ক্ষেত্ৰীৰ নোৱাগাঁৱত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে তিনিগৰাকী লোকে।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে গৈ আছিল এখন Hyundai Grand i10 বাহন। সেই সময়তে ক্ষেত্ৰীৰ নোৱাগাঁও অঞ্চলত বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলিঙত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
খুন্দাৰ ফলত বাহনখনত থকা তিনিগৰাকী আৰোহীৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে, দুৰ্ঘটনাটোত আন তিনিগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয়। নিহতসকল নগাঁও ননৈৰ ৰিবুল আলী (১৮), মণিমাই বেগম(৪০) আৰু আমিৰ উদ্দিন (৪০), আনহাতে আহতসকল পুতুমাই বেগম(৫৫), কণমানি আনিচু চুলতানা(১০), ৰুস্তম আলী (৫০দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 01 BX 5663 বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰি নিহত আৰু আহতসকলক বাহনখনৰ পৰা উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে।
(সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ সহযোগত লিখিছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















