মথুৰাৰ বিশেষ নান্দনিক দৃশ্য, নিশা ঠিক ১২ বজাৰ লগে লগে প্ৰকট ভগৱান কৃষ্ণ, চাওঁক ভিডিঅ’
সামাজিক মাধ্যমত বৰ্তমানে ভাইৰে হৈ পৰিছে এটা বিশেষ ভিডিঅ’। যি দৃশ্য দেখি এতিয়া হাজাৰ হাজাৰ, কোটি কোটি লোক আহ্লাদিত হৈ পৰিছে। এই ভাইৰেল হৈ পৰা নান্দনিক দৃশ্য কৃষ্ণ নগৰী মথুৰাৰ। নিশা ১২ বজাৰ লগে লগে মথুৰাত প্ৰকট হৈছে ভগৱান শ্ৰী কৃষ্ণ।
জন্মাষ্টমীৰ দিনা সোমবাৰে মাজনিশা ঘড়ীৰ কাটা ১২টাত লগাৰ লগে লগে অধিক মুখৰিত হৈ পৰে মথুৰা। কৃষ্ণ ধ্বনিৰে ৰজনজনাই উঠে মথুৰাৰ আকাশ বতাহ। পৰ্দা গুচাই স্বৰ্ণপদ্মৰ মাজৰ পৰা প্ৰকট হয় ভগৱান কৃষ্ণ তথা লড্ডু গোপাল।
https://x.com/ANI/status/1828139253945246195
মথুৰাৰ নিশা ১২ বজাৰ লড্ডু গোপালৰ প্ৰকট আৰু অভিষেক অনুষ্ঠান বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অভিষেকত লড্ডু গোপালক গাখীৰ, দৈ, মৌ, খাণ্ডছাৰী, ঘিউ আৰু বনৌষধি ঔষধৰ মিশ্ৰণেৰে স্নান কৰা হয়।
তাৰ পাছত ‘শ্ৰিংগাৰ আৰতি’ৰে অভিষেক অনুষ্ঠানৰ সামৰণি পৰে। পুৱা ২ বজালৈকে মথুৰাৰ মন্দিৰৰ দুৱাৰ খোলা থাকে, আনহাতে তীৰ্থযাত্ৰীক সকলকো পুৱা ১.৩০ বজালৈকে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ