চুমি আখ্যানত শেহতীয়াভাৱে নাম সাঙোৰ খাইছিল অভিনেতা যতীন বৰাৰো৷ বহুতেই দাবী কৰিছিল যে চুমিৰ সৈতে যতীন বৰাৰো লেনদেনৰ বিশেষ সম্পৰ্ক আছে৷ এই অভিযোগ নস্যাৎ কৰি যতীন বৰাই দিছে বিশেষ ফেছবুক প’ষ্ট৷ যতীন বৰাই সামাজিক মাধ্যমত লিখিছে এইদৰে-

স্পষ্টীকৰণঃ

নমস্কাৰ, শেহতীয়াভাৱে ট্ৰেডিং বিতৰ্কত যতীন বৰা অৰ্থাৎ মোক তথা মোৰ দ্বাৰা পৰিচালিত আৰু আমাৰ প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত 'ৰাঘৱ' চিনেমাখনক সাঙুৰি বিভিন্ন কথা প্ৰচাৰ কৰি থকা মোৰ দৃষ্টিগোচৰ হৈছে। এইখিনিতে কেইটামান কথা স্পষ্ট কৰি দিওঁ।

চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰী। ডিব্ৰুগড়ৰ এখন বিহু অনুষ্ঠানত মই সপত্নীক চুমি বৰাক এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰথম দেখা পাইছিলোঁ। সেই সময়ত আমাৰ চিনেমা 'ৰাঘৱ'ৰ কাৰণে নতুন মুখ বিচাৰি আছিলোঁ আৰু সেইবাবেই চুমি বৰাক নিৰ্দিষ্ট সেই চৰিত্ৰটোৰ কাৰণে পৰ্যাপ্ত পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেওঁ অভিনয়ৰ বাবত নিজৰ পাৰিশ্ৰমিক লাভ কৰিছিল। বিশাল ফুকনক শ্বুটিঙৰ সময়ত চুমি বৰাৰ ভায়েক হিচাপেই দেখিছিলোঁ। সিমানেই। তাৰ বাহিৰে 'ৰাঘৱ'ত কোনো বিশাল ফুকন, চুমি বৰাৰ ধন বিনিয়োগৰ প্ৰশ্নয়ে নাহে।

'ৰাঘৱ' নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনাৰ সকলো নথি-পত্ৰ মোৰ হাতত মজুত আছে। প্ৰয়োজনত সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাব পাৰিম। যিহেতু চুমি বৰাই চিনেমাখনত অভিনয় কৰিছিল আৰু প্ৰচাৰৰ সময়তো তেওঁ আমাৰ সৈতে অসমৰ বিভিন্ন স্থানলৈ গৈছিল। সেই সূত্ৰেই তেওঁ তেওঁৰ বিয়ালৈ আমাক নিমন্ত্ৰণ দিছিল আৰু আমি গৈছিলোঁ।তাতকৈ অধিক একো সম্পৰ্কয়ে নাই। কাৰোবাৰ বিয়া খাবলৈ যোৱা বা আন অনুষ্ঠানলৈ যোৱা মানেই তেওঁৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো নুবুজায়। একাংশ সংবাদ মাধ্যমে যিদৰে ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু 'ৰাঘৱ'ত তেওঁলোকে ধন বিনিয়োগ কৰা বুলি উল্লেখ কৰিছে, সেয়া গোকাট মিছা কথা।আজি অতবছৰে অভিনয়ৰ ক্ষেত্ৰত কষ্ট কৰি আছোঁ আৰু এতিয়াও ভ্ৰাম্যমাণ থিয়েটাৰত কষ্ট কৰিয়েই আছোঁ। ৰাইজৰ মৰমো পাইছোঁ। কিন্তু এনেকৈ বাৰে বাৰে মোৰ নামটো ব্যৱহাৰ কৰা দেখি মই মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ। এইক্ষেত্ৰত কোনো ধৰণে মোক সাঙুৰি মোক অশান্তি নিদিবলৈ সকলো পক্ষকে আহ্বান জনালোঁ । লগতে কোনো সংবাদ মাধ্যমেও এইক্ষেত্ৰত মোৰ মন্তব্য লোৱাৰ বাবে মোৰ সৈতে যোগাযোগ নকৰিবলৈ অনুৰোধ জনালোঁ। যিটো বিষয়ত মই কোনো প্ৰকাৰে জৰিতয়ে নহয় সেইটো বিষয়ত বাগাৰম্বড় কৰাত আগ্ৰহীও নহয়। গতিকে মোক শান্তিত অভিনয় কৰি অসমৰ ৰাইজে মোৰ পৰা বিচৰাখিনি আগবঢ়াই দিবলৈ মোক সুস্থিৰভাৱে আৰু সুন্দৰভাৱে কাম কৰিবলৈ দিয়ক। ধন্যবাদ।