‘হোটেল বিলাস ইন’ৰ বাবেই সংঘটিত হ’ল লাচিত নগৰৰ এই লোমহৰ্ষক ঘটনা। এই ঘটনাত দুগৰাকী মহিলাসহ মুঠ ৬জন লোকৰ মৃত্যু হোৱা খবৰ অসম LIVE24-এ ইতিমধ্যে প্ৰকাশ কৰিছোঁ। নিহতসকলৰ ভিতৰত আছে হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ ভাতৃ ভূদেৱ ভৰালী আৰু পুত্ৰ দেৱৰ্ষি ভৰালী, দেৱৰ্ষিৰ পত্নী ৰিণিকাৰো গুলীচালনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি হেলেনা ভৰালীৰ গাড়ীচালক, হোটেলখনৰ এগৰাকী মহিলা কৰ্মচাৰী আৰু বৰপেটাৰ নাৰায়ণ দাসো নিহতৰ তালিকাত আছে। ইয়াৰ উপৰিও এগৰাকী ফুচকা ব্যৱসায়ীৰো ঘটনাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে GMCHত জীৱন-মৃত্যুৰে যুঁজি আছে হেলেনা ভৰালীৰ কন্যা।
প্ৰাপ্ত তথ্য অনুসৰি, হোটেল বিলাস ইনৰ দ্বিতীয় মহলাত থকা অন শ্বপ বাৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। হোটেলখন লীজত দিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত বিবাদৰ সূত্ৰপাত ঘটিছিল বুলি সন্দেহ কৰা হৈছে। অভিযুক্ত ঘনকান্ত গগৈয়ে প্ৰায় এবছৰ পূৰ্বে হোটেলখন লীজত লৈছিল। হোটেলখনৰ কোঠাৰ ভিতৰতে দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কি হোৱাৰ পিছতে গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে ঘটনাত ব্যৱহাৰ কৰা এটা পইণ্ট 32 পিষ্টল জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰাথমিকভাৱে সম্পত্তিকেন্দ্ৰিক বিবাদৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আনহাতে, এই ঘটনাৰ মাজতে আনৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰি এজন ফুচকা ব্যৱসায়ীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















