কলৰ বাকলি পেলাই নিদি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰি ৰাহি কৰক হাজাৰ হাজাৰ টকা
কল খোৱাৰ পিছত কলৰ বাকলিটো কি কৰে? হয়তো আপুনিও ইয়াৰ বাকলিটো কল খোৱাৰ পাছত পেলাই দিয়ে? কল খাওঁতে কেতিয়াবা ভাবিছেনে যে কলৰ বাকলিও বহুত উপকাৰী হ’ব পাৰে? কিন্তু এতিয়াৰ পৰা কলৰ বাকলিৰ উপকাৰিতা জনাৰ পিছত পেলাই নিদি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰিবা পৰিব।
কলৰ উপকাৰিতাৰ কথা সকলোৱে জানে। এই ফলবিধত কিমান শক্তি আছে সেয়া সৰুতে কবিতা পঢ়োতেও পাইছিল, কল খালে গাত হয় হাতীৰ সমান বল। তাৰোপৰি কল খালে হাড় শক্তিশালী হয়, ওজন কমাব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে লগতে শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে।
পাছে এইবাৰ কলৰ নহয়, কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানক। সৌন্দৰ্য চৰ্চাত কিদৰে উপকাৰি কলৰ বাকলি। কলৰ বাকলিৰ সহায়ত মুখৰ পৰা ৰ’দে পুৰা দাগ আঁতৰাব পাৰি, বলিৰেখা কমাব পাৰি, লগতে মুখ পৰিষ্কাৰ কৰি উজ্জলতা লাভ কৰিব পাৰি। সাধাৰণতে এই সকলোবোৰ কামৰ বাবে বিউটি পাৰ্লাৰত বহু টকা খৰচ কৰিবলগীয়া হয়। আনহাতে, আমি দামী সামগ্ৰী কিনিও আমাৰ মুখখন জিলিকিবলৈ চেষ্টা কৰোঁ।
বিশেষজ্ঞসকলে কোৱা অনুসৰি, কলৰ বাকলিত ফেটি এচিড, জিংক, পটাছিয়াম, ভিটামিন এ আৰু প্ৰদাহ নিবাৰণকাৰী আদি গুণ থাকে। এই সকলোবোৰ আমাৰ চেহেৰাৰ বাবে অতি উপকাৰী। কলৰ বাকলিত হালধি আৰু চেনি মিহলাই ছালত লগতে ছাল জিলিকি উঠিব। এই পদ্ধতি সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ ব্যৱহাৰ কৰিব পাৰি।
মুখত গোলাপ জল বা এলোভেৰা দি কলৰ বাকলি মাত্ৰ ১০ৰ পৰা ১৫ মিনিটৰ বাবে ব্যৱহাৰ কৰক। সপ্তাহত ৩ বাৰ এনে কৰিলে চেহেৰাত পৰিৱৰ্তন দেখা পাব। ক্ৰমান্বয়ে আপোনাৰ মুখৰ পৰা দাগ আৰু বলিৰেখা আঁতৰি যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ