অসম লাইভ২৪ঃ এপ্ৰিল ২০২৪ আৰম্ভ হ’বলৈ মাজত তিনি দিন। এপ্ৰিল মাহত কেইবাটাও গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব। মাৰ্চ মাহৰ শেষৰ দিনটোত মীন ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। ইয়াৰ ফলত শুক্ৰ আৰু ৰাহুৰ যুঁটি গঠিত হ’ব। এই যুঁটিৰ প্রভাৱ প্ৰায় সমগ্ৰ এপ্ৰিল মাহ জুৰি বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব। এপ্ৰিল মাহৰ আৰম্ভণিতেই অৰ্থাৎ ২ এপ্ৰিলত বক্ৰী হ’ব বুধ। তাৰপাছতেই ৯এপ্ৰিলত বক্ৰী চলনেৰে মীন ৰাশিত গোচৰ কৰিব বুধ গ্ৰহই। ১৯ এপ্ৰিলত মীন ৰাশিতেই বুধ উদয় হ’ব। ইয়াৰ পূৰ্বে ১৩ এপ্ৰিলত মেষ ৰাশিত গোচৰ কৰিব সূৰ্যই। মেষ ৰাশিত সূৰ্য আৰু বৃহস্পতিৰ যুঁটি গঠন হ’ব। ইয়াৰ ফলত ২৪ এপ্ৰিলত মীন এৰি মেষ ৰাশিলৈ যাব শুক্ৰ।
এইসমূহৰ ওপৰিও এপ্ৰিলত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ আৰু বুধাদিত্য ৰাজযোগ। ইয়াৰ সৈতে এপ্ৰিল মাহতেই হ’ব বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ। জ্যোতিষ গণনা অনুসৰি এই সকলোবোৰৰ প্ৰভাৱত এপ্ৰিলত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে। এই শুভ যোগসমূহৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য খুলিব জানেনে?
বৃষ ৰাশি
এপ্ৰিল মাহত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল পাব বৃষ ৰাশিৰ জাতকে। আগন্তুক মাহত প্ৰচুৰ সম্পত্তি লাভৰ সম্ভাৱনা আছে আপোনাৰ। এই সময়ত আপুনি ভাৱিব নোৱাৰা কিছু সূত্ৰৰ পৰা ধন লাভ কৰিব। আয় বঢ়াৰ লগে লগে এপ্ৰিলত ব্যয়ো বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ। এই সময়ত নিজৰ বিলাসিতাৰ বাবেই আপুনি বহু ধন ব্যয় কৰিব।
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধে এপ্ৰিলত শুক্ৰৰ সৈতে মিলি গঠন কৰিব লক্ষ্মী নাৰায়ণ যোগ। ইয়াৰ প্ৰভাৱত আগন্তুক মাহত ব্যৱসায়ত ভাল লাভ হ’ব আপোনাৰ। সমাজত উচ্চ ক্ষমতাসম্পন্ন মানুহৰ সংস্পৰ্শলৈ আহিব। কেৰিয়াৰ সংক্ৰান্তিয় এটাৰ পাছত আনটো সুযোগ আহিব মিথুন ৰাশিৰ জাতকৰ। আৰ্থিক লাভৰ মুখ দেখিব। কেৰিয়াৰত উন্নতি কৰাৰ পূৰ্ণ সুযোগ পাব।
ধনু ৰাশি
এপ্ৰিল মাহত ধনু ৰাশিৰ পঞ্চম ঘৰত যুঁটি বান্ধিব সূৰ্য আৰু বৃহস্পতিয়ে। সূৰ্য আৰু বৃহস্পতিৰ এই মিলন আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। সন্তানৰ দিশৰ পৰা আনন্দৰ খবৰ আহিব। চৰকাৰী প্ৰকল্পত সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ মন বিভিন্ন কামক লৈ উৎসাহী হৈ থাকিব। হঠাৎ আৰ্থিক লাভ হ’ব। ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব আপোনাৰ।
মকৰ ৰাশি
এপ্ৰিলত বিভিন্ন গ্ৰহৰ গোচৰত শুভ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ জাতকৰ ওপৰত। নানান কাৰণত সুখী হৈ থাকিব। আৰ্থিক লাভৰো পূৰ্ণ সম্ভাৱনা আছে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।
মীন ৰাশি
এপ্ৰিল মাহত বুধ আৰু শুক্ৰৰ যুঁটি লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে। আগন্তুক মাহত সমাজৰ উচ্চপদস্ত মানুহৰ সৈতে আলোচনাত বহিব পাৰে। ব্যৱসায়ত কাংখিত সাফল্য পাব। কামৰ বাবেই ভ্ৰমণৰো সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ