ধিঙত এটা মাহতেই দ্বিতীয়টো কুকাণ্ড, পুনৰ আন এগৰাকী নাবালিকা দুই যুৱকৰ কামনাৰ বলি
আগষ্ট মাহৰ ২২ তাৰিখে ধিঙত টিউচনৰ পৰা উভতি অহা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক সন্ধিয়াৰ অন্ধকাৰৰ সুযোগ লৈ পথতে দলবদ্ধ ধৰ্ষণ কৰিছিল দুই পাষণ্ডই। সেই ঘটনাৰ এটা মাহ সম্পূৰ্ণ নহওতেই পুনৰ ধিঙত দলবদ্ধ ধৰ্ষণৰ ঘটনা।
যুই পাষণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। দুই নৰপিশাচৰ বলি হোৱা নাবালিকাক বৰ্তমানে নগাঁও চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।
ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই দুই ধৰ্ষণকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। পলাতক দুই ধৰ্ষণকাৰী ক্ৰমে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন।
উল্লেখ্য যে, এগৰাকী নাবালিকা আৰু কণমানি ভাতৃয়ে বৃদ্ধা আইতাকক নদীৰ ঘাটত আগুৱাই দিবলৈ আহি ঘৰলৈ ওভতি গৈ থকা অৱস্থাত ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন নামৰ দুই পাষণ্ডই এখন মটৰ চাইকেলত বলপূৰ্বক ভাবে উঠাই লৈ যায় নাবালিকা গৰাকীক।
মুখত সোপা দি ধিঙৰ লাটিয়ামাৰী চৰৰ এডৰা জাৰণিৰ মাজত নি দুই পাষণ্ড ফুজাইল আৰু ইছৰাফিলে সংঘটিত কৰে এই জঘন্য ধৰ্ষণ কাণ্ড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ