চণ্ডীগড় বিমানবন্দৰত কংগনাই চৰ খোৱা ঘটনাক লৈ কিয় নিৰৱ হৈ আছে বলীউড? ইমান দিন একেলগে কাম কৰা এগৰাকী সহকৰ্মীক কোনোবাই শাৰীৰিকভাৱে অপদস্ত কৰাক লৈ কিয় কোনো ধৰণৰ বিবৃত্তি প্ৰকাশ কৰা নাই বলীউডৰ এজনো লোকে? কংগনাই অপেক্ষা কৰিও বলীউডৰ পৰা কোনো সহাঁৰি নাপায় ক্ষোভতে লিখিছে এটা ফেছবুক পোষ্ট৷
কংগনাই মনত দুখতে লিখিছে, ‘আপুনি যেতিয়া কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক উদযাপন কৰে তেন্তে নিজৰ বাবেও সেই দিন আহিব বুলি নিজকে প্ৰস্তুত ৰাখক৷ বালীলৈ যিপাত সূগ্ৰীবলৈকে একে পাত৷’ এই পোষ্ট শ্বেয়াৰ কৰাৰ কেইঘণ্টামান পাছত বিশেষ পোষ্টটো আকৌ উঠাইয়ো লয় কংগনাই৷
কংগনাক CISF ৰ মহিলা জোৱানে চৰ মৰাৰ ২৪ঘণ্টাৰ পাছতো এজনো বলীউড অভিনেতা থিয় নহ’ল কংগনাৰ পক্ষত৷ বৰং অভিযুক্তৰ পক্ষতহে থিয় হ’ল বলীউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী৷ মুকলিকৈ অভিযুক্ত কুলবিন্দৰ কৌৰৰ কাষত থিয় হ’ল বিশাল দাদলানি৷ প্ৰয়োজনত সেই জোৱানক চাকৰি দিয়াৰ ব্যৱস্থাও কৰিম বুলি মুকলিকৈ জনাইছে বিশাল দাদলানিয়ে৷
উল্লেখ্য যে কংগনাক চৰ মৰাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কুলবিন্দৰ কৌৰক৷ কুলবিন্দৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ সমৰ্থনত পঞ্জাৱৰ কৃষকে ইনছাফ যাত্ৰা ওলিওৱাৰো হুংকাৰ দিছে৷ কৃষকৰ মত, ঘটনাৰ নিৰপেক্ষ আৰু পূৰ্ণাঙ্গ তদন্ত হওক৷ দেওবাৰে মোহালিত ইনছাফ যাত্ৰা কৰাৰো হুংকাৰ দিছে পঞ্জাৱৰ কৃষক নেতাসকলে৷
ইফালে চণ্ডীগড়ৰ ঘটনাক লৈ এটাৰ পাছত আনটো পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি গৈছে কংগনাই৷ কংগনাই শেহতীয়াকৈ দিয়া পোষ্টত লিখিছে, ‘সকলোৰে নজৰ ৰাফা গেঙৰ ফালেই৷ এই আক্ৰমণ আপোনাৰ লগতে আপোনাৰ সন্তানৰ সৈতে হ’লে আপুনি কি কৰিব? আপুনি যেতিয়া কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক উদযাপনৱ কৰে তেতিয়া সেই দিন নিজলৈকো আহে৷ নিজকে সাজু ৰাখক এনে ঘটনাৰ মুখামুখি আপোনালোকো হ’ব৷’
ৰাফাত ইজৰাইএ আক্ৰমণ কৰাক লৈ সামাজিক মাধ্যমত প্ৰতিবাদ কৰিছিল আলিয়া ভাট্ট, প্ৰিয়ংকা চোপ্ৰা, কৰিণা কাপুৰসহ বলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে৷ ৰাফাৰ বাসিন্দাসকলৰ প্ৰতি সহমৰ্মিতা জনাই সামাজিকমাধ্যমত ‘অল আইছ অন ৰাফা’ বুলি সামাজিক মাধ্যমত লিখিছিল৷ ৰাফাৰ মানুহৰ বাবে চিন্তা কৰা বলীউডে সহকৰ্মীয়ে চৰ খোৱা ঘটনাক লৈ কোনো মন্তব্য কৰাৰ প্ৰয়োজন আছে বুলি ভৱা নাই যাৰ বাবে ক্ষুদ্ধ হৈ পৰিছে কংগনা৷
ক্ষোভতে কংগনাই শ্বেয়াৰ কৰিছে আন এক পোষ্ট৷ সেই পোষ্টত কংগনাই লিখিছে, ‘আপোনালোকে মোৰ এই ঘটনাক উদযাপন কৰিছে৷ সম্পূৰ্ণ নীৰৱ ভুমিকা লৈ আছে৷ মনত ৰাখিব কাইলৈ আপুনি আপোনাৰ দেশৰ বা বিশ্বৰ কোনো স্থানত নিৰস্ত্ৰ বাবে যাত্ৰা কৰিছে তাতেই আপোনাক আপোনাৰ সন্তানৰ ওপৰত ইজৰাইলী, পেলেষ্টাইনীয়ে আপোনাৰ সন্তানৰ ওপৰত আক্ৰমণ চলাইছে৷ তাৰপিছত দেখিব আমিয়েই আপোনাৰ বাকস্বাধীনতাৰ বাবে যুঁজ দিছো৷’ আৱেগিক লৈ লিখা সকলোবোৰ পোষ্ট পুৱাৰ ভাগলৈ কংগনাই ডিলিট কৰাও পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ