বয়স মাত্ৰ ১৪ বছৰ৷ ভাৰতীয় এথলিটসকলৰ ভিতৰত পেৰিছ অলিম্পিকলৈ যাত্ৰা কৰা সকলোতকৈ কনিষ্ঠ এথলিট৷ জাতীয় স্তৰত একাধিক পদক তেওঁ লাভ কৰিছে৷ নজৰত এইবাৰ অলিম্পিকৰ পদক৷ দেশক প্ৰতিনিধিত্ব কৰি সাঁতোৰত নামিছে কনিষ্ঠ এথলিট ধিনিদি দেশিংহু৷ অথচ এদিন পানীয়েই ফবিয়া আছিল ধিনিদিৰ৷
আৰম্ভণিৰ সময়চোৱাত প্ৰতিযোগীতাত ভাগ ল’লেও তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হৈ পৰিছিল৷ কিন্তু সকলোবোৰেই মানসিক কথা৷ কেতিয়াবা টুৰ্নামেণ্টৰ আগৰ দিনাই জ্বৰ কাঁহত কাবু হৈ পৰিছিল যদি কেতিয়াবা আকৌ টুৰ্নামেণ্টৰ দিনাই বমি কৰিবলৈ ধৰিছিল৷ পানীয়েই ধিনিদিৰ সকলোতকৈ ডাঙৰ শত্ৰু৷ সেই পানীয়েই এতিয়া ধিনিদিক লৈ গৈছে সৰ্ববৃহৎ পুৰস্কাৰ দেশৰ বাবে আজুঁৰি অনাৰ দৌৰলৈ৷ সাঁতোৰৰ আৰম্ভণিও আছিল ধিনিদিৰ কাকতালীয়৷ এতিয়া সেয়াই ধিনিদিৰ উত্তৰণৰ পথ৷ কেনেকৈ আৰম্ভ হ’ল ধিনিদিৰ এই যাত্ৰা?
তেতিয়া ধিনিদিৰ বয়স মাত্ৰ তিনি বছৰ৷ সাধাৰণতে সেই বয়সত শিশুৱে কথা ক’বলৈ শিকে৷ ধিনিদিৰ তেতিয়াও স্পষ্টকৈ মাত ফুঁটা নাছিল৷ বেছিভাগ সময় ধিনিদিয়ে মনে মনেই থাকিছিল৷ স্পষ্টকৈ কথা কোৱা বহু দেৰীকৈ আৰম্ভ হয় ধিনিদিৰ৷ ক’লেও খুব হিচাপত কথা কয়৷ তেতিয়া ধিনিদিৰ মাতৃয়ে ভাৱিছিল নিৰৱে থকা ছোৱালীজনীক খেলৰ দিশটোতেই অলপ আগুৱাই নিয়া যাওক৷ নতুন নতুন বন্ধু বাঢ়িব তেতিয়া তাই কথা পাতিবলৈ ধৰিব৷ কিন্তু কি খেলৰ সৈতে তাইক যুক্ত কৰাব সেই বিষয়টোক লৈ মাতৃ বিবুদ্ধিত পৰে৷ অৱশেষত সিদ্ধান্ত লয় যে ঘৰৰ কাষতেই ছুইমিং পুল আছে তাতেই প্ৰথমে কথা পাতি চোৱা যাওক৷ ভৱামতেই ধিনিদিক ছুইমিঙত এডমিছন দিয়ে মাতৃয়ে৷
ইণ্ডিয়ান এক্সপ্ৰেছত দিয়া সাক্ষাৎকাৰত ধিনিদিয়ে কয়, ‘পানী মোৰ চূড়ান্ত অপছন্দৰ আছিল৷ নামিবলৈ মই পছন্দ কৰা নাছিলো৷ মোৰ খুব কষ্ট হৈছিল৷ তেতিয়া মোৰ বয়স প্ৰায় ৬বছৰমান হৈছিল৷ সাঁতোৰ শিকাৰ পূৰ্বে মোক কেৱল পুলৰ পাৰলৈ লৈ যোৱা হৈছিল৷ যাতে বাৰে বাৰে সেই স্থানত গৈ মই অলপ স্বাভাৱিক হওঁ৷ তাৰপৰাই মোৰ যাত্ৰাৰ আৰম্ভণি৷’
সেই অকণমানি ধিনিদি এতিয়াও অকণমানিয়েই৷ মাত্ৰ ১৪বছৰীয়া হৈছে ধিনিদি৷ ১৪ বছৰতেই দেশৰ পৰা অলিম্পিকলৈ বুলি উৰা মাৰিছে ধিনিদি৷ পেৰিছ অলিম্পিকত এটা মেডেল লক্ষ্য ধিনিদিৰ৷ তেওঁৰ সংগী অভিজ্ঞ শ্ৰীহৰি নটৰাজ গৈছে ধিনিদিৰ সৈতে৷ ২০০ মিটাৰ ফ্ৰিষ্টাইলত নামিব ধিনিদি৷ পানীৰ সৈতে বন্ধুত্ব হ’লেও টুৰ্নামেণ্টৰত নমাৰ পূৰ্বে বাঢি যোৱা চাপ সহ্য কৰিব নোৱাৰা ধিনিদিয়েই পেৰিছত বিদেশৰ খেলুৱৈৰ সৈতে সমানে প্ৰতিদ্বন্দিত আগবঢ়াবলৈ সাঁজু হৈছে৷
২০২২ চনৰ হানঝাউ এছিয়ান গেমছত অংশ লৈছিল ধিনিদিয়ে৷ পেৰিছ অলিম্পিকক টাৰ্গেট কৰিয়েই অনুশীলন অব্যাহত ৰাখিছিল ধিনিদিয়ে৷ পদক আহক বা নাহক এইবাৰ ধিনিদিয়ে এই যাত্ৰা কৰাৰ আঁৰত আছে অভিজ্ঞতা অৰ্জন কৰাৰ লক্ষ্যও৷ ২০২৮ত লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকৰ বাবে অভিজ্ঞতা আহৰণ কৰিব ধিনিদিয়ে৷ তথাপিও সকলোবোৰৰ মাজত ধিনিদিৰ প্ৰধান লক্ষ্য কিন্তু পেৰিছ অলিম্পিকৰ পৰা এটা পদক দেশলৈ অনাৰহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ