অসম লাইভ ২৪ঃ বিশ্ব স্বাস্থ্য সংগঠনৰ মুখ্য বিজ্ঞানী সোময়া স্বামীনাথে কয় যে ২০২০ৰ অন্তত অথবা ২০২১ৰ আৰম্ভণিত পঞ্জীয়নৰ বাবে সাজু হৈ উঠিব ভেকচিন। সোময়া স্বামীনাথে কয় যে ‘আমাৰ হাতত ভেকচিন পৰীক্ষাৰ বাবে ৪০ গৰাকী স্বেচ্ছাসেৱক আছে। যিসকলে ক্লিনিকেল ট্ৰায়েলৰ বেলেগ বেলেগ স্তৰত আছে। ইয়াৰে ১০ জন স্বেচ্ছাসেৱক অন্তিম স্তৰত আছে। পৰীক্ষাৰ অন্তত ভেকচিন কিমান সুৰক্ষিত সেইটো আমি জনাম।’
মহামাৰী ক’ৰোনা আৰম্ভ হোৱাৰ পাছৰ পৰাই প্ৰায় বহু দেশে ভেকচিন প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আহিছে যদিও বর্তমানলৈ WHOৰ দ্বাৰা অনুমোদিত স্তৰৰ পৰীক্ষাত সফলভাৱে অতিক্ৰম কৰিব পৰা নাই। সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ সংখ্যা এই পর্যন্ত ৩.৭৪ কোটিতকৈ অধিক। এই মহামাৰীত ১০.৭ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ