হাতীৰ বাবে বিশেষ গাঁও, প্ৰত্যকটো হাতীৰ আছে নিজাকৈ ঘৰ আৰু ছুইমিংপুল
জনসংখ্যাৰ জোখাৰে ভাৰত এতিয়া বিশ্বৰ ভিতৰতে সকলোতকৈ অধিক আবাসীৰ দেশ। চীনক পিছপেলাই ভাৰত সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰে। পাছে তাৰ বিপৰীতে জংঘলত থকা জন্তুৰ বাবে থকা ঠাইৰ অভাৱ হৈ পৰিছে। যাৰ বাবেই সঘনাই জনবসতি ঠাইত বাঘ হাতী আদি ওলাই থকা খবৰ পোৱা যায়।
পাছে তাৰে মাজতে দেশত এখন এনে গাঁও আছে, যি গাঁও কেৱল হাতীৰ বাবে। গাঁওখনত থকা প্ৰত্যকটো হাতীৰ বাবে আছে নিজাকৈ ঘৰ । লগতে আছে ছুইমিংপুল।
এই গাঁওখনৰ নাম ‘হাতী গাঁও’। ইয়াত মুঠ ৮০ টা হাতী আছে। এই গাঁওখনলৈ গ’লে আপুনি চাৰিওফালে কেৱল হাতীয়ে দেখা পাব।
হাতী বিশেষ এই গাঁওখন আছে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰত। ২০০৮ চনত নিৰ্মাণ কৰা হৈছিল এই হাতী গাঁও। এইখন হৈছে ভাৰতৰ প্ৰথমখন আৰু বিশ্বৰ তৃতিয়খন হাতী গাঁও।
মন কৰিবলগীয়া কথা যে, এই গাঁওখনত থকা প্ৰত্যকটো হাতীৰ বাবে আছে নিজা ঘৰ। লগতে এটা সমুহীয়াকৈ ব্যৱহাৰ কৰিব পৰা প্ৰকাণ্ড পুখুৰী। যি পুখুৰীত গা ধুই আনন্দ ল’ব পাৰে হাতীয়ে।
লগেত সেই হাতী বোৰৰ বাবে আছে চিকিৎসালয়ো। যি চিকিৎসালয়ত ২৪ ঘণ্টাই সজাগ থাকে চিকিৎসকৰ দল।
গাঁওখনৰ এই হাতী বোৰৰ জৰিয়তেই ঘৰ পোহপাল দিয়ে মাউতে। পৰ্যটকৰ বাবে বাৰ মাহেই খোলা থাকে এই গাঁও। ইয়াত হাতী চাফাৰী কৰিলে ভাৰতীয় পৰ্যটকৰ বাবে ৫০ টকা আৰু বিদেশী পৰ্যটকৰ বাবে ৩০০ টকা।
মুঠ ১৪০ বিঘা মাটিকালিৰে আগুৰি আছে এই গাঁও। আমীৰ কিলাৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দুৰত অৱস্থিত এই হাতী গাঁও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ