অ/বৈধ সম্পৰ্কৰ সন্দেহতে শেষ হৈ গ’ল এটা পৰিয়াল, ৫ জন লোক নিহত
দেশ জুৰি তোলপাৰ লগোৱা এক ঘটনা। পত্নীৰ অবৈধ প্ৰেম বুলি সন্দেহ কৰা স্বামীয়ে কোনো বিচাৰ খোচাৰ নকৰাৰ ফলত প্ৰাণ গ’ল নিজৰ লগতে পত্নী, দুই সন্তান আৰু শাহুৰ। বিহাৰৰ ভাগলপুৰত সংঘটিত হৈছে এই ঘটনা।
ভাগলপুৰৰ আৰক্ষী লাইনত এগৰাকী মহিলা কনিষ্টবলৰ স্বামী পংকজে সংঘটিত কৰা নৃশংসতাৰ আঁৰত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰথমে মহিলা কনিষ্টবল নিতুৰ সৈতে পংকৰ প্ৰেম, তাৰ পিছত পৰিয়ালৰ লোকৰ সন্মতিৰে বিবাহ। কিন্তু সন্দেহৰ বশৱৰ্তী হৈ এটা সুখী পৰিয়াল মুহুৰ্ততে ধ্বংস হৈ যায়?
আচলতে মহিলা কনিষ্টবলগৰাকীৰ স্বামী বহুদিন ধৰি নিবনুৱা হৈ আছিল। লগতে লাহে লাহে স্বামীয়ে নীতুক লৈ সন্দেহ কৰিবলৈ ধৰিছিল। যাৰ বাবেই শেষত স্বামীয়ে পত্নী নিতুৰ লগতে দুই সন্তান আৰু শাহুৰ ডিঙি ৰেপি হত্যা কৰি শেষত নিজেও নিজকে শেষ কৰি দিয়ে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভৰ লগে লগে আৰক্ষী লাইনৰ চিবি-৩৮ কোৱাৰ্টাৰত আৰক্ষী উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত মৃতদেহ কেইটা উদ্ধাৰ কৰে।
পাৰস্পৰিক বিবাদৰ বাবেই এই অপৰাধ সংঘটিত কৰে অভিযুক্তই। থিতাতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। য’ত তেওঁ পৰিয়ালটোৰ চাৰিজন সদস্যক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্তই পত্নীক অবৈধ সম্পৰ্কৰ সন্দেহ প্ৰকাশ কৰে। ঘটনাৰ পিছত সমগ্ৰ আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















