ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি অৱশেষত নিশ্চিত কৰিছে ৰাছিয়াই! পিটিআইয়ে প্ৰকাশ কৰা খবৰ অনুসৰি শুক্ৰবাৰে এই সন্দৰ্ভত ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে এৰিছে এক বাৰ্তা৷ তেওঁ কয় যে, যুদ্ধবিৰতিৰ বাবে তেওঁ সাঁজু আছে৷ কিন্তু তাৰবাবে ইউক্ৰেইনে কেইটামান চৰ্ত মানিব লাগিব৷’
পিটিআইৰ খবৰ অনুসৰি, মস্কোৰ বিদেশ মন্ত্ৰণালত এক বক্তৃতাত পুটিনে জনাইছে, অবিলম্বে যুদ্ধবিৰতি ঘোষণা কৰিম৷ আমি যু্দ্ধবিৰতিৰ পক্ষতেই আছো৷ ইউক্ৰেইনে যদি নাটোত যোগদানৰ পৰিকল্পনাৰ পৰা বিৰত থাকে তেতিয়াই আমি যুদ্ধবিৰতি ঘোষণা কৰি আলোচনাত বহিম৷’ ইয়াৰোপৰি ৰুছ প্ৰেছিডেণ্টে লগতে দাবী কৰে যে চাৰিটা ইউক্ৰেইন অধিকৃত অঞ্চলৰ পৰা সকলো সেনাক আঁতৰাই নিব লাগিব ইউক্ৰেইনে৷
পুটিনৰ দাবী ইয়াতেই শেষ নহয়৷ তেওঁৰ কথাত ইউক্ৰেইনৰ সামৰিক শক্তিৰ ওপৰতো কেইটামান বিধিনিষেধ আৰোপ কৰাৰ কথা প্ৰকাশ পাইছে৷ এই যুদ্ধবিৰতিৰ আঁৰত ৰাছিয়ানসকলৰ স্বাৰ্থৰক্ষাৰ কথাও জড়িত হৈ আছে৷ তেওঁৰ মতে এইসমূহ বিষয়ো মৌলিক আন্তৰ্জাতিক চু্ক্তিৰ অংশ হোৱা উচিত৷ ইয়াৰোপৰি ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে যি নিষেধাজ্ঞা জাৰি কৰিছে, সেয়া প্ৰত্যাহাৰৰ বাবেও দাবী কৰিছে পুটিনে৷
পুটিনে ইটালীৰ জি-৭ সন্মিলনত অংশ ল’বলৈ আহিছে৷ ইউক্ৰেইনত শান্তি উভতাই অনাৰ বাবে বিশ্বনেতাসকলে এক বিশেষ বৈঠক অনুষ্ঠিত কৰিব৷ এই বৈঠক অনুষ্ঠিত হ’ব ছুইজাৰলেণ্ডত৷ এই সপ্তাহতেই বিশ্বনেতাসকলে বৈঠকত বহিবলৈ সিদ্ধান্তও লৈছে৷ কিন্তু ৰাছিয়াই স্পষ্টৰূপত জনাইছে যে এই বৈঠকত ৰাছিয়াই অংশ নলয়৷
কিয়েভ নাটোৰ অন্তৰ্ভুক্তিৰ বিষয়টোক লৈয়ো আলোচনা চলিছে৷ এই বিষয়টোক মুঠেও ভাল চকুৰে চোৱা নাই ৰাছিয়াই৷ প্রথমৰ পৰাই তেওঁ ইউক্ৰেইনে নাটোত যোগ দিয়াৰ বিৰুদ্ধেই আছে৷ এইবাৰো পুটিনে মুকলিকৈ নাটোক লৈ কিয়েভক বান্ধি দিছে চৰ্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ