শিক্ষা আৰু মেধা অনুসৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মসংস্থাপন বাচি লয়৷ যি ক্ষেত্ৰত উৎসাহ আছে সেই কাম কৰিলে মানুহ আগুৱাই যোৱাৰ বাটো মসৃণ হৈ পৰে৷ বৰ্তমান গতানুগতিক কামৰ বাহিৰেও ব্লগিঙৰ নিচা বহুতৰেই বাঢ়িছে৷ সামাজিক মাধ্যমৰ পৰা ধন উপাৰ্জনৰ এক পথ হৈছে ব্লগিং৷ কোনোৱে যদি ভ্ৰমণ কৰে কোনোৱে আকৌ খাদ্য খাই ধন উপাৰ্জন কৰে৷
ব্লগিঙৰ বাবেই এইবাৰ মৃত্যুক আঁকোৱালি ল’লে এগৰাকী ২৪বছৰীয়া যুৱতীয়ে৷ ফুড ব্লগিং বহুতেই কৰে কিন্তু এইবাৰ ফুড ব্লগিং কৰিবলৈ গৈয়ে মৃত্যুক সাবটি ল’লে এইগৰাকী ফুড ব্লগাৰে৷ খাই খাইয়েই মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে৷ আচৰিত ধৰণেৰে লাইভত ঘণ্টা ঘণ্টা ধৰি খাদ্য খাই খাই অনকেমেৰা মৃত্যুক সাবটে যুৱতীগৰাকীয়ে৷ পেন জায়োতিং নামৰ সেই যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া বিশ্বজুৰি চলিছে চৰ্চা৷ লাখ লাখ দৰ্শকে তেওঁৰ শেষৰ ভিডিঅ’টো দেখি দুখপ্ৰকাশো কৰিছে৷
চীনৰ যুৱতী পেনে খাদ্য গ্ৰহণ কৰি কৰি লাইভ ষ্ট্ৰিমিং কৰিছিল৷ কেমেৰাৰ সন্মুখত প্ৰচুৰ খাদ্য খাই ব্লগিং কৰি ধন উপাৰ্জন কৰি আহিছিল পেনে৷ সেইদিনাও তেনেকৈয়ে ব্লগিং কৰি আছিল পেনে৷ হঠাৎ অন কেমেৰা তেওঁ অচেতন হৈ পৰে৷ তাৰপিছতেই পেনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তিও কৰোৱা হয়৷ চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে৷ অতিভোজনৰ বাবেই মৃত্যু হোৱা বুলিও জনাই চিকিৎসকে৷
ব্লগিং কৰাৰ পূৰ্বে এগৰাকী পৰিচাৰিকা হিচাপে কাম কৰিছিল যুৱতীগৰাকীয়ে৷ ব্লগিং আৰম্ভ কৰাৰ পাছত যেতিয়া তেওঁৰ জনপ্ৰিয়তা বাঢ়ে তেতিয়াই তেওঁ পৰিচাৰিকাৰ কাম এৰি ব্লগিঙকেই পেছা হিচাপে লয়৷ অৱশেষত ধন ঘটাৰ বাবে অতি ভোজনৰ ভিডিঅ’ কৰিবলৈ গৈ প্ৰাণ হেৰুৱাই পেন নামৰ ব্লগাৰগৰাকীয়ে৷
জনপ্ৰিয়তা বাঢ়ি যোৱাৰ পাছতেই খোৱাৰ চেলেঞ্জত নামিছিল পেন৷ পূৰ্বেই অতি ভোজন কৰি কেইবাবাৰো হাস্পতালত ভৰ্তিও হৈছিল৷ মৃত্যুৰ সময়ত তেওঁৰ ওজন আছিল ৩০০ কিঃগ্ৰাঃ৷ ইয়াৰ পূৰ্বে পেটৰ ভিতৰত খাদ্য বেছিকৈ খাই ৰক্তক্ষৰণ হৈ হাস্পতালত ভৰ্তিও হৈছিল পেন৷ কিন্তু পেনে বিপজ্জনক এই চেলেঞ্জ ল’বলৈ এৰি দিয়া নাছিল৷ এবাৰত প্ৰায় ১০ কিঃগ্ৰাঃলৈকে খাদ্য খাইছিল পেনে৷ দিনত কেতিয়াবা ১০ ঘণ্টা ধৰি লাইভ ষ্ট্ৰিমিং কৰি খাদ্য খাইছিল৷ এনেকৈয়ে ভিডিঅ’ কৰি অৱশেষত মৃত্যু হয় পেনৰ৷ যদিও সকলো তথ্য স্পষ্টকৈ প্ৰকাশ হোৱা নাই তথাপিও একাংশ চীনৰ ৱেবচাইটে এই তথ্য ফাঁচ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ