আৰ জি কৰত তৰুণী চিকিৎসকৰ দেহ উদ্ধাৰৰ পাছত প্ৰায় ডেৰ সপ্তাহ পাৰ হৈছে৷ ইতিমধ্যেই বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে নিৰ্যাতিতাৰ নাম৷ ভাইৰেল হৈ পৰিছে ছবিও৷ সেই বিষয়টোক লৈ এইবাৰ প্ৰশ্ন কৰিছে ছুপ্ৰিম কৰ্টে৷ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰডূড়েও৷
মুখ্য ন্যায়াধীশে বিষয়টোক লৈ কয়, ‘নিৰ্যাতিতাৰ নাম আৰু ছবি ভাইৰেল হৈ পৰিছে৷ আনকি মৰোণোত্তৰৰ পূৰ্বৰো বহু ভিডিঅ’ ক্লিক ভাইৰেল হৈ পৰিছে, য’ত দেহ দেখা গৈছে৷ ছুপ্ৰিম কৰ্টৰ গাইডলাইনো আছে৷ তাৰপাছতো কেনেদৰে এয়া হ’বলৈ পালে? মুখ্য ন্যায়াধীশৰ প্ৰশ্নত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কপিল ছিবলে কয়, ‘আৰক্ষী যোৱাৰ পূৰ্বেই ছবি তোলা হৈছে৷ আমি সেই স্থান যিমান পাৰো ঘেৰি ৰাখিছিলো৷’
উল্লেখ্য যে ছুপ্ৰিম কৰ্টৰ গাইডলাইনেই নহয়, নিৰ্যাতিতাৰ নাম প্ৰকাশ্যে অনাৰ ক্ষেত্ৰত নিৰ্দিষ্ট আইন আছে৷ ভাৰতীয় আইনত ধৰ্ষণ বা যৌন নিৰ্যাতনৰ ঘটনাত নিৰ্যাতিতাৰ নাম, পৰিচয় বা ছবি প্ৰকাশ কৰা নহয়৷ আনকি কোনো তথ্যও যি প্ৰকাশ কৰিলে নিৰ্যাতিতাৰ পৰিচয় জনা যাব সেৱা প্ৰকাশ কৰা নহয়৷
মুখ্য ন্যায়াধীশে কয়, ‘এগৰাকী তৰুণী চিকিৎসকৰ মৃত্যু হৈছে, তেওঁক অলপমান মৰ্যাদা দিয়া উচিত৷’ ইয়াৰোপৰি আৰ জি কৰত যি ঘটনা ঘটিছে সেয়া ভয়ংকৰ বুলি উল্লেখ কৰিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ