বিগত ২৯ জুনৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা৷ ভক্তৰ বাবে খুলি দিয়া হৈছে হিন্দুৰ অন্যতম পবিত্ৰতম এই স্থান৷ প্ৰৱল দুৰ্যোগ নেওচি লাখ লাখ ভক্তই যাত্ৰা কৰিছে অমৰনাথলৈ৷ তুষাৰপাত, বৰষুণৰ মাজতেই যাত্ৰা কৰিছে তীৰ্থযাত্ৰীসকলে৷ চলিত বৰ্ষত বৰ্তমানলৈ ডেৰ লাখ ভক্ত উপস্থিত হৈছে অমৰনাথত৷
আগন্তুক ১৯ আগষ্ট পৰ্যন্ত চলিব অমৰনাথ যাত্ৰা৷ কিন্তু যাত্ৰাৰ প্ৰথম সপ্তাহতেই ৰেকৰ্ড ভংগ কৰি ১.৫১ লাখ তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিছে এই শিৱলিংগ৷ এসপ্তাহৰ ভিতৰতেই তাপমাত্ৰা অত্যধিক বাঢ়ি যোৱাৰ বাবে এই গুহাত থকা বৰফৰ শিৱলিংগ সম্পূৰ্ণৰূপে গলি গৈছে৷ ফলত নতুনকৈ যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলে আৰু বৰফৰ সেই শিৱলিংগৰ দৰ্শন নাপাব৷ অত্যধিক তাপমাত্ৰাৰ বাবে গলি গৈছে সেই বিশেষ শিৱলিংগটো৷
স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি বিগত এসপ্তাহ ধৰি তাৰ তাপমাত্ৰা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে৷ তাপমাত্ৰাৰ বাবেই গলি গৈছে এই বিশেষ লিংগটো৷ ২০০৮ চনৰ পাছত এইবাৰেই প্ৰথম বৰফৰ শিৱলিংগ অমৰনাথ যাত্ৰাৰ প্ৰথম ১০ দিনৰ ভিতৰত গলি গৈছে৷ মুঠ ৫২ দিনৰ এই যাত্ৰাত ১০ দিন পাৰ নৌহওঁতেই অদৃশ্য হৈ পৰিছে অমৰনাথৰ শিৱলিংগ৷ অমৰনাথত বৰষুণৰ মাত্ৰাও এইবাৰ যথেষ্ট বেছি বুলি জনাইছে স্থানীয় প্ৰশাসনে৷ যাৰবাবে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ কথা ভাৱিয়েই যাত্ৰা কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে৷ বৰষুণৰ মাজতো অমৰনাথত ৫ ডিগ্ৰী ছেলচিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















