গুৱাহাটীৰ উলুবাৰী-বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত মৃ*ত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। মৃ*তসকলৰ ভিতৰত হোটেলখনৰ এগৰাকী স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱাৰ্ষী কাশ্যপো আছে বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তথ্য অনুসৰি, হোটেলখনত দুটা পক্ষৰ মাজত হোৱা বিবাদৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। হোটেলখন লিজত দিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। এই বিবাদে পিছলৈ ভয়াৱহ ৰূপ লয় আৰু তাৰ পিছতে গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
হোটেলৰ স্বত্বাধিকাৰী আৰু পুত্ৰৰ মৃত্যু
এই ঘটনাত হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰ দেৱাৰ্ষী কাশ্যপৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালী, নাৰায়ণ দাস নামৰ আন এজন লোকৰো মৃত্যু হোৱা বুলি তথ্য পোৱা গৈছে। হেলেনা ভৰালীক বচাবলৈ আগবাঢ়ি অহা হোটেলখনৰ এজন কৰ্মচাৰীৰো গুলীচালনাত মৃ*ত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে, মৃ*তকৰ পৰিচয় আৰু ঘটনাৰ সম্পূৰ্ণ বিৱৰণ কৰ্তৃপক্ষৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ পিছতহে স্পষ্ট হ’ব। হোটেলখনত বহুসময়লৈ হেলেনা ভৰালীৰ কন্যা আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।
হোটেলৰ বিভিন্ন স্থানত উদ্ধাৰ মৃ*তদেহ
ঘটনাস্থলীৰ পৰা পোৱা তথ্য অনুসৰি, হোটেলখনলৈ যোৱা পথত দুজন পুৰুষৰ মৃ*তদেহ উদ্ধাৰ হৈছে। আনহাতে, হোটেলখনৰ ৰিচেপচনৰ কাষতো এগৰাকী মহিলাৰ মৃ*তদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত একাধিক লোক গুলীবিদ্ধ হোৱাৰ ফলতে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সন্দেহ কৰা হৈছে।
এজনক গ্ৰেপ্তাৰ, আন লোক জড়িত থকাৰ সন্দেহ
এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে। পল্টন বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ঘনকান্ত গগৈ বুলি আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে, এই গুলীচালনাৰ ঘটনাত আৰু অধিক লোক জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সেই দিশটোৰ পৰা তদন্ত অব্যাহত আছে। ঘটনাত ব্যৱহাৰ কৰা পি*ষ্টলটোও আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে।
চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ
ঘটনাৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে। ঘটনাস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। ফুটেজৰ জৰিয়তে গুলীচালনাত কোন কোন জড়িত আছিল, তেওঁলোক কেনেকৈ ঘটনাস্থলীলৈ আহিছিল আৰু তাৰ পিছত ক’লৈ গৈছিল, সেই বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলোৱা হৈছে।
প্ৰফেশ্যনেল শ্বুটাৰ জড়িতৰ সন্দেহ
প্ৰাথমিক তথ্য অনুসৰি, এই ঘটনাত অসমৰ বাহিৰৰ পেছাদাৰী শ্বুটাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে, এই সন্দেহৰ সত্যতা আৰু গুলীচালনাৰ আঁৰত থকা প্ৰকৃত ব্যক্তিসকলৰ পৰিচয় আৰক্ষীৰ তদন্তৰ পিছতহে নিশ্চিত হ’ব। প্ৰাথমিকভাৱে হোটেলখন লিজত দিয়াক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা বিবাদেই এই ঘটনাৰ মূল কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। হোটেলৰ কোঠাত দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। পিছলৈ এই বিবাদে ভয়ংকৰ ৰূপ লয় আৰু গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















