এগৰাকী হিন্দু মহিলাক শেষ বিদায় দি শোকত ভাগি পৰিছে এটা মুছলমান পৰিয়াল। পুত্ৰৰ দৰেই ৰচিদ আলিয়ে মুখাগ্নি কৰিলে হিন্দু মহিলাগৰাকীৰ। এক শোকাকূল পৰিৱেশে ছানি ধৰিছে ৰচিদ আলিৰ পৰিয়ালত। লখিমপুৰৰ ৰছিদ আলীৰ ঘৰত জ্বলা নাই চৌকা।
২২ বছৰ পূৰ্বে পৰিচয়বিহীন এগৰাকী অঘৰী হিন্দু মহিলাক পদপথৰ পৰা নিজৰ ঘৰত আশ্ৰয় দিছিল লখিমপুৰৰ এটা মুছলমান পৰিয়ালে। লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মহিলা গৰাকীক নিজৰ মাতৃৰ দৰে কৰি আহিছিল সেৱা-শুশ্ৰূষা। কিন্তু হঠাৎ মহিলা গৰাকীয়ে কালি শেষ নিশ্বাস ত্যাগ কৰে। মাতৃক হেৰুৱাই শোকত ভাগি পৰে ৰছিদ আলিৰ পৰিয়াল।
ৰছিদ আলীয়ে দুই এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লালুক শ্মাশানলৈ নি অন্তিম সৎকাৰ কৰে মহিলা গৰাকীক। ৰছিদ আলীয়ে পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলাগৰাকীৰ। লালুক জামে মছজিদৰ ইমামেও শ্মাশানলৈ গৈ সহযোগ কৰে অন্তিম সৎকাৰত। তথাপিও এইগৰাকী ৰছিদ আলীৰ থাকি গ’ল আক্ষেপ৷ অন্তিম সৎকাৰৰ সময়ত লালুকৰ হিন্দু সমাজে নকৰিলে বিশেষ সহযোগ। মুষ্ঠিমেয় দুই তিনিজনমান হিন্দু বন্ধুৰ সহযোগত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিলে সৎকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ