নিশাৰ ৰাজপথত দাওদাও কৈ জ্বলি উঠিল ৬০ ভক্তসহ বাছ, এখন ঘৰৰে মাতৃ-পুত্ৰ-নাতি নিহত, ৯ লৈ বৃদ্ধি মৃতকৰ সংখ্যা
নিশাৰ ৰাজপথত নিশ্চিন্তে যাত্ৰা কৰি আছিল ৬০ গৰাকী লোক। মন্দিৰ দৰ্শনৰ বাবে ওলাইছিল লোকসকল। কিন্তু হঠাতে ৰাজপথৰ মাজতে দাও দাউকৈ জ্বলিবলৈ ধৰে বাছখন। লাগি যায় হুৱাদুৱা। চিঞৰ বাখৰ শুনি ওচৰৰ গাঁৱৰ পৰাও লোক দৌৰি আহে ঘটনাস্থলীলৈ।
গাঁওবাসীৰ সহায়ত বহু লোকে বাছৰ খিৰিকি ভাঙি বাহিৰলৈ ওালই আহে। যাৰ ফলত বহু কেইগৰাকী আহত হয়। বাছৰ ভিতৰৰ যাত্ৰীয়েও ততাতৈয়াকৈ তাৰ পৰা ওলোৱাৰ চেষ্টা কৰে।
কিন্তু সেই সকলোবোৰৰ মাজতে কেইজনমান লোক ওলাবলৈ সক্ষম নহয়। যাৰ বাবে জীৱন্তে অগ্নিদ্বগ্ধ হৈ মৃত্যুক আঁকোৱালী লয় ৯ জনকৈ লোকে। অন্য ২০ জন লোক আহত হয়।
শনিবাৰৰ পুৱতি নিশা মথুৰা-বৃন্দাবনৰ পৰা চণ্ডীগড় অভিমুখে যোৱা এখন এচি পৰ্যটন বাছ এই দুৰ্ঘটনাৰ সন্মুখিন হয়। দুৰ্ঘটনাৰ সময়ত বাছখনত ৩৫ গৰাকী মহিলা, ২১ জন পুৰুষ, আৰু চালক আৰু কণ্ডাক্টৰকে ধৰি চাৰিটা শিশু আছিল। যাত্ৰী সকলে মধুৰা-বৃন্দাবনকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাটাও মন্দিৰ দৰ্শনৰ বাবে ওলাইছিল।
যাত্ৰী সকলৰ অধিকাংশই আত্মীয় স্বজন আছিল। সেই লোক সকলৰ ভিতৰতে এখন ঘৰৰ মাতৃ-পুত্ৰ আৰু ১০ বছৰীয়া নাতিনীৰ কৰুণ মৃত্যু হয়। জানিব পৰা মতে বাছৰ ৬০ গৰাকী যাত্ৰী হাৰিয়ানা নিবাসী আছিল।
এই কৰুণ দুৰ্ঘটনাটোত হাৰিয়ানৰ মুখ্যমন্ত্ৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ চিকিৎসাৰ বাবে সকলো খৰচ বহন কৰাৰ কথা সদৰি কৰে। ৰাষ্ট্ৰপতি মু্ৰ্মুৱেও শোকপ্ৰকাশ কৰে এই ঘটনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ