আদেশ মানি এক কথাতে তেওঁ ৰাজত্বৰ মোহ ত্যাগ কৰি ১৪বছৰৰ বাবে বনবাসলৈ গৈছিল। সমুদ্ৰৰ ওপৰত সেতু নিৰ্মাণ কৰিও তেওঁ অসাধাৰণ ধৈৰ্য্য আৰু স্থিতিশীলতাৰ পৰিচয় দিছিল। তাৰপিছত আকৌ যেতিয়া তেওঁ ৰজা হয় তেতিয়া তেওঁ সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। ৰাৱনে যেতিয়া সীতাক অপহৰণ কৰিছিল তেতিয়াও সীতাক উদ্ধাৰ কৰিবৰ বাবে তেওঁ ধৈৰ্য্য ধৰি সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিল। আজিৰ দিনত ৰামৰ দৰে ধৈৰ্য্যশীল ব্যক্তি খুব কমেই আছে। অকণমানো যদি ৰামৰ দৰে ধৈৰ্য্যগুণ থাকে তেন্তে আমাৰ জীৱনেই সলনি হৈ যাব পাৰে।
দয়া
দয়াৰে পূৰ্ণ আছিল শ্ৰীৰামৰ হৃদয়। তেওঁৰ মনক সকলো মানুহ, পশু-পক্ষী সকলোৰে প্ৰতি সমানেই কৰুণা আছিল। সকলোকে তেওঁ ৰক্ষা কৰিছিল। সুগ্ৰীৱ, হনুমান, নিষাদৰাজ, জাম্বোবান, বিভীষণ সকলোৰে প্ৰতিয়েই তেওঁৰ অনুকম্পা থকাৰ কথা ৰামায়ণছ আছে। তাৰপাছতেই তেওঁ সময় বুজি সকলোকে নেতৃত্ব দিয়ে।
নেতৃত্বৰ ক্ষমতা
শ্ৰী ৰাম আছিল শ্ৰেষ্ঠ ৰজা। তেওঁৰ দুৰ্দান্ত নেতৃত্ব দিয়াৰ ক্ষমতা আছিল। সমুদ্ৰৰ ওপৰত সেতু বন্ধা কামো তেওঁৰ বাবেই সম্ভৱ হৈছিল। বনবাসৰ পৰাও তেওঁ এক শক্তিশালী বাহিনী গঢ়ি তুলিছিল। সেই শক্তিশালী বাহিনীয়েই ৰাৱণকো পৰাস্ত কৰিছিল। শ্ৰী ৰামে আমাক কেনেকৈ সংগঠন গঢ়ি তুলিব লাগে সেই শিক্ষাও দিয়ে।
শক্তিশালী বন্ধুত্বৰ ক্ষমতা
শ্ৰীৰামচন্দ্ৰই সকলোৰে সৈতে বন্ধুত্বৰ সম্পৰ্ক ৰাখিব পাৰিছিল। যাৰ সৈতে বন্ধুত্ব গঢ়িছিল তেওঁৰ সৈতে সকলোপ্ৰকাৰেই বন্ধুত্ব ৰক্ষাৰ চেষ্টা কৰিছিল। তেওঁ ৰজা হ’লেও তেঁও সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখি চলিছিল। সুগ্ৰীব, নিষাধৰাজ, বিভীষণ সকলোৰে সৈতে তেওঁ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল।
আদৰ্শ ভায়েক
শ্ৰী ৰাম আছিল আদৰ্শ ভায়েক। লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ বাবে তেওঁ আত্মত্যাগ কৰিছিল। আদৰ্শ ভাতৃ বুলিলেই সকলোৱে ৰামৰেই নাম লয়। জীৱনৰ কঠিন সময়ত ভাতৃৰ কাষত ঠিয়ও হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















