অসম লাইভ২৪ঃ ক্ৰমশ প্ৰাণঘাতী হৈ উঠিছে হেপাটাইটিছ। এই তথ্য আমাৰ নহয়। এই তথ্য় দাঙি ধৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ২০২৪ চনৰ হেপাটাইটিছ ৰিপৰ্ট প্ৰকাশ কৰিছে WHO য়ে। প্ৰতি বছৰে ১৩ লাখ মানুহৰ মৃত্যু হৈছে এই অসুখত। যক্ষ্মাৰ মৃত্যুৰ সমান। সাম্প্ৰতিক হিচাব অনুসৰি, দৈনিক ৩ হাজাৰ মানুহৰ প্ৰাণ কাঢ়িছে এই অসুখে। এই ভয়ংকৰ অসুখ হৈ উঠিছে পৃথিৱীৰ দ্বিতীয় সংক্ৰমক ব্যাধি।
WHOয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ১৮৭ খন দেশৰ ভিতৰত ২০১৯ চনত ১১ লাখ মানুহৰ মৃত্যু হৈছিল হেপাটাইটিছত। এইকেইখন দেশত ২০২২ চনলৈকে হেপাটাইটিছত মৃত্যু হোৱা লোকৰ সংখ্য়া ১৩ লাখ। ইয়াৰ মাজতেই ৮৩ শতাংশৰ মৃত্যুৰ কাৰণ হেপাটাইটিছ বি।
হেপাটাইটিছ চিয়ে প্ৰাণ কাঢ়িছে ১৭শতাংশ মানুহৰ। এইসকল মৃতকৰ ভিতৰত দুই তৃতীয়াংশই হৈছে বাংলাদেশ, চীন, ইথিওপিয়া, ভাৰত, ইন্দোনেছিয়া, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইন্স, ৰাছিয়া আৰু ভিয়েটমানত। ২০২২ চনত হেপাটাইটিছ বি ত আক্ৰান্ত হৈছিল ২৫ কোটিতকৈয়ো বেছি মানুহ। হেপাটাইটিছ -চিত আক্ৰান্তৰ সংখ্যা ৫কোটি। আক্ৰান্তসকলৰ মাজৰ আধাসংখ্যকেই ৩০-৫৮ বছৰ বয়সীয়া। ১২ শতাংশ নাবালক।
নাৰী আৰু পুৰুষৰ মাজত আক্ৰান্তৰ সংখ্যাত পুৰুষেই সৰ্বাধিক। ৫৮শতাংশ পুৰুষ আক্ৰান্ত হৈছে এই ৰোগত। পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOয়ে এই সন্দৰ্ভত দিয়া বিবৃত্তিত উল্লেখ কৰিছে, ‘এই ৰিপৰ্টে এক বিপন্ন ছবি তুলি ধৰিছে। যদিও হেপাটাইটিছৰ সংক্ৰমণ আৰু মৃত্যু ৰোধ কৰিবলৈ বিশ্বব্যাপী পদক্ষেপ লোৱা হৈছে। কিন্তু খুব কম মানুহৰহে হেপাটাইটিছ ধৰা পৰা পৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ