• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীন চিট, পুনৰ উভতি নাহে বেলট পেপাৰ

EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীন চিট, পুনৰ উভতি নাহে বেলট পেপাৰ

2 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

4 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

5 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

6 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

7 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

9 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

9 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

10 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

11 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

13 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীন চিট, পুনৰ উভতি নাহে বেলট পেপাৰ

editor by editor
April 26, 2024
in ভাৰত, ৰাজনীতি
0
EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীন চিট, পুনৰ উভতি নাহে বেলট পেপাৰ
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

EVMক উচ্চতম ন্যায়ালয়ৰ ক্লীন চিট, পুনৰ উভতি নাহে বেলট পেপাৰ

লোকসভা নিৰ্বাচনৰ ভোটদানৰ আজি দ্বিতীয়টো দিনটো দেশৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ খবৰ। ভেলট পেপাৰৰ পুনৰ অনাৰ যি দাবী উত্থাপন হৈছিল সেই দাবীকেই নাকচ কৰি ইভিএমক ক্লিন চিট দিয়ে ন্যায়ালয়ে।

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (ভিভিপিএটি) স্লিপৰ জৰিয়তে ১০০ শতাংশ পৰীক্ষণ বিচৰা সকলো আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ সমান্তৰালকৈ আদালতে বেলট পেপাৰৰ জৰিয়তে ভোটদানৰ বাবে কৰা আৱেদনসমূহো নাকচ কৰিছে।

উচ্চতম ন্যায়ালয়ে দুটা নিৰ্দেশনা দিছে – প্ৰথমটো হ’ল চিম্বল লোডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত চিম্বল লোডিং ইউনিট (এছ এল ইউ) ছীল কৰি তাৰ বাবে মজুত কৰিব লাগে কমেও ৪৫ দিন। ইয়াৰ উপৰিও দ্বিতীয়টো নিৰ্দেশনা হ’ল যে ফলাফল ঘোষণাৰ পিছত ইভিএমসমূহৰ মাইক্ৰ’কণ্ট্ৰ’লাৰ প্ৰগ্ৰেমটো অভিযন্তাৰ এটা দলে পৰীক্ষা কৰাৰ বিকল্প থাকিব। ইয়াৰ বাবে ফলাফল ঘোষণাৰ সাত দিনৰ ভিতৰত প্ৰাৰ্থীয়ে আৱেদন কৰিব লাগিব। ইয়াৰ খৰচ প্ৰাৰ্থীয়ে নিজেই বহন কৰিব লাগিব।

ইয়াৰ পূৰ্বে দুদিন ধৰি একেৰাহে শুনানিৰ অন্তত ১৮ এপ্ৰিলত আবেদনসমূহৰ সন্দৰ্ভত বিচাৰপীঠে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। অৱশ্যে বুধবাৰে শীৰ্ষ আদালতে পুনৰ বিষয়টো তালিকাভুক্ত কৰিছিল। তাৰ পিছত উচ্চতম ন্যায়ালয়ে কিছু কথা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল।

ৰায় সংৰক্ষিত কৰি থকাৰ সময়তে শীৰ্ষ আদালতে মন্তব্য কৰিছিল যে তেওঁলোকে নিৰ্বাচন নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সাংবিধানিক সংস্থাৰ বাবে নিয়ন্ত্ৰণ কৰ্তৃপক্ষ হিচাপেও কাম কৰিব নোৱাৰে। অন্যায়কাৰীয়ে পৰিণতিৰ সন্মুখীন হ’ব পৰাকৈ আইনৰ অধীনত বিধান আছে। কেৱল সন্দেহৰ ভিত্তিত আদালতে মেণ্ডামছ প্ৰদান কৰিব নোৱাৰে।

ভোটিং মেচিনৰ সুবিধাৰ ওপৰত সন্দেহ কৰা আৰু বেলটলৈ ঘূৰি অহাৰ পোষকতা কৰাসকলৰ চিন্তা প্ৰক্ৰিয়া সলনি কৰিব নোৱাৰে বুলিও কয় আদালতে। ইয়াৰ উপৰিও বুধবাৰে এই সিদ্ধান্ত সংৰক্ষণ কৰি থকাৰ সময়তে বিচাৰপীঠে আদালতত উপ-নিৰ্বাচন আয়ুক্ত নীতিশ ব্যাসক ফোন কৰি পাঁচটা বিষয়ত স্পষ্টীকৰণ বিচাৰিছিল।

এই ক্ষেত্ৰত আদালতে কয় যে, আমি ইভিএমৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন দেখিছো। আমি তিনি-চাৰিটা কথাৰ ওপৰত স্পষ্টীকৰণ বিচাৰো। আমি বাস্তৱিকতে ভুল হ’ব নিবিচাৰো , সেয়ে আমাৰ সিদ্ধান্তৰ ওপৰত দুগুণ নিশ্চিত হ’বৰ বাবে এই স্পষ্টীকৰণ বিচাৰিছো। বিচাৰপীঠে যিবোৰ পাঁচটা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল, সেইবোৰৰ ভিতৰত আছিল ইভিএমত স্থাপন কৰা মাইক্ৰ’কণ্ট্ৰ’লাৰসমূহ পুনৰ প্ৰগ্ৰেমযোগ্য নেকি?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BallotBallot BoxBallot paperelectionevmsupreme courtVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
শনি পূজা কৰোতে সৱধান, পূজাত ভুলতো ব্যৱহাৰ নকৰিব এই সামগ্ৰী

শনি পূজা কৰোতে সৱধান, পূজাত ভুলতো ব্যৱহাৰ নকৰিব এই সামগ্ৰী

২৩ বছৰৰ মুৰত হ’বলৈ গৈ আছে গ্ৰহৰ এনে সংযোগ, এই ৰাশিৰলোকৰ বাবে বহুত শুভ যদিও শুভ কামত বাধা

২৩ বছৰৰ মুৰত হ'বলৈ গৈ আছে গ্ৰহৰ এনে সংযোগ, এই ৰাশিৰলোকৰ বাবে বহুত শুভ যদিও শুভ কামত বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.