পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা খালি হাতেৰে উভতি আহিব লগা হৈছে বিনেশ ফোগাটে৷ ফাইনেলত প্ৰৱেশ কৰিলেও তেওঁক অতিৰিক্ত ওজনৰ বাবে এনিশাৰ ভিতৰতে বৰ্জনৰ সিদ্ধান্ত লোৱা হয় পেৰিছ অলিম্পিকত৷ ইয়াৰপাছতেই অলিম্পিক সামৰি দেশলৈ উভতি আহিছে বিনেশ ফোগাট৷ সোণ জিকিব নোৱাৰিলেও সম্বৰ্ধনাৰে আদৰি অনা হৈছে বিনেশক৷ মালাৰে আদৰি দিল্লী বিমান বন্দৰৰ পৰা বিশেষ বাহনেৰে ঘৰলৈ লৈ যোৱা হৈছে বিনেশক৷ পদক নোপোৱাৰ দুখ থেলি এই আদৰণিত সুখৰ হাঁহি বিৰিঙি উঠিছে বিনেশৰ ওঁঠত৷ বিনেশৰ গাওঁবাসীৰ স্নেহে তেওঁক আকৌ এবাৰ আৱেগিকো কৰি তুলিছে৷
বিনেশক পেৰিছ অলিম্পিকত বৰ্জন কৰাৰ প্ৰতিবাদ হিচাপে সোণৰ পদক দিয়াৰ সিদ্ধান্ত লৈছে গাওঁবাসীয়ে৷ বিনেশক গাওঁৰ খাপ পঞ্চায়তৰ পক্ষৰ পৰা সিদ্ধান্ত লোৱা অনুসৰি তেওঁক সোণৰ পদক দিয়া হ’ব৷ বিনেশে এইবাৰ ৰূপ নিশ্চিত কৰি সোণৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ পাছতেই তেওঁক অবৈধ ঘোষণা কৰা হয়৷ এই কথাৰ প্ৰতিবাদ স্বৰূপে ছাঙ্গৱানৰ খাপ পঞ্চায়তৰ প্ৰেছিডেণ্ট সোমবীৰ ছাঙ্গৱানে কয়, ‘আমি এটা সোণৰ পদক বনাম, সেয়া পেৰিছ অলিম্পিকৰ পদকৰ দৰেই ডিজাইন কৰিম৷ ইয়াৰ ওজন হ’ব ৫০ গ্ৰামৰ পৰা ১০০ গ্ৰামৰ ভিতৰত৷ এই সোণৰ পদক দিম প্ৰতিবাদ হিচাপে৷ যেনেকৈ তেওঁলোকে আমাৰ ছোৱালীক ১০০ গ্ৰাম ওজন বঢ়া বুলি বৰ্জন কৰিছে সেই কথা আমি কেতিয়াও মানি নলওঁ৷ এয়া চক্ৰান্ত চলিল বুলি আমি নিশ্চিত৷’
বিনেশৰ গাওঁৰ তৰফৰ পৰাও তেওঁক এক আৰ্থিক পুৰস্কাৰো আগবঢ়োৱা হয়৷ ইয়াৰোপৰি ৭৫০গ্ৰাম লাড্ডু খুৱাই গাঁওলৈ আদৰি নিয়া হয়৷ গাওঁবাসীয়ে এটকা দুটকাকৈ তুলি এক মোটা আৰ্থিক সাহায্য তেওঁলৈ আগবঢ়াইছে৷ অলিম্পিকৰ পৰা বৰ্জিত হোৱাৰ পাছতেই বিনেশে অৱসৰৰ সিদ্ধান্ত লয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















