ছলমান খানৰ এইখন ছবিয়ে দেউলীয়া বনাই দিছিল প্ৰযোজকক, ৯০ কোটি বাজেটত উপাৰ্জন মাত্ৰ ১০ লাখ
বলীউডৰ ভাইজান অভিনিত ছবি বুলিলে হিট, তাৰ কোনো সন্দেহ নাই। প্ৰতিবছৰে এখনৰ পাছত আন এখন ছবি আহে চিনেমাঘৰলৈ, হাউচফুল হৈ পৰে দৰ্শকেৰে। পাছে তাৰেই মাজৰে এখন এনে ছবি আছে যি ছবি তেখেতৰ জীৱনৰ সবাতোকৈ ফ্লপ।
ছলমান খান থাকিলেই যে সেই ছবি হিট হ’ব তেনে নহয়, কেইবাখনো ছবি ছুপাৰ ফ্লপ হৈছে। ৰেচ ৩, কিছি কা ভাই কিছি কি জান, টিউবলাইট, অন্তিম, ৰাধে আদি ছবিয়ে বিফলতাৰ মুখ দেখিছে।
তাৰেই ভিতৰত এখন এনে ছবি আছে, যি ছবিয়ে বহুত বেয়াকৈ মুখ থেকেছা খাইছিল চিনেমা ঘৰত। ৯০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা ছবিখনে ভাৰতত উপাৰ্জন কৰিছিল মাত্ৰ ১০ লাখ টকা।
সেই ছুপাৰ ফ্লপ ছবিখন হৈছে ‘ৰাধে’। এক্সনধৰ্মী এই ছবিখনে বহু চেষ্টা কৰিয়ো ভাৰতত কেৱল মাত্ৰ ১০ লাখ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয়। যাৰ ফলত ছবিখনৰ প্ৰযোজকে কোটি কোটি টকাৰ লোকচানৰ সন্মুখিন হয়।
২০২১ চনত মুক্তি পোৱা এই ‘ৰাধে’ ছবিখনত ছলমানৰ লগতে দিশা পাটানী আৰু ৰনদীপ হুদাকো দেখা গৈছিল। ছবিখনে ভাৰতত মুখ থেকেছা খোৱাৰ প্ৰধান কাৰণটোৱে হৈছে কৰণা মহামাৰী। দেশত তেতিয়া কৰণাৰ প্ৰদুৰ্ভাৱ। সামাজিক স্থলত ভিৰ কৰাত কঠোৰ ভাৱে নিষেধ আছিল, যাৰ বাবেই ভাৰতত ছবিখন ফ্লপ হয়।
সমগ্ৰ বিশ্বজুৰি মুঠ ১৮ কোটি টকা উপাৰ্জন কৰে ‘ৰাধে’ ছবিখনে। যাৰ ফলত ৭২ কোটি টকাৰ লোকচানৰ সন্মুখিন হয়। পাছলৈ ছবিখনৰ মেকাৰ্চে ছবিখনৰ অটিটি ৰাইটছ জি ষ্টুডিঅক ২৩০ কোটি টকাত বিক্ৰী কৰি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ