২৯ জুনত ত্ৰিকোণ ৰাশি কুম্ভত বক্ৰী হৈছে শনি৷ কৰ্মফলদাতাৰ কৃপাত আগন্তুক ১৩৯ দিন বক্ৰীদশা কুম্ভ ৰাশিত বিচৰণ কৰিব৷ ১৫ নৱেম্বৰ পৰ্যন্ত এই ৰাশিত শনি বক্ৰী গতিত ভ্ৰমণ কৰিব৷ এই সময়ত শনিয়ে বিভিন্ন ৰাশিৰ জাতকক শুভ আৰু অশুভ ফলাফল প্ৰদান কৰিব৷ জ্যোতিষ গণনা অনুসৰি শনি বক্ৰী হৈ মকৰ আৰু কুম্ভসহ একাধিক ৰাশিৰ জাতকে শুভ আৰু অশুভ ফলাফল লাভ কৰিব৷ জ্যোতিষ গণনা অনুসৰি শনি বক্ৰী হৈ মকৰ আৰু কুম্ভসহ একাধিক ৰাশিৰ জাতকে আৰ্থিক লাভ পাব৷ অন্যহাতে বৃষ আৰু মিথুন ৰাশিৰ জাতকৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব৷ আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে কেইটামান ৰাশিৰ৷ শনিৰ বক্ৰী দশাই মেষ আৰু মীন ৰাশিৰ জাতকৰ জীৱনক কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব জানি থওক সবিশেষ৷
মেষ ৰাশি
মেষ ৰাশিৰ একাদশ স্থানত বক্ৰী হৈছে শনি৷ চাকৰিয়াল জাতকৰ বাবে এই সময় খুব ভাল৷ চাকৰিত পূৰ্বে বাধা থাকিলেও এই সময়ত উন্নতিৰ পথত অগ্ৰসৰ হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰাৰ ওপৰিও আত্মসন্তুষ্টিও থাকিব৷ টকা পইছা অৰ্জনৰ বাবে এই সময় ভাল৷ কৰ্মক্ষেত্ৰত পূৰ্বৰ বাধা ক্ৰমশ দূৰ হ’ব৷
প্ৰতিদিনে গা ধোৱাৰ সময়ত ওম নমো নাৰায়ণৰ মন্ত্ৰ ২১ বাৰ জপ কৰক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ দশম স্থানত বক্ৰী শনি কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনত বাধাৰ সন্মুখীন হ’ব৷ চাকৰিয়াল অধিকাৰীসকলে আপোনাৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ সময় আৰু শক্তি নষ্ট হ’ব৷ ব্যৱসায়ীক প্ৰতিযোগীসকলৰ সৈতে প্ৰতিযোগীতাত নামিব৷ ইয়াৰ ফলত ব্যৱসায়ত ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ আৰ্থিক জীৱনত ভাল লাভ হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷
প্ৰতিদিনে সূৰ্যক পানী নিবেদন কৰক৷
মিথুন ৰাশি
মিথুন ৰাশিৰ নৱমত বক্ৰী হৈছে শনি৷ এই সময়ত ভাগ্যৰ বিশেষ সংগ পাব আপুনি৷ আপোনাৰ মাজত আত্মবিশ্বাসৰ অভাৱে দেখা দিব৷ চাকৰিৰ ভাল সুযোগ পাব আপুনি৷ মুনাফাৰ পৰিমাণ কৰিব৷ এই সময়ত আৰ্থিক লোকচানৰ চিকাৰ হ’ব মিথুন ৰাশিৰ জাতক৷ ভৰিত বিষ অনুভৱ কৰিব পাৰে৷ অধিক ধন সঞ্চয় কৰিব নোৱাৰিব৷
শনিবাৰে পানীৰ সৈতে কলা তিল মিহলাই শনি দেৱক দান কৰক৷
কৰ্কট ৰাশি
আপোনাৰ ৰাশিৰ অষ্টম স্থানত শনি বক্ৰী হ’ব৷ ইয়াৰ শুভ প্ৰভাৱত আকস্মিক ধনলাভ সম্ভৱ৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতি হ’ব পাৰে৷ ব্যৱসায় সংক্ৰান্তিয় সমস্ত পৰিকল্পনাত সফল হ’ব৷ কেৰিয়াৰত ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত পৰিবেশ উন্নত৷ ব্যৱসায়ত লোকচানৰ সৈতে ভাৱিচিন্তি লগ্নি কৰক৷ টকা-পইছাৰ বিষয়ে সতৰ্ক থাকক৷ যাত্ৰাৰ সময়ত গাফিলতিৰ কাৰণে আৰ্থিক লোকচান হ’ব পাৰে৷ ব্যক্তিগত সম্পৰ্কক লৈ সচেতন হওক৷ স্বাস্থ্যৰ যত্ন লওক৷ প্ৰতিদিনে দূৰ্গা চালিচা পাঠ কৰক৷
সিংহ ৰাশি
জ্যোতিষ গণনা অনুসৰি আপোনাৰ ৰাশিৰ সপ্তম স্থানত শনি বক্ৰী হৈছে৷ এই সময়ত লাভাম্বিত হ’ব সিংহ ৰাশিৰ জাতক৷ কেৰিয়াৰত কোনো কাৰণে লোকচানো হ’ব পাৰে৷ অনিচ্ছাসত্ত্বেও কোনো স্থানলৈ যাত্ৰা কৰিব পাৰে৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ৷ কৰোবাত ধন বিনিয়োগ কৰিলে লোকচানৰ সন্মুখীন হ’ব পাৰে৷ অৰ্থৰ অপচয় নকৰিব৷ অসুস্থতাৰ কাৰণে চিন্তিত হ’ব৷ শনিবাৰে হনুমান চালিছা পাঠ কৰক৷
কন্যা ৰাশি
আপোনাৰ ৰাশিৰ গোচৰ কোষ্ঠীৰ ষষ্ঠ স্থানত শনি বক্ৰী হ’ব৷ শনিৰ অশুভ প্রভাৱৰ কাৰণে ব্যয় বাঢ়িব আপোনাৰ৷ নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ঋণ ল’ব পাৰে আপুনি৷ কাৰ্যালয়ৰ অধিকাৰীসকলৰ বিৰাগভাজন হ’ব৷ ব্যৱসায়ত বিৰোধীৰ পৰা চেলেঞ্জ পাব পাৰে৷ অৰ্থ ব্যয় হ’ব৷ লোকচানৰো সম্ভাৱনা আছে৷ প্ৰতিদিনে বিষ্ণু সহস্ত্ৰনাম পাঠ কৰক৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আগন্তুক ১৩৯ দিন অৱসাদেৰে পৰিপূৰ্ণ হৈ থাকিব৷ মনৰ মাজত ভৱিষ্যতৰ কাৰণে দুশ্চিন্তা থাকিব৷ কেৰিয়াৰত বেয়া সময়৷ ব্যৱসায়ত সঠিক সিদ্ধান্ত নোলোৱাৰ বাবে চিন্তিত থাকিব৷ পৰিয়ালত অৰ্থাভাৱৰ চিকাৰ হ’ব৷ দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ’ব৷ সন্তানৰ স্বাস্থ্যৰ পিছত অৰ্থ ব্যয় হ’ব৷ প্ৰতিদিনে পুৱাই হনুমান চালিছা পাঠ কৰক৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত বক্ৰী হ’ব শনি৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে অধিক সময় কটাব৷ কৰ্তব্য আৰু দায়িত্ব বৃদ্ধি হ’ব পাৰে৷ কৰ্তব্য আৰু দায়িত্ব বৃদ্ধি পাব পাৰে৷ ভালধৰণে নিজৰ দায়িত্ব পালন কৰক৷ কেৰিয়াৰত কামৰ চাপ কমিব৷ জীৱনসংগীৰ সৈতে অবাঞ্চিত বিবাদ আৰু মতভেদ উৎপন্ন হ’ব পাৰে৷ সাবধানে গাড়ী চলাওক৷ শনিবাৰে মিঠাতেলৰ চাকি জ্বলাওক৷
ধনু ৰাশি
গোচৰ কোষ্ঠীৰ তৃতীয় কক্ষত বক্ৰী শনিৰ প্ৰভাৱ ধনু ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এই সময়ত আত্ম উন্নতিৰ ওপৰত বিশেষ নজৰ দিব৷ যাত্ৰা কৰিব পাৰে৷ কেৰিয়াৰৰ বাবে এই সময় শুভ৷ ব্যৱসায়িক কাৰণত যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰাৰ দ্বাৰা লাভাম্বিত হ’ব৷ পাৰিবাৰিক দায়িত্বৰ কাৰণে ব্যয় বাঢ়িব৷ জীৱনসংগীৰ সৈতে মতভেদ হ’ব পাৰে৷ দাম্পত্য জীৱনত খাম খেয়ালী হ’ব৷ সম্পৰ্কত আকৰ্ষণ কমিব পাৰে৷
মকৰ ৰাশি
শনিৰ বক্ৰী গতিয়ে শুভ ফল প্ৰদান কৰিব৷ ভাৱিচিন্তি কথা কওক৷ চাকৰিয়াল জাতকে কাংশিত স্থান বদলিৰ প্ৰস্তাৱ পাব পাৰে৷ ব্যৱসায়ত কঠিন প্ৰতিযোগীতাৰ মুখামুখি হ’ব পাৰে৷ ভাল পৰিমাণৰ অৰ্থ সঞ্চয়ৰ সুযোগ পাব৷ পৰিয়ালত সদস্যৰ মাজত তিক্ততা বাঢ়িব পাৰে৷ বিবাদ সম্ভৱ৷
কুম্ভ ৰাশি
এই ৰাশিৰ লগ্ন স্থানতেই বক্ৰী হৈছে শনি৷ নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক৷ কেৰিয়াৰৰ বাবে এই সময় খুবেই ভাল৷ চাকৰিৰ নতুন সুযোগ পাব পাৰে৷ ব্যৱসায় লগ্নিৰ পৰিকল্পনা থাকিলে এই সময় অনুকূল৷ এই লগ্নিৰ দ্বাৰা ভৱিষ্যতে অসাধাৰণ লাভ হ’ব৷ অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থৰ আগমন সম্ভৱ৷ প্ৰেম আৰু দাম্পত্য জীৱনত সন্তুষ্ট থাকিব৷ কিন্তু আপোনাৰ মাজত সামঞ্জস্য নাথাকিব৷ হজমৰ সমস্যা হ’ব পাৰে৷
প্ৰতি শনিবাৰে অসহায়জনক দান কৰক৷
মীন ৰাশি
মীন ৰাশিৰ কোষ্ঠীৰ দ্বাদশ স্থানত শনি বক্ৰী হৈছে৷ এই সময়ত অত্যাধিক চিন্তাভাৱনা কৰি ব্যয় কৰক৷ আপোনাৰ কেৰিয়াৰত চেষ্টা আৰু অভিজ্ঞতাৰ বাবে কোনোৱে প্ৰশংসা নকৰিব৷ যাৰ বাবে হতাশাৰ বলি হ’ব পাৰে আপুনি৷ চাকৰি পৰিবৰ্তনৰ কথা চিন্তাভাৱনা কৰিব পাৰে৷ ব্যৱসায়ীসকলে নিজৰ পুৰণি ৰণনীতিৰ কাৰণে ব্যৱসায়ত কঠিন প্ৰতিযোগীতাৰ সন্মুখীন হ’ব পাৰে৷ জীৱনসংগীৰ প্ৰতি সন্তুষ্ঠ নহ’ব৷ এই ১৩৯ দিন স্বাস্থ্যৰ যত্ন লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















