কাৰাগাৰত কুখ্যাত গেংষ্টাৰৰ চুবুৰীয়া হ’ল কেজৰিৱাল…লগতে কোনে কোনে লগ কৰিব পাৰিব তেখেতক
আবকাৰী নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পাৰ কৰিলে প্ৰথমটো নিশা, আজি দ্বিতীয়টো নিশা পাৰ কৰিব তেখেতে। কাৰাগাৰত তেখেতৰ চুবুৰীয়া কুখ্যাত গেংষ্টাৰ।
তিহাৰ জেলৰ ২ নম্বৰ কাৰাগাৰত ৰখা হৈছে কেজৰিৱালক। যি কাৰাগাৰত দেশৰ কুখ্যাত তথা দাগী অপৰাধী ৰখা হৈছে। সেই কাৰাগাৰতেই আছে দিল্লীৰ মুখ্যমন্ত্ৰী।
কাৰাগাৰত কেজৰিৱালৰ কাষৰ কুঠৰীত আছে আণ্ডাৰৱৰ্ল্ড জগতৰ কুখ্যাত মাফিয়া ডন ছোটা ৰাজন, কুখ্যাত গেংষ্টাৰ নীৰজ বৱানা আৰু আতংকবাদী জিয়াউৰ ৰহমান।
অৱশ্যে এই কেউজনক হাই ৰিস্ক কুঠৰীত ৰখা হৈছে। কেজৰিৱালৰ কুঠৰী হাই ৰিস্ক জ’নত নাই, অকলে এটা কুঠৰীত ৰখা হৈছে। কেজৰিৱালক ৰখা ২ নম্বৰ জেলত মুঠ ৬০০ কয়েদী আছে।
পাছে কাৰগাৰত থকা সময়ত কোনে কোনে লগ কৰিব পাৰিব অৰবিন্দ কেজৰিৱালক। জেল প্ৰশাসনে বিশেষ দৰ্শনাৰ্থীৰ ভিতৰত ছয়জন লোকৰ নামৰ তালিকা দাখিল কৰিছে।
শেহতীয়া তথ্য অনুসৰি পৰিয়ালৰ সদস্যৰ বাহিৰেও ইয়াৰ ভিতৰত আছে তিনিজন বিশেষ বন্ধু। কাৰাগাৰ প্ৰশাসনে কয় যে নিয়ম অনুসৰি যিকোনো অভিযুক্তই তেওঁক লগ কৰিবলৈ ১০ জন লোকৰ নাম দিব পাৰে।
কেজৰিৱালে এই পৰ্যন্ত মাত্ৰ ৬ জন লোকৰ নাম পঞ্জীয়ন কৰিছে। কেজৰিৱালে লগ পোৱাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰাসকলৰ ভিতৰত আছে পত্নী সুনীতা, পুত্ৰ পুলকিত, কন্যা হৰ্ষিতা, বন্ধু সন্দীপ পাঠক, বন্ধু বৈভৱ আৰু আন এজন বন্ধু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ