টি-২০ বিশ্বকাপ জয় কৰি ক্ৰিকেটৰ কনিষ্ঠতম ফৰমেটৰ পৰা অৱসৰ লৈছে ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজাই৷ টি-২০ ফৰমেটৰ নতুন নেতা এইবাৰ সূৰ্যকুমাৰ যাদৱ৷ ভাৰতৰ জাতীয় দলৰ কোচ হিচাপে শ্ৰীলংকাৰ চিৰিজৰ বাবে যাত্ৰা কৰিবলৈ সাজু হৈছে গৌতম গম্ভীৰো৷ বৃহস্পতিবাৰে আসন্ন শ্ৰীলংকা চিৰিজৰ দল ঘোষণা কৰিছে বিচিচিআইয়ে৷ গম্ভীৰ, সূৰ্যহঁতৰ হাতত ধৰি ভাৰতীয় দলটোৱে কেনে ফলাফল দেখুৱাব? কোন কোন থাকিব প্ৰথম একাদশত? জানি থওক টি-২০ৰ ভাৰতৰ সাম্ভাব্য একাদশত কোন কোন?
- শুভমন গীলঃ সদ্য জিম্বাবোয়ে চিৰিজত ভাৰতীয় দলক নেতৃত্ব দিছিল শুভমন গীলে৷ শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁক অপেনাৰ হিচাপে দেখা গৈছিল৷ সেই ফৰ্মেটতেই ১৯খন মেচৰ পাঁচশতকৈয়ো বেছি ৰান কৰিছে শুভমনে৷ সোঁহতীয়া বেটাৰ শুভমনৰ ষ্ট্ৰাইক ৰেট প্ৰায় ১৪০৷
- যশস্বী জয়ছোৱালঃ অপেনিঙত ৰোহিতৰ যোগ্য উত্তৰসূয়ী হিচাপে এইগৰাকী বাওঁহতীয়া বেটাৰক বহুতেই কল্পনা কৰিছে৷ টি-২০ আন্তৰ্জাতিকত ১৬২তকৈ বেছি ষ্ট্ৰাইক ৰেটত প্ৰায় ৬৫০ৰান কৰিছে যশস্বীয়ে৷
- সঞ্জু ছেমছনঃ কোচ গম্ভীৰৰ অন্যতম পছন্দৰ ক্ৰিকেটাৰ হৈছে সঞ্জু ছেমছন৷ তেওঁকো মূল একাদশত স্থান দিয়া হ’ব পাৰে৷ অৱশ্যে এই ক্ষেত্ৰত ঋষভ পন্থক প্ৰথম একাদশৰ বাহিৰত ৰখা হ’ব পাৰে৷ ফৰ্মত থকা পন্থক বাদ দিব নেকি সেইটোও লক্ষ্যণীয় হ’ব৷
- সূৰ্যকুমাৰ যাদৱঃ ভাৰতীয় দলৰ নতুন নেতা সূৰ্য৷ ৬৮খন টি-২০ত ২৩৪০ ৰান লৈছে সূৰ্যই৷ ১৬৮ ষ্ট্ৰাইক ৰেটত বেট কৰা সোঁহতীয়া বেটাৰ এই ফৰ্মেটত যি কোনো বলাৰৰ বাবেই ত্ৰাসৰ কাৰণ হৈ থাকিব৷
- হাৰ্দিক পাণ্ডিয়াঃ বলিঙত হওক বা বেটত হওক তেওঁক লৈ যাৱতীয় সমালোচনাৰ জৱাব বিশ্বকাপতেই দিছে হাৰ্দিকে৷ সোঁহতীয়া অলৰাউণ্ডাৰ হাৰ্দিকক এৰি এতিয়া দল তৈয়াৰৰ কল্পনাই কৰিব নোৱাৰে বিচিচিআইয়ে৷
- ৰিংকু সিংঃ গম্ভীৰৰ আৰু এগৰাকী পছন্দৰ ক্ৰিকেটাৰ হৈছে ৰিংকু সিং৷ আইপিএলত নাইট ৰাইডাৰ্ছ টীমত গম্ভীৰে কাষৰ পৰা পাইছে ৰিংকুক৷ ঠাণ্ডা মগজুৰ বাওঁহতীয়া বেটাৰ মিডল অৰ্ডাৰ ৰিংকু ভাৰতৰ অন্যতম ভৰসা৷
- অক্ষৰ পেটেলঃ ভাৰতৰ বিশ্বকাপ জয়ৰ অন্যতম কাৰিগৰ৷ বাওঁহতীয়া স্পিনাৰৰ ওপৰিও বেটতো ভৰসা আছে এই অলৰাউণ্ডাৰৰ৷ শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ দলত থকাৰ সম্ভাৱনা প্ৰৱল৷
- ৱাছিংটন সুন্দৰঃ দলত স্থান ল’ব পাৰে অলৰাউণ্ডাৰ ৱাছিংটন সুন্দৰেও৷ ৪৮ টা টি-২০ত ৪২উইকেট লৈছে ৱাছিংটনে৷ ইয়াৰোপৰি বেট হাতত লৈ কৰিছে অৰ্ধশতৰানো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















