দিনকদিনে মহিলাৰ মাজত ইনফাৰ্টিলিটিৰ সমস্যা বাঢ়িছে৷ সহজে গৰ্ভধাৰণ কৰিব পৰা নাই বহু মহিলাই৷ যাৰবাবে বেছিভাগ মহিলাই সহায় ল’ব লগা হৈছে আইভিএফৰ৷ ইনফাৰ্টিলিটিৰ পিছত কি কি কাৰণ দায়ী জানেনে? মহিলাৰ ক্ষেত্ৰত ইনফাৰ্টিলিটিৰ পাছত জৰায়ুৰ আকাৰ, ফাইব্ৰয়েড, হৰমনৰ ভাৰসাম্যহীনতা, অস্বাস্থ্যকৰ লাইফষ্টাইলৰ দৰে নানান কাৰণ আছে৷ কিন্তু জানেনে আপোনাৰ দেহত যদি ভিটামিন ডিৰ ঘাটি থাকে তেতিয়াও গৰ্ভধাৰণত বাধা আহিব পাৰে৷ মহিলাৰ মাজত খুুবেই কমন সমস্যা হৈছে ভিটামিন-ডিৰ অভাৱ৷ ইয়াৰ বাবেই ইনফাৰ্টিলিটিজনিত সমস্যা বাঢ়িছে দেশত৷
নেশ্ব্যনেল ইনষ্টিটিউট অৱ হেলথৰ মতে, ভিটামিন ডিৰ অভাৱ ইনফাৰ্টিলিটিৰ সৈতে যুক্ত৷ ভিটামিন ডিয়ে দেহৰ হৰমনৰ ভাৰসাম্য বজায় ৰাখক৷ আনকি গৰ্ভাৱস্থাত ভিটামিন ডিয়ে শিশুৰ ওজন আৰু হাওঁফাওঁৰ স্বাস্থ্য গঠনতো সহায় কৰে৷
বিশেষজ্ঞসকলৰ মতে ভিটামিন ডিয়ে গৰ্ভাৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ দেহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি ডিম্বাণু গঠনতো সহায় কৰে৷ ইয়াৰোপৰি শৰীৰক একাধিক ৰোগৰ পৰা হাত সাৰি থকাত সহায় কৰে৷ ফাৰ্টিলিটিৰ বাবে মহিলাৰ ওপৰি পুৰুষৰ দেহতো পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি থকাটো জৰুৰী৷ এই পুষ্টিয়ে পুৰুষৰ মাজত শুক্ৰাণুৰ গুণগত মান বৃদ্ধিত সহায় কৰে৷ শুক্ৰাণুৰ সংখ্যা আৰু গুণমান ভালে নাথাকিলে কিন্তু ইনফাৰ্টিলিটিৰ সমস্যাই দেখা দিয়ে৷
ফাৰ্টিলিটিত ভিটামিন ডিৰ প্ৰয়োজনীয়তা
১. ভিটামিন ডিয়ে জৰায়ু, ডিম্বাশয়সহ প্ৰজন্ন স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখে৷ এই ভিটামিনৰ অভাৱত পিছিওছি, এণ্ডোমেট্ৰিঅছিছৰ দৰে সমস্যাই দেখা দিয়ে৷
২. ভিটামিন ডিৰ ঘাটি থাকিলে হৰমনৰ ভাৰসাম্য নষ্ট হয়৷ ইয়াৰ জোৰত নানান শাৰীৰিক সমস্যাই দেখা দিয়ে৷ ডিম্বস্ফোটনৰ সমস্যাইয়ো দেখা দিয়ে৷
৩. ভিটামিন ডিয়ে পিৰিয়ডৰ চাইকেলক নিয়ন্ত্ৰণত ৰাখে৷ ভিটামিন ডিয়ে শৰীৰত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণৰ উৎপাদনত সহায় কৰে৷ এটা ডিমৰ বিকাশ আৰু ডিম্বস্ফোটনত সহায় কৰে৷
৪. গৰ্ভাৱস্থাত ভিটামিন ডিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰিমেছিওৰ ডেলিভাৰিৰ ক্ষেত্ৰতো ভিটামিন ডি কমাৰ ভূমিকা আছে৷ মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্যৰ বাবে ভিটামিন ডি জৰুৰী৷
দেহত ভিটামিন ডিৰ ঘাটি পূৰণৰ বাবে ৰ’দ জৰুৰী৷ পুৱা ১০-১৫ মিনিট ৰ’দত খোজকাঢ়ক৷ ইয়াৰোপৰি খাদ্যতালিকাত দৈ, মাছৰুম, কণী, গাখীৰ, মাছ আদি খাদ্য জৰুৰী৷ যদি ভিটামিন ডি ছাপ্লিমেণ্ট খোৱাৰ প্ৰয়োজন পৰে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ