অসম লাইভ২৪ঃ হাস্পতালত ভৰ্তি হৈ আছে অভিনেতা মিঠুন চক্ৰবৰ্তী। শনিবাৰে পুৱা ১০ বজাত ‘শাস্ত্ৰী’ ছবিৰ শ্বুটিঙস্থলীতেই ঢলি পৰে মিঠুন চক্ৰবৰ্তী। লগে লগে হাস্পতালত ভৰ্তী কৰোৱা হয় মিঠুনক। হাস্পতাল সূত্ৰৰ খবৰ অনুসৰি ব্ৰেইন ষ্ট্ৰোক হৈছে অভিনেতাজনৰ। এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিনেতা মিঠুন। মিঠুন চক্ৰবৰ্তীৰ ব্ৰেইন ষ্ট্ৰোক হোৱা বুলি হাস্পতাল সূত্ৰই প্ৰকাশ কৰিছে। ব্ৰেইন ষ্ট্ৰোক হ’লে মস্তিষ্কৰ বিভিন্ন অংশৰ ৰক্ত সৰবৰাহ বন্ধ হৈ যায়। এই ষ্ট্ৰোকক কোৱা হয় ইস্কেমিক ষ্ট্ৰোক। বহুতৰ ক্ষেত্ৰত মস্কিষ্কৰ ৰক্তনলী ফাটি ৰক্তক্ষৰণ হ’বলৈ আৰম্ভ হয়, এই ষ্ট্ৰোকক কোৱা হয় হেমোৰজিক ষ্ট্ৰোক। উভয় পৰিস্থিতিত মস্তিষ্কৰ অংশসমূহ ক্ষতিগ্ৰস্থ হয় যাৰফলত ৰোগীৰ প্ৰাণনাশৰ আশংকা থাকে।
অভিনেতা মিঠুন চক্ৰবৰ্তীৰ বৰ্তমান বয়স ৭৩বছৰ। চিকিৎসকৰ মতে হাৰ্টৰ সমস্যা, ডায়াবেটিছ আৰু বয়সজনিত কাৰণত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। ইয়াৰোপৰি পৰিয়ালৰ কোনো লোক যদি এই ৰোগত আক্ৰান্ত হৈছে তেন্তে ষ্ট্ৰোকৰ আশংকা আৰু বাঢ়ি যায়। এইসমূহৰ ওপৰিও ব্ৰেইন ষ্ট্ৰোকৰ প্ৰধান কেইটামান কাৰণ হৈছে আমাৰ নিজা কিছু বদভ্যাস। এই বদভ্যাস সমূহৰ ভিতৰত আছে-
অস্বাস্থ্যকৰ খাদ্য গ্ৰহণঃ স্বাস্থ্যকৰ খাদ্যভ্যাস ৮০ শতাংশ মানুহৰেই নাই। অতিৰিক্ত পৰিমাণে নিমখ, চেনী আদি গ্ৰহণ কৰাটোৱেও ষ্ট্ৰোকৰ আশংকা বঢ়ায়। অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু কলষ্ট্ৰেৰলেও বিপদ মাতি আনিব পাৰে। যিসকলে অত্যধিক পৰিমানে কণীৰ কুহুম আৰু মাংস খাই তেওঁলোকৰো এই আশংকা বহু পৰিমানে বেছি।
পৰিশ্ৰম নকৰাঃ শৰীৰচৰ্চাৰ অভাৱ, সমগ্ৰ দিন শুই বহি থকা আদিও ৰোগৰেই লক্ষণ। অলস জীৱনযাপনত শৰীৰৰ ওজন বাঢ়ে, পেশী আৰু হাড়ৰ সক্ষমতা কমে। বিপাকৰ হাৰত নেতিবাচক প্ৰভাৱ পৰে।
ধূমপানঃ ধূমপানৰ ফলত শৰীৰত অসংখ্য ক্ষতিকৰ পদাৰ্থই প্ৰৱেশ কৰে। আনকি পৰোক্ষ ধূমপানেও প্ৰৱল ক্ষতি কৰে। তেজত অক্সিজেনৰ মাত্ৰা কমি যায়। ফলত হাওঁফাওঁপ ওপৰিও সংবহনতন্ত্ৰৰো ক্ষতি হয়।
মদ্যপানঃ অতিৰিক্ত মদ্যপান অনিয়ন্ত্ৰিত ৰক্তচাপৰ অন্যতম কাৰণ। এলকহলে শিৰা আৰু ধমনীৰ স্থিতিস্থাপকতাক মাৰাত্মকভাৱে প্ৰভাৱিত কৰে। মদ্যপানো ষ্ট্ৰোকৰ অন্যতম প্রধান কাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ