লোকসভা নিৰ্বাচনত বিজেপিৰ বিপৰ্যয়ৰ বাবে নৰেন্দ্ৰ মোদীকেই দোষ দিলে পুৰীৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীয়ে৷ অযোধ্যাত বিজেপিৰ হাৰক লৈয়ো কটাক্ষ কৰিলে পুৰীৰ শংকৰাচাৰ্যই৷ মোদীয়ে যেন তেওঁৰ সৈতে টক্কৰ দিবলৈ বৃথা চেষ্টা নকৰে সেই কথাও আকৌ এবাৰ সঁকিয়াই দিছে শংকৰাচাৰ্যই৷ পূৰ্বেও ৰামমন্দিৰক উপলক্ষ কৰি বিতৰ্ক হৈছিল শংকৰাচাৰ্য আৰু মোদীৰ মাজত৷
ৰাম মন্দিৰক লৈ মোদীয়ে দেখুওৱা ভক্তিৰ উন্মাদৰ লক্ষণ বুলিও সমালোচনা কৰিছিল শংকৰাচাৰ্যই৷ বুধবাৰে বোলপুৰৰ এক উৎসৱত অংশগ্ৰহণ কৰি শংকৰাচাৰ্যই কয়, ‘অযোধ্যাত মানুহে বিজেপিক পৰাস্ত কৰোৱাই উচিত জৱাব দিছে৷’ তেওঁ লগতে প্ৰশ্ন কৰে, ‘ৰাম মন্দিৰ উদ্বোধনৰ ভাল প্ৰভাৱ যদি পৰিলেহেতেন তেন্তে বিজেপিয়ে অযোধ্যাত কেনেকৈ পৰাজয়বৰণ কৰিলে?’ শংকৰাচাৰ্যই লগতে কয় যে অযোধ্যাবাসীৰ ৰামমন্দিৰৰ এই কাৰ্যকলাপত যে সমৰ্থন নাই সেই কথা ইতিমধ্যে এই নিৰ্বাচনেই বুজাই দিলে৷ লৌকিক আচাৰ নামানিলে গণতন্ত্ৰও সঠিকভাৱে নচলে বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি শংকৰাচাৰ্যই কয়, ‘প্রধানমন্ত্ৰী ব্ৰাহ্মণো যদি হ’লহেতেনে তথাপিও ৰাজনেতাই ৰামমন্দিৰ উদ্বোধন কৰাটো সঠিক কথা নহ’লহেতেন৷’
ইয়াৰপূৰ্বেও ৰামমন্দিৰ উদ্বোধনক লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল শংকৰাচাৰ্যই৷ মন্দিৰ উদ্বোধনৰ ঠিক পূৰ্বেই তেওঁ কৈছিল, ‘প্রধানমন্ত্ৰীয়ে নিজৰ সীমাৰ মাজত থাকি কাম কৰা উচিত৷ সংবিধান সন্মত বিধি নিষেধ পালন কৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব৷ এই বিধিক উপেক্ষা কৰি নিজৰ প্ৰচাৰৰ চেষ্টা কৰা উচিত নহয়৷’ ইয়াৰোপৰি তেওঁ কয়, ‘ধৰ্মত তেওঁ হস্তক্ষেপ কৰা উচিত নহয়৷ সকলোতে দাদাগিৰি কৰা আৰু নেতৃত্ব দিবলৈ যোৱাটো প্ৰধানমন্ত্ৰীৰ কাম নহয়৷ এই কাম উন্মাদৰ লক্ষণ৷ ইফালে মোদীজীয়ে কংগ্ৰেছক অত্যন্ত দুৰ্বল দল বুলি ভৱাটোৱেই ভুল হ’ল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ