ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’
আজি ২৭ জুলাই তাৰিখে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে নীতি আয়োগৰ বিশেষ বৈঠক। এই বৈঠকত উপস্থিত আছিল দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। এই বৈঠকতে উপস্থিত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
পাছে বৈঠকৰ পাছতে মমতা বেনাৰ্জীৰ ক্ষোভ। বৈঠকত নিজৰ ভষণৰ সময়তে কেৱল ৫ মিনিট সময় দিয়ে মাইক বন্ধ কৰি দিছিল । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভ উজাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি নীতি আয়োদৰ ৯ সংখ্যক বৈঠকখন অনুষ্ঠিত হৈছিল। এই বৈঠকত বিজেপি শাসনাধীন ৰাজ্য কেইখনৰ বাদে ইণ্ডিয়া গোটৰ অৰ্থাৎ বিৰোধী দলৰ শাসনাধীন ৰাজ্যৰ কেৱল পশ্চিমবংগৰ মমতা বেনাৰ্জী উপস্থিত থাকে।
মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি সেই বৈঠকতে তেঁওক চূড়ান্ত অপমান কৰা হয় বিৰোধী দলৰ মুখ্যমন্ত্ৰী হিচাপে। লগতে ইয়াকো কয় যে, সকলো ৰাজ্যৰ মুক্যমন্ত্ৰীকে নিজৰ নিজৰ কথা ৰাখিবলৈ ১০ৰ পৰা ১২ মিনিটকৈ সময় দিয়া হৈছে। কেৱল মমতা বেনাৰ্জীকে মাত্ৰ ৫ মিনিট সময় দিয়ে।
এই বিষয়ে মাত মাতোতে মমতা বেনাৰ্জীৰ মাইকটোৱেই বন্ধ কৰি দিয়ে। বাৰে বাৰে মাত্ৰ ৫ মিনিট কথা কোৱাৰ বাবে সময় বিচাৰিও বিফল হয় মমতা বেনাৰ্জী। এয়া কেন্দ্ৰীয় চৰকাৰৰ মিজৰ মতে চলা নিয়ম বুলি মন্তব্য কৰে ক্ষোভিত মমতা বেনাৰ্জীয়ে।
উল্লেখ্য যে, এই বৈঠকত ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাছিল। সভা বৰ্জন কৰা সকলো মুখ্যমন্ত্ৰী বিৰোধী দলৰ। বৈঠকৰ এদিন পূৰ্বে বিৰোধীয়ে বাজেটত বৈষম্যৰ অভিযোগ উত্থাপন কৰিছিল। বৈঠকত অংশগ্ৰহণ নকৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ বিৰোধিতা সত্ত্বেও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে সভাত উপস্থিত থাকিব বুলি কোৱা হৈছিল যদিও শেষ মুহূৰ্তত তেওঁ সভাত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ