• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

editor by editor
March 29, 2024
in ভাৰত, লেখা, শিক্ষা
0
থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখন যোগাত্মক চিনেমা। চিনেমাখনৰ লেখত ল’বলগীয়া চৰিত্ৰ ৰণছোড়দাস চাঞ্চোৰৰ চৰিত্ৰই আপোনাক মোক দিছিল বিশেষ বাৰ্তা। গল্পৰ চলেৰে দিছিল তথ্য। সঁচা কাহিনীৰ আধাৰতেই নিৰ্মিত হৈছিল বলীউড চিনেমা থ্ৰি ইডিয়ট। চিনেমাৰ প্ৰধান কাহিনী আছিল ফুংছুক ৱাংড়ুৰ জীৱনশৈলী। ফুংছুক বা ৰণছোড়দাস চিনেমাখনত এজন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিল। প্ৰভাৱশালী পিতৃৰ নাম তেওঁ ইঞ্জিনীয়াৰিঙত ভৰ্তি হোৱাৰ সময়ত এবাৰো কোৱা নাছিল। নিজৰ যোগ্যতাৰেই তেওঁ ভৰ্তি হৈছিল ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত। পঢ়ি থকা অৱস্থাত পিতৃয়ে খৰচ দিয়া নাছিল। কাৰণ এটাই তেওঁ পিতৃৰ কথা মানি নচলে। পিতৃয়ে কৈছিল তেওঁ চিভিল পঢ়ক কিন্তু চিভিল পঢ়িবলৈ ৱাংড়ু মুঠেও ইচ্ছুক নাছিল।

চিনেমাখনত দেখুওৱাৰ দৰেই সঁচাকৈয়ে ইঞ্জিনীয়াৰিং শেষ কৰি ৱাংড়ুৱে পাছলৈ শিশুসকলক অভিযান্ত্ৰিক জ্ঞান দিয়া এখন বিশেষ বিদ্যালয় নিৰ্মাণ কৰি উলিয়ায়। সেই বিদ্যালয়েই SECMOL নামেৰে পৰিচিত। লাডাখত থকা এই বিশেষ বিদ্যালয় হৈছে Student Education and Cultural Movement of Ladakh. এক কথাত শৈক্ষিক বিপ্লৱ। লাডাখৰ সেই বিশেষ স্থানৰ শতকৰা পাঁচজন ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ টেন বা দশম শ্ৰেণীলৈকে পঢ়িছিল। সেই এলেকাত এতিয়া ৭৫শতাংশ ছাত্ৰ-ছাত্ৰীয়েই শিক্ষিত। ৱাংড়ুৰে গঢ়ি তোলা বিদ্যালয়ৰ প্ৰধান বৈশিষ্ট্য হৈছে এই বিদ্যালয়ত কেৱলমাত্ৰ ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলেহে নামভৰ্তি গঢ়িব পাৰে।

ফুংছুক ৱাংড়ু কেৱল এগৰাকী শিক্ষক বা অভিযন্তাই নহয় তেওঁ এগৰাকী বিজ্ঞানীও। দেশৰ যি অঞ্চলত তেওঁ বসবাস কৰে সেই এলেকাৰ সংবেদনশীল জলবায়ু, পৰিবেশ সংৰক্ষণ কৰি কেনেকৈ উন্নয়ন সম্ভৱ সেই বিষয়টোক লৈ দীৰ্ঘদিন ধৰি তেওঁ গৱেষণাও অব্যাহত ৰাখিছে। অৰ্থাৎ sustainable development. সেই লক্ষ্য ৰাখিহে দেশত উন্নয়ন আগবঢ়াই নিব লাগে বুলি তেওঁ দীৰ্ঘদিন ধৰি সকলোকে বাৰ্তা দি আহিছে। পৰিবেশৰ ক্ষতি নকৰাকৈ কেনেকৈ প্ৰগতি সম্ভৱ সেই শিক্ষা তেওঁৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকো দি আহিছে। তাৰেই এটি চমু উদাহৰণ হৈছে তেওঁৰ বিদ্যালয়ত জ্বলা প্ৰতিটো লাইট, প্ৰতিখন ফেন সৌৰশক্তিৰে চলে। অন্য কোনো এনাৰ্জি তেওঁ সেই বিদ্যালয়ত ব্যৱহাৰ নকৰে। হিমবাহ গলিছে অৰ্থাৎ জলবায়ু পৰিবৰ্তন হৈছে সেই বিষয়টোক লৈয়ো তেওঁ বহুদিন ধৰি বাৰ্তা দিবলৈ চেষ্টা চলাই আছে। পানীৰ অভাৱ চৌদিশে, পানীৰ সংকট দূৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিছে আৰ্টিফিচিয়েল গ্লেছিয়াৰ তৈয়াৰৰ কামো। অৰ্থাৎ চমুকৈ আইছ স্তূপ।

পানীৰ পাইপলাইনতো বিদ্যুৎ শক্তি ব্যৱহাৰ নকৰাকৈ কাম কৰাৰ নিদৰ্শন তেওঁ দাঙি ধৰিছে। কেৱল গ্ৰেভিটেছন বা মধ্যাকৰ্ষণ শক্তিক ব্যৱহাৰ কৰিয়েই তেওঁ পানীৰ পাইপলাইন চলাই আছে। তেওঁ তৈয়াৰ কৰা সেই বিশেষ হিমবাহ এতিয়া বহু পৰিমানে ওখ হৈ উঠিছে। পৃথিৱীত সম্ভৱত এয়াই প্ৰথমটো মানৱ নিৰ্মিত হিমবাহ। এই হিমবাহৰ পৰা অটমেটিক পানী চাপ্লাই হয়। অৰ্থাৎ গৰম দিনত বিনামূলীয়াকৈ ঠাণ্ডা পানীৰ যোগান।

ফুংচুক ৱাংড়ুৱে ইয়াৰোপৰি নিৰ্মাণ কৰিছে ৱাৰ্ম ছেল্টাৰ ফৰ ছোলজাৰ্ছ নামৰ এক প্ৰকল্পও। লাডাখৰ হাঁড় কপোৱা জাৰত দেশৰ সৈনিকসকলে যাতে গৰমৰ উম ল’ব পাৰে সেই ব্যৱস্থাও তেওঁ গঢ়ি তুলিছে। এই ৱাৰ্ম ছেল্টাৰ তৈয়াৰৰ বাবেও তেওঁ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰা নাই। তেওঁ নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক ১ কোটি টকাৰ এককালীন সাহায্যও আগবঢ়াইছিল। চৰকাৰে দিয়া ১ কোটি টকা ৱাংড়ুৱে ছাত্ৰ-ছাত্ৰীসকলক পঢ়ুৱাৰ বাবদ খৰচ কৰে।

এই তিনিটা কেৱল সৰু উদাহৰণহে। ইয়াৰোপৰি ৱাংড়ুৱে উদ্ভাৱন কৰিছে সৰু-বৰ বহু যন্ত্ৰ। তেওঁৰ সকলো উদ্ভাৱনে sustainable developmentৰ কথাকেই কয়। ৱাংড়ু একাধাৰে এজন পৰিবেশ প্ৰেমী, জলবায়ু গৱেষক, শিক্ষাবিদ। এইগৰাকী বিজ্ঞানী তথা গৱেষকেই বিগত একৈশ দিন ধৰি খাদ্যৰ এটা দানাও মুখত দিয়া নাই। অৰ্থাৎ নিৰৱে এক আন্দোলন অব্যাহত ৰাখিছে। অনশনৰ কাৰণ তেওঁৰ ব্যক্তিগত নহয়। এই অনশনো পৰিবেশৰ বাবেই। ৱাংড়ুৰ আন্দোলনৰ প্ৰকৃত কাৰণ আজিও বহুতেই নাজানে।

২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা যেতিয়া ৩৭০ ধাৰা উঠাই দিয়া হয় তেতিয়াৰে পৰাই লেহ লাডাখে এখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি লাভ কৰে। এই কেন্দ্ৰীয় শাসিত এলেকাৰ স্বীকৃতি লাভ কৰি সুখীও হৈ পৰে সেই এলেকাৰ বাসিন্দাসকল। কাৰণ কাশ্মীৰ কেন্দ্ৰীক ৰাজনৈতিক দলসমূহে কাহানিও লাডাখক বিশেষ গুৰুত্ব দিয়া নাছিল। কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা পোৱাৰ পাছতেই চৰকাৰে লাডাখৰ জনতাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকক সংবিধানৰ ষষ্ঠ অনুসূচিৰ অন্তৰ্ভূক্ত কৰাব। এদিন দুদিনকৈ মাহ, বছৰ পাৰ হ’ল। লাডাখবাসীয়ে আজিও নাপালে ষষ্ঠ অনুসূচিৰ কোনো সুবিধা। নিৰ্বাচন পাৰ হোৱাৰ পাছতেই আকৌ একাষৰীয়াই হৈ ৰ’ল লাডাখ।

ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্তিকৰণ কিয় বিচাৰিছিল লাডাখবাসীয়ে?

ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্যত জনজাতীয় লোকৰ(ST) সংখ্যা ৫০শতাংশ বা তাতোকৈ অধিক তেওঁলোকক সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংৰক্ষৰণ দিয়াৰ কথা উল্লেখ আছে। লাডাখৰ ৯৭শতাংশই জনজাতীয় লোক। বা চমুকৈ ST। তেওঁলোকৰ এই সংৰক্ষণ লাভ সংবিধান স্বীকৃত। সেই অধিকাৰেই তেওঁলোকে দাবী কৰি আছে। এই সংৰক্ষণ লাভ কৰিলে তেওঁলোক প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব পাৰিব।

লাডাখবাসীৰ আন এক দাবী হৈছে তেওঁলোকক নিজস্ব বিধানসভা লাগে। বৰ্তমান তেওঁলোকৰ মাত্ৰ দুজনহে জনপ্ৰতিনিধি কাশ্মীৰ বিধানসভাত আছে। নিৰ্বাচিত যথেষ্ট সংখ্যক প্ৰতিনিধি নথকাৰ বাবে তেওঁলোকৰ সমস্যাসমূহ দাঙি ধৰাত তেওঁলোক বিফল হৈছে। তেওঁলোকে নিজস্ব Public Service Commissionৰো দাবী ৰাখিছে। এই দাবী পূৰ্ণ হ’লে তেওঁলোকৰ তাৰ পৰা ওলোৱা শিক্ষিত যুৱক-যুৱতীয়েও দেশত নিজকে প্ৰতিষ্ঠিত একোগৰাকী আমোলা হিচাপে চিনাকি দিব পৰাকৈ আগবাঢ়িব পাৰিব। লোকসভাতো লাডাখৰ পৰা এজনহে প্ৰতিনিধি। এই সংখ্যাও তেওঁলোকে বৃদ্ধি হোৱাটো বিচাৰে।

ৱাংড়ুৰ অনশনৰ প্ৰধান কাৰণ কি কি?
লাডাখৰ ভূ-প্ৰকৃতি আৰু হাঁড়-কপোঁৱা ঠাণ্ডা, স্বৰ্গৰ দৰে বৰফাবৃত সৌন্দৰ্য়…সুবিশাল হিমবাহেই উত্তৰ ভাৰতৰ নদীসমূহৰ প্ৰাণশক্তি। এই প্ৰকৃতিৰ সামান্য ইফাল-সিফাল হ’লেও বিপদ নামি আহিব। কিছুদিন পূৰ্বে ছিকিমৰ মোৰেণ গ্লেছিয়াৰ লেক ফাটি সৃষ্টি হোৱা জলপ্ৰলয় দেশবাসীয়ে দেখিছে। নিশাৰ ভিতৰতেই শেষ হৈ গৈছিল পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ছিকিম। তিস্তাৰ মহাপ্ৰলয়ৰ আকৌ এবাৰ পুনৰাবৃত্তি হ’ব পাৰে উত্তৰভাৰততো তাৰবাবেই বাৰে বাৰে দেশবাসীক সঁকিয়াইছে ৱাংড়ুৱে।

লাডাখৰ মাটিত বিৰল খনিজৰো সন্ধান পোৱা গৈছে। সেয়ে লাডাখৰ ভূ-প্ৰকৃতিৰ ওপৰত এতিয়াৰে বহুজনৰে চকু। লাডাখৰ ভূ-প্ৰকৃতি যাতে নষ্ট নহয় তাৰবাবেই ৱাংড়ুৱে দীৰ্ঘদিন ধৰি ষষ্ট অনুসূচীৰ দাবী ৰাখি আন্দোলন চলাইছে। যাতে লাডাখৰ মাটি, পানী, বনাঞ্চল সকলোবোৰৰ ওপৰত কেৱল লাডাখবাসীৰেই অধিকাৰ থাকে তাৰবাবেই এই আন্দোলন অব্যাহত ৰাখিছে ৱাংড়ুৱে।

উন্নয়ন এতিয়া দেশত দ্ৰুতগতিত চলিছে বুলি শাসক দলেও বাৰে বাৰে দাবী কৰিছে। কিন্তু সকলো স্থানতেই সমভাৱে উন্নয়ন সম্ভৱ নহয়। ফৰলেন, শ্বপিং কমপ্লেক্স, ইণ্ডাষ্ট্ৰীয়েলাইজেশ্ব্যন দিল্লী, মুম্বাইৰ দৰে সমগ্ৰ দেশত একেধৰণেই হ’ব লাগিব তাৰো কোনো প্ৰয়োজন নাই বুলি দাবী কৰে ৱাংড়ুৱে। এই উন্নয়ন কেতিয়াও ছায়েণ্টিফিক হ’ব নোৱাৰে বুলিও দাবী ৱাংড়ুৰ। প্ৰকৃতিক ৰক্ষা কৰি যি উন্নয়ন হয় সেই উন্নয়নহে প্ৰকৃত উন্নয়ন। এইসমূহৰ ওপৰিও তেওঁ লাডাখৰ মানুহৰ নিজা বৈশিষ্ট, সংস্কৃতি, ভাষা আৰু খাদ্যভাষৰো স্বাধীনতা ৰক্ষা কৰাটো জৰুৰী বুলি আন্দোলনৰ কাৰণত বাখ্যা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

এপ্ৰিলত স্থান সলনি হ’ব ৪গ্ৰহৰ! আছে সূৰ্যগ্ৰহণো, সুখে কোলাই-পাচিয়ে নধৰা হ’ব ৫ ৰাশিৰ

কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

কাণত ধৰি লৈ আহিল...দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.