উফিৰ সমস্যা, বহু কৰিয়ো আঁতৰ হোৱা নাই, ব্যৱহাৰ কৰক এই সামগ্ৰী, এটা সপ্তাহতে লাভ কৰক সুফল
মূৰত উফি হ’লে বহু সময়তে লাজ পোৱা যায়। উফিৰ কাৰণে মূৰত খজুৱতি হবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা এই উফি কান্ধ আৰু পিঠিতো পৰি থকা দেখা যায়, যাৰ বাবে লাজ পাব লগা লগা হয়।
এনে পৰিস্থিতিত যদি আপুনিও উফিৰ সমস্যাত অশান্তি পাইছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে ইয়াত উল্লেখ কৰা কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে।
দৈ
উফি আঁতৰোৱাত দৈয়ে ঔষধৰ দৰে কাম কৰে। দৈয়ে মূৰৰ ছাল ভালদৰে পৰিষ্কাৰ কৰে। ই মূৰৰ ছালত জমা হোৱা মলি আঁতৰাই পেলাই। ইয়াৰ বাহিৰেও নেমুৰ ৰসৰ সৈতে দৈত মিহলাই মূৰত লগাব পাৰে। কেৱল উফি কমি যোৱাই নহয়, চুলিও কোমল হৈ পৰে পেষ্ট ব্যৱহাৰ কৰিলে।
নেমুৰ ৰস
উফিৰ পৰা পৰিত্ৰাণ পাবলৈ নেমুৰ ৰস মূৰৰ ছালত ঘঁহিব পাৰে। নেমুৰ ৰস মূৰত ১০ৰ পৰা ১৫ মিনিট লগাই তাৰ পিছত ধুব। উফি হ্ৰাস কৰাত ই ফলপ্ৰসূ বুলি প্ৰমাণিত।
চালকুঁৱৰী
এন্টিফাংগেল আৰু এন্টিমাইক্ৰ’বিয়াল গুণেৰে সমৃদ্ধ এলোভেৰাই মূৰৰ ছালৰ বিষ আৰু খজুৱতি দূৰ কৰে। ইয়াৰ উপৰিও এলোভেৰাই উফি আঁতৰাই মূৰৰ ছাল সতেজ কৰে লগতে চুলিয়ো কোমল কৰি তোলে।
নিম
আয়ুৰ্বেদিক গুণ থকা নিম পাতে চুলি ভালদৰে পৰিষ্কাৰ কৰাত সহায় কৰে। নিমত প্ৰচুৰ পৰিমাণে এন্টি-বেক্টেৰিয়েল গুণৰ লগতে উফি দূৰ কৰে। চেম্পুৰ লগত নিমৰ ৰস মিহলাই চুলি ধুব পাৰে বা নিমপাত পানীত সিজাই সেই পানীৰে মূৰ ধুব পাৰে, উফি নাইকিয়া হৈ যাব।
আপেলৰ ভিনেগাৰ
আপেল চাইডাৰ ভিনেগাৰেৰে চুলি ধুলে সহজে উফি আঁতৰ হয়। ইয়াৰ বাবে প্ৰায় এগিলাচ পানী লৈ তাত ২ চামুচ আপেল ভিনেগাৰ দিব। এই পানীৰে চুলি ধুলে উফি নাইকিয়া হয়। উফি আঁতৰোৱাৰ উপৰিও আপেল চাইডাৰ ভিনেগাৰেৰে চুলি ধুলে চুলিৰ উজ্জলতা বৃদ্ধিৰ লগতে চুলিক কোমল কৰি তোলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ